ETV Bharat / state

দুই-তিনিমাহৰ ভিতৰত আৰম্ভ হ'ব কামাখ্যা কৰিড'ৰৰ নিৰ্মাণকাৰ্য : কামাখ্যা দৰ্শন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য - Kamakhya temple

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 2:54 PM IST

Assam CM on Kamakhya Access Corridor : আই আই টি গুৱাহাটীৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি শীঘ্ৰেই আৰম্ভ হ'ব স্থবিৰ বৈ থকা কামাখ্যা কৰিড'ৰ নিৰ্মাণৰ কাম ৷ সপৰিয়ালে শুকুৰবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

Assam CM Kamakhya Visit
কামাখ্যাত মাৰ আশীৰ্বাদ গ্ৰহণ পত্নীৰ সৈতে মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুন : সোনকালেই আৰম্ভ হ’ব স্থবিৰ হৈ থকা কামাখ্যা কৰিড'ৰ নিৰ্মাণৰ কাম ৷ আই আই টি গুৱাহাটীৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি আৰম্ভ হ'ব কামাখ্যা কৰিড'ৰ নিৰ্মাণৰ কাম ৷ এই কথা আজি সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰোপৰি প্ৰকল্পৰ দ্বাৰা কামাখ্যা মন্দিৰ পৰিসৰ তথা নীলাচল পাহাৰৰ বাসিন্দাসকলৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি নহ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ আশ্বাস প্ৰদান ৷

মুখ্যমন্ত্ৰীৰ কামাখ্যা দৰ্শন (ETV Bharat Assam)

অম্বুবাচীৰ নিবৃত্তিৰ পাচত শুকুৰবাৰে সপৰিয়ালে কামাখ্যা মন্দিৰ দৰ্শন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । পত্নীসহ কামাখ্যাত উপস্থিত হৈ মাৰ আশিস গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ অসমবাসীৰ মংগল কামনাৰে পূৰ্জা-অৰ্চনা কৰে ।

আনহাতে, মন্দিৰ দৰ্শন কৰি কামাখ্যাত নিৰ্মাণ হ’বলগা কামাখ্যা কৰিড'ৰ সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, "নিবিদাৰ পিচত কৰিড'ৰ নিৰ্মাণৰ কামৰ দায়িত্ব লাৰ্চেন এণ্ড টাৰ্ব' কোম্পানীয়ে লাভ কৰিছে । তেওঁলোকে ইতিমধ্যে ইয়াৰ ড্ৰয়িং আই আই টি গুৱাহাটীক অৰ্পণ কৰিছে । আই আই টি গুৱাহাটীয়ে তাত অনুমোদন জনোৱাৰ পিচত মই ভাবোঁ আৰু দুই-তিনিমাহৰ ভিতৰত আমি ইয়াত কাম আৰম্ভ কৰিব পাৰিম ।"

উল্লেখ্য যে কামাখ্যা কৰিড'ৰ নিৰ্মাণৰ ক্ষেত্ৰত কিছু জটিলতাই দেখা দিয়াত ইয়াৰ ড্ৰয়িং অধ্যয়নৰ বাবে গুৱাহাটী আই আই টিক দায়িত্ব প্ৰদান কৰা হৈছে । মুখ্যমন্ত্ৰীৰ মতে, আই আই টি গুৱাহাটীয়ে ইয়াত অনুমোদন জনাব আৰু এই অনুমোদন লাভৰ পাচতেই কৰিড'ৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব ।

আনহাতে, কৰিড'ৰ নিৰ্মাণৰ বাবে কামাখ্যাৰ পথ আৰু চৌহদৰ দোকানসমূহ উচ্ছেদ কৰাৰ প্ৰয়োজন হ'ব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে যিবোৰ দোকান ভাঙিবলগা হ'ব সেইবোৰ পুনৰ কৰিড'ৰৰ ভিতৰত নিৰ্মাণ কৰি দিয়া হ'ব । ইয়াৰ উপৰি ৫-৬ টামান ঘৰ‌ ভাঙিবলগা হ'ব আৰু সেই ঘৰবোৰ অন্য স্থানত নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে লগতে জনায় ।

ইফালে অম্বুবাচী মেলা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য় আগবঢ়ায় । তেওঁ কয়, "অম্বুবাচী মেলালৈ ভক্ত অহাৰ যি এটা পৰম্পৰা গঢ় লৈ উঠিছে, সেয়া পূৰ্বতে নাছিল । অম্বুবাচীলৈ যিসকল আহে তেওঁলোকে ইয়াত ধ্যান কৰে । কিন্তু যিমানে মেলা সন্দৰ্ভত প্ৰচাৰ হৈছে, সিমানে মেলালৈ অহাৰ উৎসুকতা মানুহৰ মাজত বৃদ্ধি পাইছে ।" মুখ্যমন্ত্ৰীয়ে লগতে অম্বুবাচীত হোৱা অত্যন্ত ভিৰ সন্দৰ্ভত কয়, "পাহাৰখনতো পাহাৰেই, ইমান মানুহৰ ভৰ আচলতে পাহাৰখনে ল'ব নোৱাৰে ।"

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে অম্বুবাচী সন্দৰ্ভত সংবাদ মাধ্যমৰ ভূমিকাক সমালোচনা কৰে । তেওঁ কয়, "অম্বুবাচীত কামাখ্যাত পূজা-অৰ্চনাৰ বিপৰীতে সংবাদ মাধ্যমে সাধু-সন্যাসীসকলকহে বেছিকৈ দেখুৱায় । অম্বুবাচীৰ সময়ত ভক্তৰ ভিৰৰ বাবে অলপ অসুবিধা হয় । তথাপিও আমি ৪ হাজাৰ মানুহ থাকিব পৰাকৈ মন্দিৰৰ পৰা তলত ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰি আছোঁ ।"

কামাখ্যা মন্দিৰ কৰিড'ৰ কি

উল্লেখ্য যে কামাখ্যা মন্দিৰ একচেছ কৰিড'ৰ হৈছে ৪০২ কোটি টকাৰে প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব উন্নয়ন পদক্ষেপ আঁচনিৰ অধীনত (Prime Minister's Development Initiative for North Eastern Region, PM-DevINE) নিৰ্মাণ হ'বলগীয়া এটা প্ৰকল্প । ঘোষিত প্ৰকল্পৰ অধীনত কামাখ্যা মন্দিৰ আৰু ইয়াৰ চৌহদক আধুনিক ৰূপ দিব বিচৰা হৈছে । এই প্ৰকল্প ৰূপায়ণৰ বাবে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগক (গৃহ আৰু ঘাইপথ) কনছেপ্ট প্লেনিঙৰ দায়িত্ব দিয়া হৈছিল । কামাখ্যা মন্দিৰ একচেছ কৰিড'ৰ (Maa Kamakhya Divya Pariyojana or Maa Kamakhya Access Corridor) প্ৰকল্পত উল্লেখ থকা মতে, এই আঁচনি অনুসৰি কামাখ্যা মন্দিৰৰ সমীপতে নিৰ্মাণ কৰা হ'ব বহুকেইটা কেইবা মহলীয়া ভৱন ।

তাৰে ভিতৰত থাকিব ক্লক ৰূম, টিকট কাউণ্টাৰ, ইনফৰমেশ্যন চেণ্টাৰ, ছ'ভেনিয়াৰ শ্বপ আদি । আনহাতে, মাল্টি ইউটিলিটি ব্লকত ভিভিআইপিৰ বাবে প্ৰৱেশৰ পথ, ন্যাসৰ কাৰ্যালয়, ভোজনালয় আৰু পাকঘৰ, ৰেষ্টোৰা, পুথিভঁৰাল, ভিভিআইপি লঞ্চ, ভিভিআইপি ছাৰ্ভিচ অন টেৰেজ থাকিব । তীৰ্থযাত্ৰী থকাৰ ব্যৱস্থা (১৪ হাজাৰ যাত্ৰী থাকিব পৰা ৩ টা মহলা) আদি, প্ৰসাদ ব্লকত দোকান, ছাৰ্ভিচ ব্লকত নিৰাপত্তাৰক্ষী আৰু স্বেচ্ছাসেৱকৰ বাবে ব্যৱস্থা থাকিব । কামাখ্যা মন্দিৰ আৰু তাৰ সমীপৰ মন্দিৰবোৰৰ আশেপাশে নিৰ্মাণ কৰা হ'ব এই ভৱনসমূহ ।

উল্লেখ্য যে এই প্ৰকল্প ৰূপায়ণৰ বাবে আহ্বান কৰা নিবিদাত উল্লেখ কৰা মতে, এই ভৱনসমূহ হ'ব বেছমেণ্টসহ চাৰিমহলীয়া অট্টালিকা । ভৱনসমূহ নিৰ্মাণৰ বাবে সেয়েহে ভূগৰ্ভৰ বহু তললৈ মন্দিৰ চৌহদৰ ভিতৰে-বাহিৰে নিৰ্মাণকাৰী সংস্থাই খান্দিব লাগিব । লোক নিৰ্মাণ বিভাগে ২০২৩ চনৰ ২৮ নৱেম্বৰত এই সম্পৰ্কীয় নিবিদাৰ জাননী জাৰি কৰিছিল ।

কামাখ্যা কৰিড'ৰ সন্দৰ্ভত ন্যায়ালয়ৰ শেহতীয়া শুনানি

আনহাতে, কামাখ্যা কৰিড'ৰ নিৰ্মাণক লৈ বিতৰ্কৰো সৃষ্টি হৈছে । এই বিষয়টো ইতিমধ্যে আদালতৰ মজিয়া পাইছেগৈ । বিগত ১৯ জুনত কামাখ্যা মন্দিৰ কৰিড'ৰ গোচৰৰ শুনানিত চৰকাৰী পক্ষই আই আই টিৰ বিশেষজ্ঞৰ প্ৰতিবেদন নোপোৱা পৰ্যন্ত কামাখ্যা মন্দিৰ কৰিড'ৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰাৰ শপতনামা দাখিল কৰে ।

উল্লেখ্য যে কামাখ্যা কৰিড'ৰ নিৰ্মাণক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল দুখনকৈ লেখ আবেদন আৰু ৰাজহুৱা স্বাৰ্থজনিত আবেদন । গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত দাখিল কৰা লেখ আবেদনখনৰ নম্বৰ- WPC(C)2700/2024 ।

কামাখ্যা মন্দিৰৰ এগৰাকী দলৈ নৱজ্যোতি শৰ্মাই দাখিল কৰা এই লেখ আবেদনত প্ৰস্তাৱিত কৰিড'ৰ নিৰ্মাণৰ ফলত কামাখ্যা মন্দিৰৰ প্ৰতি ভৱিষ্যতে আহিবলগা ভাবুকিৰ বহু দিশ উনুকিয়াই দিয়া হৈছে । আনহাতে, নীলাচল পাহাৰৰ হাইড্ৰ'লজিকেল আৰু জিঅ'লজিকেল অধ্যয়নৰ অবিহনেই এই প্ৰকল্প ৰূপায়ণ কৰিবলৈ লোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে কামাখ্যা মন্দিৰৰ সৈতে জড়িত দেউৰী সমাজে ।

কিয়নো এই প্ৰকল্প অনুসৰি কামাখ্যা মন্দিৰত নিৰ্মাণকাৰ্য চলিলে ইয়াৰ ভূ-তাত্ত্বিক পৰিৱেশত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে । শেহতীয়া শুনানিত আদালতে অসম চৰকাৰৰ মুখ্য সচিবৰ দায়িত্বত থকা ৰবি কোটাই আদালতত এখন শপতনামাযোগে আই আই টি গুৱাহাটীক এই সন্দৰ্ভত অধ্যয়ন কৰিবলৈ দিয়া হৈছে বুলি উল্লেখ কৰে । আই আই আই টিয়ে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে এই কৰিড'ৰৰ কাম আৰম্ভ কৰিব বুলিও শপতনামাত উল্লেখ কৰিছে ।

লগতে পঢ়ক :

কামাখ্যা কৰিড'ৰ নিৰ্মাণত আদালতৰ স্থগিতাদেশ : আই আই টিৰ প্ৰতিবেদনে নিৰ্ণয় কৰিব কামাখ্যা কৰিড'ৰৰ ভৱিষ্যৎ - Gauhati HC on Kamakhya Corridor

কামাখ্যা মন্দিৰ একচেছ কৰিড’ৰ নিৰ্মাণত সহযোগ নকৰে জূনা আখাৰাৰ সাধুসকলে - MAA KAMAKHYA ACCESS CORRIDOR

কামাখ্যা ক'ৰিডৰৰ নামত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব বিচৰা যেন লাগিছে : আৰ পি শৰ্মাৰ অভিযোগ - Kamakhya Corridor Project

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.