ETV Bharat / state

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বানৰ ক্ষয়-ক্ষতি অৱগত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - HBS will meet PM Modi - HBS WILL MEET PM MODI

HIMANTA BISWA SECURITY EXPENSES : নতুন দিল্লীত আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোদীক ৷ প্ৰধানমন্ত্ৰীৰ আগত ড৹ শৰ্মাই ব্যাখ্যা কৰিব ৰাজ্যৰ বানৰ ক্ষয়-ক্ষতিৰ পৰিমাণ ৷

HIMANTA BISWA SECURITY EXPENSES
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma Twitter)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 9:58 AM IST

গুৱাহাটী, ২২ জুলাই : আজি (সোমবাৰ) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজিৰে পৰা ৩ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে নতুন দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

কালি (দেওবাৰ) নিশা নতুন দিল্লীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে সোমবাৰে দিনৰ ১১ বজাত তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব ৷ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নৰেন্দ্ৰ মোদীক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিব ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নিশা সামাজিক মাধ্যমযোগে জনায় যে অসমৰ আন আন সাম্প্ৰতিক পৰিস্থিতিৰ লগতে শেহতীয়া বান পৰিস্থিতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাবলৈ তেওঁ চেষ্টা কৰিব ৷ মুখ্যমন্ত্ৰীক সংগ প্ৰদান কৰিব ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই ৷

প্ৰধানমন্ত্ৰীৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহকো । আন আন বিষয়ৰ লগতে NRC প্ৰসংগতো গৃহমন্ত্ৰীৰে আলোচনা কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ উপৰিও আন আন বিভাগৰ ভালেকেইজন মন্ত্ৰীক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : যুৱসকলে কয়- ‘‘আমাক সংস্থাপন দিয়ক’’, মুখ্যমন্ত্ৰীয়ে কয়- ‘‘হিন্দু-মুছলমান’’ - Assam CM On Muslim Population

জাগীৰোডত স্থাপিত হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি আলোচনাত ভাগ লোৱাৰ লগতে আৰু নামৰূপ সাৰ প্ৰকল্পৰ বিষয়ে বিভাগীয় মন্ত্ৰী জে পি নাড্ডাকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই ৷

আনহাতে, বিতৰ্কৰ আৱৰ্তত সোমাই পৰা অসমৰ মুখ্যমন্ত্ৰীৰ ঝাৰখণ্ডৰ ৰাজনৈতিক ভ্ৰমণৰ নিৰাপত্তাৰ ব্যয় প্ৰসংগতো বিৰোধীক উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা ব্যয়ক লৈ প্ৰশ্ন উত্থাপন হৈছিল ৷ তেতিয়া অসম চৰকাৰৰে এই নিৰাপত্তা ব্যয় বহন কৰিব বুলি অসম আৰক্ষীয়ে ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছেল । এই প্ৰসংগত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক সাঙুৰি কংগ্ৰেছক হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিয়ে ।

অসমত নিৰাপত্তাৰ ৰাহুল গান্ধীৰ বাবে ৰাজ্য চৰকাৰে কৰা নিৰাপত্তা ব্যয় কংগ্ৰেছৰ ৰাজীৱ ভৱনলৈ পঠিয়াই দিয়াটো উচিত হ’ব নে বুলিও কংগ্ৰেছলৈ প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা ব্যয় : এ ডি জি পি হীৰেন নাথৰ পত্ৰই জোকাৰিছে ৰাজনীতি - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.