ETV Bharat / state

১৯ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা ৩.০: কেবিনেটে জনালে অনুমোদন

Assam cabinet decision: ভূমি সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটত ৷ নগৰ অঞ্চলৰ ৰায়তীসকলক দিয়া হ'ব মাটিৰ পট্টা ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Assam cabinet decision
১৯ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা ৩.০: কেবিনেটে জনালে অনুমোদন (ETV Bharat)

গুৱাহাটী, ৮ অক্টোবৰ : ভূমি সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দিছপুৰৰ লোক সেৱা ভৱনত মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । বৈঠকৰ অন্তত কেবিনেটত লোৱা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই । আজিৰ কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰে । কেবিনেটত বসুন্ধৰা ৩.০ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হয় । কেবিনেটত বসুন্ধৰা ৩.০ক কেন্দ্ৰ কৰি ভূমি সংক্ৰান্তীয় কেইবাটাও সিদ্ধান্ত লোৱা হয় ।

  • অহা ১৯ অক্টোবৰত বসুন্ধৰা ৩.০ শুভাৰম্ভ কৰা হ'ব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বসুন্ধৰা ৩.০ ।
  • বসুন্ধৰা ২.০ত নাকচ হোৱাসকলে বসুন্ধৰা ৩.০ আবেদন কৰিব পাৰিব ।
  • বসুন্ধৰা ৩.০ত ভূমি পট্টনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা দিয়া হৈছে ।
  • বসুন্ধৰা ৩.০ শিক্ষানুষ্ঠান তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠাক দান দিয়া ভূমিৰ পট্টা দিয়া হ'ব ।
  • নগৰ অঞ্চলৰ ৰায়তীসকলক মাটিৰ পট্টা দিয়া হ'ব ।
  • চাহ ম্যাদী হৈ থকা মাটিত পট্টা দিয়া হ'ব । ২০২২ চনৰ পূৰ্বে থকা লোকসকলক এই পট্টা দিয়া হ'ব ।
  • ভূ-দান আৰু গ্ৰাম-দান মাটিৰ ক্ষেত্ৰত পট্টা দিয়া হ'ব ।
  • এতিয়াৰে পৰা মাটিৰ শ্ৰেণী পৰিৱৰ্তনত বাধা নাথাকিব । আগতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন এবাৰ হৈছিল । এতিয়াৰে পৰা যিকোনো ক্লাছৰ ভূমি যিকোনো ক্লাছলৈ নিব পাৰিব । এইক্ষেত্ৰত যথেষ্ট শিথিলতা অনা হৈছে ।
  • বসুন্ধৰা ৩.০ৰ যোগেদি সকলোকে একচনীয়া পট্টাৰ পৰা মুক্ত কৰা হ'ব । একচনীয়া মাটিৰ ম্যাদী পট্টা দিয়া হ'ব । গাঁৱত প্ৰতি বিঘা ভূমিত ৪৫০ টকা আৰু চহৰত ভূমিৰ মূল্যৰ এক শতাংশ প্ৰিমিয়াম দি ম্যাদী পট্টা কৰিব পাৰিব ।
  • ৰাজ্যত ১০৫২ খন গাঁও জৰীপ নোহোৱাকৈ আছে । সেইসমূহ গাঁৱৰ জৰীপ কৰা হ'ব । ইয়াৰে ৮৬১ খন গাঁৱৰ জৰীপ কৰা হৈছে । ৩০ খন গাঁৱৰ চেটেলমেণ্ট হৈছে । বাকীখিনি শীঘ্ৰেই জৰীপ কৰা হ'ব । জৰীপ সম্পূৰ্ণ হ'লে সংশ্লিষ্ট সকলোৱে ভূমিৰ স্বত্ব লাভ কৰিব ।
  • ভূমিৰ ক্ষেত্ৰত পঞ্জীয়ন নকৰি ডিজিটেলী কৰা হ'ব । ইয়াৰ দ্বাৰা নথিখন প্ৰমাণ হিচাপে থাকিব । ডিজিটেল নথিখনেই প্ৰমাণ হিচাপে গণ্য কৰা হ'ব ।
  • ক্ষুদ্ৰ চাহ খেতিয়কক ৭৫ বিঘালৈ মাটি এহাজাৰ টকাকৈ প্ৰিমিয়াম দি চমজাই দিয়াৰ ব্যৱস্থা বাহাল থাকিব । আনহাতে ৰবৰ আৰু কফিৰ খেতি কৰাসকলে বিঘাই প্ৰতি ৫ হাজাৰ টকাৰ প্ৰিমিয়াম দি মাটিৰ স্বত্ব ল'ব পাৰিব ।
  • বসুন্ধৰা ৩.০ত কাৰ্যকৰী হ'ব এই সকলো ব্যাৱস্থা ।

লগতে পঢ়ক: অসমত হ্ৰাস পালে গাঁও পঞ্চায়তৰ সংখ্যা: অনুমোদন কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.