ETV Bharat / state

মণ্ডপে মণ্ডপে পূজা উপভোগ মুখ্যমন্ত্ৰীৰ; বিসৰ্জনস্থলী পৰিষ্কাৰ কৰাৰ আহ্বান ৰাইজক

Durga Puja 2024: ৪ দিনত ৬০ খনৰো অধিক পূজাস্থলী দৰ্শন মুখ্যমন্ত্রী ড৹ শৰ্মাৰ ৷ বিজয়া দশমীৰ বাবে ৰাইজলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 8:26 AM IST

Himanta Biswa Sarma
বিসৰ্জনস্থলী পৰিষ্কাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ (ETV Bharat)

গুৱাহাটী,১৩ অক্টোবৰ : পূজা লাগিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । ষষ্ঠীৰ পৰাই মুখ্যমন্ত্রীয়ে আৰম্ভ কৰিছে পূজা চোৱা পৰ্ব । ৪ দিনত মুখ্যমন্ত্রীয়ে ৬০ খনৰো অধিক পূজাস্থলী দৰ্শন কৰিছে । এখনৰ পাচত আনখনকৈ পূজা মণ্ডপত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে আশীৰ্বাদ লৈছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ । শনিবাৰেও মুখ্যমন্ত্রীয়ে গুৱাহাটী মহানগৰীত ৯ খনকৈ পূজাস্থলী দৰ্শন কৰে ।

দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনটোত সাৰ্বজনীন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰীদুৰ্গা পূজা, ৰাধা-কৃষ্ণ আৱাসিক চৌহদত আয়োজন কৰা সাৰ্বজনীন দুৰ্গা পূজা আৰু গকুল নিৱাস হাউছিং সাৰ্বজনীন দুৰ্গা পূজাৰ উপৰিও কেইবাখনো পূজাস্থলীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মা দুৰ্গাৰ আশিস গ্ৰহণ কৰে ।

মুখ্যমন্ত্ৰীৰ আহ্বান

পূজা উপভোগ কৰি মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "মই অসমবাসী ৰাইজক বিজয়া দশমী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ উৎসৱৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো । বিগত দিনকেইটাত একেবাৰে মাজনিশালৈ অসমৰ ৰাইজে দুৰ্গা পূজা উৎসৱ পালন কৰিলে । আনহাতে আজিৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ উৎসৱ দুদিনীয়াকৈ পালন কৰা হৈছে । এটা উৎসৱমুখৰ পৰিৱেশ । এটাই মাথো অনুৰোধ যাতে বিজয়া দশমীৰ বিসৰ্জন ভালদৰে হয় । বিসৰ্জনস্থলীসমূহ যাতে বিসৰ্জনৰ পাছত সুন্দৰকৈ চাফ-চিকুণকৈ ৰাখো । আনহাতে আমাৰ যি মিলা-প্ৰীতি সেইটো অক্ষুণ্ণ ৰাখো ।"

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠীৰ পৰা বিগত দিনকেইটাত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ উপৰিও কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং জিলাৰ পূজাথলী দৰ্শন কৰিছে ।

লগতে পঢ়ক :আজি কেৱল পূজা, আজি মই 'পলিটিকেল' কথা কোৱা নাই : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.