ETV Bharat / state

নাম সলনি হ’ব আৰু এটা বিমান বন্দৰৰ : কেবিনেটে জনালে অনুমোদন - Assam cabinet

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 8:42 PM IST

Assam cabinet meeting decisions : ৰূপসী বিমান বন্দৰৰ নাম সলনিৰ প্ৰস্তাৱ কেবিনেটৰ ৷ গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ বাবে অতিৰিক্ত পুঁজি ৷ আৰু কি কি সিদ্ধান্ত লোৱা হ’ল কেবিনেটত ?

ASSAM CABINET
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ৩১ জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । সংবাদমেলত মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত, অশোক সিংহল, ইউ জি ব্ৰহ্ম, পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱা উপস্থিত আছিল ৷

কেবিনেটৰ সিদ্ধান্তসমূহ :

বিমান বন্দৰৰ নাম সলনি :

ৰূপসী বিমান বন্দৰৰ নাম গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামেৰে নামাকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনোৱাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে বিধানসভাই অনুমোদন জনোৱাৰ বাবে ইয়াক বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ'ব।

ষষ্ঠ অনুসূচীৰ অঞ্চলৰ বাবে সচিব পদৰ অনুমোদন :

পঞ্চায়তৰ সমকক্ষ ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহত পঞ্চায়তৰ কাম-কাজসমূহ ভি চি ডি চি নাইবা ভি ডি চিয়ে পৰিচালনা কৰে । এই ভি চি ডি চি নাইবা ভি ডি চিৰ সচিব পদটো ইমানদিনে নাছিল । আজিৰ কেবিনেটে ৪৭৪ টা সচিব পদৰ বাবে অনুমোদন জনায়।

গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ বাবে অতিৰিক্ত পুঁজি আৱন্টন :

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মিয়মান দলঙৰ বাবে প্ৰথম অৱস্থাত ধাৰ্য কৰা পুঁজিৰ পৰিমাণ আছিল ২৬০০ কোটি টকা । এই পৰিমাণ ৩০৩০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে । আজিৰ কেবিনেটে এইক্ষেত্ৰত অনুমোদন জনায় । ২০২৫ চনৰ জুনত দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব ৷

দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অৱসৰৰ সময় বৃদ্ধি :

দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অৱসৰৰ সময় দুবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় ৷ এই সন্দৰ্ভত বিধানসভাত বিধেয়ক উত্থাপন কৰা হ’ব ৷

পঞ্জীয়নভুক্ত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৰেচন কাৰ্ড :

প্ৰব্ৰজিত তথা অসংগঠিত শ্ৰমিকৰ ২০২১ চনৰ পৰা ২০২৩ চনলৈ ই-শ্ৰমত পঞ্জীয়নভুক্ত ১২ লাখৰ ৬ লাখে ৰেচন কাৰ্ড লাভ কৰা নাই । এই পঞ্জীয়নভুক্ত শ্ৰমিক সকলক যোগ্যতা অনুসৰি ৰেচন কাৰ্ড দিয়াৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ২০২৩ চনৰ এপ্ৰিলৰ আগত পঞ্জীয়ন কৰাসকলে ৰেচন কাৰ্ড লাভ কৰিব ৷ নতুনকৈ কৰাসকলে লাভ নকৰে ৰেচন কাৰ্ড ।

লগতে পঢ়ক : ৰাস্তা বন্ধ কৰি বেৰিকেড দি জনতাক অসুবিধা নিদিব : জিলা আয়ুক্তসকললৈ আহ্বান মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

লগতে পঢ়ক : থলুৱাৰ নিযুক্তি সুনিশ্চিত কৰিবলৈ প্ৰস্তুত কৰা হ'ব ড'মিচাইল নীতি : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.