ETV Bharat / state

পল্লৱ নে দিগন্ত ? বিহালীক লৈ বিজেপিত চলিছে অংক - Assam Bypolls 2024

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:15 PM IST

Assam Bypolls 2024: অহা অক্টোবৰ মাহৰ ভিতৰত অসমত বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । বিহালী সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে । বিজেপি দলৰ কেইবাগৰাকী নেতা প্ৰাৰ্থিত্বৰ আশাত আছে । কিন্তু পল্লৱ লোচন দাস, দিগন্ত ঘাটোৱাৰ আৰু জয়ন্ত বৰাৰ মাজত টিকটৰ বাবে যুঁজ হোৱাৰ সম্ভাৱনা আছে ।

Assam Bypolls 2024
পল্লৱ নে দিগন্ত;বিজেপিয়ে কাক দিব টিকট (ETV Bharat)

তেজপুৰ, ২০ জুলাই : সমাগত অসমৰ বিধানসভাৰ উপ-নিৰ্বাচন । অসমত মুঠ ৫ টা বিধানসভা সমষ্টিত অহা অক্টোবৰ মাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । তাৰ ভিতৰত অন্যতম বিহালী সমষ্টি । কিন্তু এই সমষ্টিত কোন ৰাজনৈতিক দলে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব ? কোন হ'ব বিহালীৰ পৰৱৰ্তী বিধায়ক ? তাক লৈ সমষ্টিবাসীৰ মনত জল্পনা-কল্পনা অব্যাহত আছে । ইতিমধ্যে তৎপৰতা বাঢ়িছে শাসক আৰু বিৰোধী দলৰ । উভয়ে নিজৰ নিজৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত থকাৰ সময়তে উপ-নিৰ্বাচনত বিজেপিয়ে আটাইকেইটা সমষ্টিত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সমান্তৰালভাৱে বিৰোধী দল কংগ্ৰেছেও অকলে এই নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ।

বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে শাসকীয় বিজেপি দলৰ ৩ জনকৈ ৰাজনৈতিক নেতাই প্ৰস্তুতি চলাইছে । তাৰ ভিতৰত আছে তেজপুৰ লোকসভাৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস । একেদৰে বিজেপি নেতা দিগন্ত ঘাটোৱাৰ আৰু জয়ন্ত বৰাও এই দৌৰত আছে । পল্লৱ লোচন দাসে এই সমষ্টিত পূৰ্বতে কংগ্ৰেছৰ সময়ত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । পৰৱৰ্তী সময়ত বিজেপি দলত যোগদান কৰাৰ পিচত ৰঙাপৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰে আৰু ২০১৯ চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় ।

অৱশ্যে শেহতীয়া লোকসভা নিৰ্বাচনত তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় । আনহাতে উদীয়মান যুৱ নেতা দিগন্ত ঘাটোৱাৰ বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি তথা এগৰাকী সক্ৰিয় সদস্য হোৱাৰ লগতে প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ । তেওঁ প্ৰথমবাৰৰ বাবে বিহালী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী । আনহাতে জয়ন্ত বৰাই এইবাৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । দিগন্ত ঘাটোৱাৰৰ বিশ্বনাথ জিলাৰ লগতে স্থানীয় লোকৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে ।

আনহাতে বিৰোধী কংগ্ৰেছৰ তৰফৰ পৰা এই মুহূৰ্তলৈ প্ৰাৰ্থীৰ নাম প্ৰচাৰ হোৱা নাই । কংগ্ৰেছ দলে বিজেপিৰ প্ৰাৰ্থিত্ব ঘোষণাৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰিব । কিন্তু এই আসনখন ভাষাৰ দিশৰ পৰা বেছি গুৰুত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে । এইবাৰ আম আদমি পাৰ্টীয়ে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে । কংগ্ৰেছে মিত্ৰদলসমূহৰ লগত নাথাকি অকলে যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে সহযোগী দলসমূহেও প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

বিহালী সমষ্টিত যোৱা ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ তথ্য অনুসৰি ভাষিক জনগোষ্ঠীৰ ভোটাৰ তালিকা মতে মুঠ ১,২৫,৪০৬ গৰাকী ভোটাৰ আছে । ইয়াৰ ভিতৰত অসমীয়া ভোটাৰ ১৯,১৬৫ গৰাকী, চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ভোটাৰ ৫৬,৩৯২ গৰাকী, গোর্খা ভোটাৰ ২৪,০৮৭ গৰাকী, বাঙালী ভোটাৰ ৯,৫৭৩ গৰাকী, বড়ো ভোটাৰ ৪,৯২৬ গৰাকী, কাৰ্বি ভোটাৰ ৫,৬৫৪ গৰাকী, হিন্দীভাষী ভোটাৰ ৫,৩৩১ গৰাকী আৰু ৩১৪ গৰাকী মিচিং ভোটাৰ ।

লগতে পঢ়ক :কাটিগড়াত মন্ত্ৰী পীযুষ হাজৰীকাৰ সম্মুখত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক পহুখেদা - Kamalakhya Dey Purkayastha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.