ETV Bharat / state

জোনাইত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 9:45 AM IST

Distributing land pattas: চিমেন চাপৰিত জোনাই সমষ্টিৰ ১৩,৩৪৭ টা পৰিয়ালক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

assam cm himanta biswa sarma distributes land pattas at jonai simen chapori
খিলঞ্জীয়াক পট্টা প্ৰদান‌
মুখ্যমন্ত্ৰীৰ ভাষ্য

জোনাই, 23 ফেব্ৰুৱাৰী : প্ৰবল বৰষুণকো নেওচি হিলদল ভাঙি বৃহস্পতিবাৰে জোনাই সমষ্টিৰ সাধাৰণ ৰাইজ উপস্থিত হয় চিমেন চাপৰি এছ বি বড়ো হাইস্কুল খেলপথাৰত ৷ ইয়াতে খিলঞ্জীয়া ভূমিপুত্ৰসকলক মিছন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি পট্টা প্ৰদান অনুষ্ঠানৰ বিশাল আয়োজন কৰা হয় ৷

বৃহস্পতিবাৰে ভূমি পট্টা প্ৰদান অনুষ্ঠানৰ শুভ উদ্বোধন কৰি ১৩,৩৪৭ টা পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে অসমৰ ভিতৰত ধেমাজি জিলাত সৰ্বাধিক পট্টা লাভ কৰিব সক্ষম হৈছে খিলঞ্জীয়া ৰাইজে ৷ তেওঁ লগতে কয় যে খিলঞ্জীয়াক পট্টা প্ৰদান‌ৰ লগতে জনজাতীয় লোকক বংশানুক্ৰমে ৬০ বিঘা লৈকে পট্টা দিয়া হ’ব ।

মিছন বসুন্ধৰাত ধেমাজি সমষ্টি আৰু জোনাই সমষ্টিৰ ১৩ হাজাৰো অধিক পৰিয়ালে পট্টা লাভ কৰিছে । এতিয়া পুনৰ মিছন বসুন্ধৰা ৩ আৰম্ভ হ’ব ।‌ গতিকে ট্ৰাইবেল বেল্ট আৰু ব্লকত সকলোৱে পট্টা লাভ কৰিব । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ধেমাজি জিলাৰ ৩৮ হাজাৰ লোকে পট্টা একেদিনাই লাভ কৰিছে ।

অসমৰ গোৰ্খা, চাহ জনগোষ্ঠীৰ লোক, অনুসূচিত জনজাতিৰ লোক, মৰাণ, মটক, কোঁচ লোকে পোনপটীয়াকৈ তিনিটা প্ৰজন্মৰ নথি নিদিয়াকৈ পট্টা লাভ কৰিব । ইয়াৰ উপৰিও বসুন্ধৰা ৩ ত ৰাজমালী পট্টা ভাগ কৰি দিয়াৰ কথাও তেওঁ কয় । অৰুণোদয় আঁচনিত ২৭ লাখৰ পৰা ৩০ লাখ লোক অন্তৰ্ভুক্ত হোৱাৰ লগতে ডেৰ বছৰত ৪২ লাখ ৰেছন কাৰ্ড দিয়া হ’ল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

তেওঁ লগতে কয় যে অবিভক্ত জোনাই সমষ্টিৰ ২৭ হাজাৰ লোকে পট্টা লাভ কৰিব আৰু ৩৫ হাজাৰ নতুন চাকৰি দিয়া হ’ব ৷ ৰেছন কাৰ্ড থকা পৰিয়ালসমূহে অৰুণোদয় আঁচনি লাভ কৰিব । ৩, ৪, ৫ মাৰ্চত লাখপটি বাইদেউ ফৰ্ম জমা ল’ব, মেট্ৰিক পাছ কৰা ছোৱালীক দহ হাজাৰ টকা, ডিগ্ৰী পঢ়িলে ১২৫০০ টকা আৰু বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিলে ১৫ হাজাৰ টকা একাউণ্টত দিয়া হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

পুনৰ অহা ২৬ ফেব্ৰুৱাৰীত নতুনকৈ গঠিত হোৱা সংৰক্ষণ মুক্ত চিচিবৰগাঁও সমষ্টিৰ মিছন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি পট্টা বিতৰণ কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ভূমিহীন খিলঞ্জীয়া লোকসকলক ভূমি পট্টাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰৰে পৰা আৰম্ভ কৰা হৈছে মিছন বসুন্ধৰা ২.০ ৰ ভূমি পট্টাৰ প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান ৷

জোনাই সমষ্টিৰ চিমেন চাপৰিস্থিত সতীশ বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত ২.০ ভূমি পট্টা বিতৰণ কৰ্যসূচীত ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে শুভাৰম্ভণি ভাষণ আগবঢ়ায় ৷ এই সভাত জোনাইৰ বিধায়ক ভূৱন পেগু, লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বক্তব্য প্ৰদান কৰে ৷

লগতে উপস্থিত থাকে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাংহা, সমাজকৰ্মী ৰূপা কামান, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী নৰেশ কুম্বাঙৰ লগতে সহস্ৰাধিক ৰাইজ ৷

লগতে পঢ়ক : মিছন বসুন্ধৰা ২.০ ৰ অধীনত ধেমাজিবাসীয়ে লাভ কৰিলে ভূমিৰ অধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.