ETV Bharat / state

২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে জাগীৰোডত হ'ব ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি : ৰাজ্যিক কেবিনেট

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 7:52 AM IST

Semiconductor Industry in Jagiroad : জাগীৰোডত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব ৷ য'ত বিনিয়োগ হ'ব ২৭ হাজাৰ কোটি টকা । ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । মন্ত্রী জয়ন্ত মল্লবৰুৱাই সংবাদমেলযোগে সদৰী কৰে এই কথা ।

Jayant Mallbaruah press meet
মন্ত্রী জয়ন্ত মল্লবৰুৱা

মন্ত্রী জয়ন্ত মল্লবৰুৱা

গুৱাহাটী, ১১ মাৰ্চ : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দেওবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উক্ত বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি বৰাক উপত্যকাৰ কিৰণশ্বেখ সম্প্ৰদায়ৰ বাবে কিৰণশ্বেখ উন্নয়ন পৰিষদ গঠন কৰা হ'ব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি জাগীৰোডত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব আৰু য'ত বিনিয়োগ হ'ব ২৭ হাজাৰ কোটি টকা । অহা ১৩ ম‍াৰ্চত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি ইয়াৰ আধাৰশিলা স্থাপন কৰিব ।

অসম চৰকাৰে আসাম ছেমিকণ্ডাক্টৰ পলিচি-২০২৩ৰ যোগেদি টাটা ইণ্ডাষ্ট্ৰিক সকলো সা-সুবিধা দিয়াৰ বাবে কেবিনেটে সিদ্ধান্ত লয়। এই উদ্যোগৰ যোগেদি অসমৰ ক্ষেত্রত নিয়োগ সৃষ্টি হ'ব বুলি তেওঁ কয় । এই ছেমিকণ্ডাক্টৰ ফেক্টৰীৰ বাবে টাটা গ্ৰুপে বিনিয়োগ কৰিব ২৭ হাজাৰ কোটি টকা ।

আনহাতে, কেবিনেটে মণিপুৰীৰ মেইটেই স্ক্ৰিপ্ট পাঠ্যপুথিৰ যোগেদি প্ৰাথমিক শিক্ষা ব্যৱস্থাত সংযুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । যোৰহাট নগৰ পানী যোগান আঁচনিৰ যোগেদি ২৪ ঘণ্টাই পানী যোগান ধৰাৰ বাবে কেবিনেটে ১৯১.৯৪ কোটি টকাৰ প্ৰশাসনিক অনুমোদন জনায় ।

লগতে কেবিনেটে দ্য় ড্ৰাফট আসাম ষ্টেট প্ৰচিকিউচন ছাৰ্ভিচ এমেনমেণ্ট ৰুলছ ২০২৪ ৰো অনুমোদন জনায় । ইপিনে, কৰিমগঞ্জ মেডিকেল কলেজৰ বাবে কেবিনেটে ৬৭৪.৮১ কোটি টকাৰ প্ৰশাসনিক অনুমোদন জনায় । সেইদৰে শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ১৩১.৭১ কোটি টকাৰ প্ৰশাসনিক অনুমোদন কেবিনেটে জনায় ৷

তদুপৰি কামৰূপৰ আমিনগাঁও ক্ৰীড়া প্ৰকল্পত এখন মুকলি ষ্টেডিয়ামৰ বাবে কেবিনেটেচ ৩৮০.৬৬ কোটি টকাৰ প্ৰশাসনিক অনুমোদন জনোৱা হয় । আনহাতে, ১ লাখ ১২ হাজাৰ ২০৬ গৰাকী লোকৰ ঘৰত বিদ্যুৎ সংযোগ দিয়াৰ বাবে শক্তি বিভাগক অসম চৰকাৰৰ শ্বেয়াৰৰ ২০৪.৬৩ কোটি টকা কেবিনেটে অনুমোদন জনায় ।

কেবিনেটত লাহৰিঘাটত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ কামো অতি সোনকালে আৰম্ভ কৰাৰ ক্ষেত্রত প্ৰয়োজনীয় অনুমোদন জনোৱা বুলি কয় মন্ত্রী জয়ন্ত মল্লবৰুৱাই ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য : বড়োভূমিৰ 12 পৰিয়াললৈ 5 লাখকৈ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.