ETV Bharat / state

স্মাৰ্ট মিটাৰক লৈ উত্তপ্ত বিধানসভা: সদন ত্যাগ কৰি বিৰোধীৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 12:53 PM IST

Oppositions Walkout From Assembly : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদে এইবাৰ কঁপালে বিধানসভাৰ মজিয়া । বিৰোধীয়ে স্মাৰ্ট মিটাৰ সন্দৰ্ভত বিধানসভাত আলোচনাৰ দাবীত অটল থাকে । আনহাতে, চৰকাৰী পক্ষই এই দাবী নাকচ কৰে । ফলত আঁকোৰগোজ বিৰোধীয়ে সদন কক্ষ ত্যাগ কৰে ।

Oppositions Walkout From Assembly
স্মাৰ্ট মিটাৰক লৈ বিৰোধীৰ সদন ত্যাগ কৰি প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ২২ আগষ্ট : স্মাৰ্ট মিটাৰক লৈ অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথমদিনাই উত্তাল হৈ পৰে সদনৰ মজিয়া । বৃহস্পতিবাৰে স্মাৰ্ট মিটাৰক লৈ বিৰোধীয়ে সদন উত্তপ্ত কৰাৰ পাচত সদন ত্যাগ কৰে । বিধানসভাৰ পৰা ওলাই আহি বিৰোধীয়ে হাতে হাতে প্লে'-কাৰ্ড লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছৰ বিধায়কসকলৰ লগতে এ আই ইউ ডি এফ, ৰ‌াইজৰ দল, চি পি আই এম এলৰ বিধায়কেও সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

বিৰোধীয়ে স্মাৰ্ট মিটাৰ বন্ধ কৰি স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । সদন ত্যাগৰ পিচত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "স্মাৰ্ট মিটাৰৰ যোগেদি ব্যাপক লুণ্ঠন চলোৱা হৈছে । সদনত এই গুৰুত্বপূৰ্ণ বিষয়টোত আলোচনা কৰিবলৈ দিয়া নহ'ল । আমি ইয়াৰ বিৰোধিতা কৰি সদন ত্যাগ কৰিলোঁ । আমি কোনো কাৰণতে স্মাৰ্ট মিটাৰৰ লুণ্ঠন মানি ল'ব নোৱাৰোঁ । ইয়াৰ বিৰোধিতা কৰি যাম ।"

আনহাতে, বিধায়ক অখিল গগৈয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ইফালে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্রত আইন অনাৰ প্ৰসংগত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বিধায়ক ইছলামে কয়, "হিন্দু-মুছলমানৰ মাটি ক্ৰয়-বিক্ৰয়ক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মেৰু বিভাজনৰ ৰাজনীতি কৰিছে । এই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰি ।"

উল্লেখ্য যে বৃহস্পতিবাৰে সদনত প্ৰৱেশৰ পূৰ্বে হাতত স্মাৰ্ট মিটাৰ আৰু লণ্ঠন লৈ ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক অখিল গগৈয়ে । লগতে তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বিগত তিনি বছৰৰ নিজৰ ঘৰৰ বিভিন্ন মাহৰ বিদ্যুৎ বিলৰ তথ্যও প্ৰকাশ কৰে ।

সংবাদ মাধ্যমৰ আগত স্মাৰ্ট মিটাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয়, "এইটো ইণ্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ । এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকিলে আমি লেম্পৰ যুগলৈ ঘূৰি যাব লাগিব । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হৈছে । কিন্তু মুখ্যমন্ত্ৰীয়ে নজনা ভাও জুৰি লুণ্ঠন কৰিবলৈ এৰি দিছে । মুখ্যমন্ত্রীয়ে যোৱাবছৰ আৰু এইবছৰৰ বিলৰ তুলনা কৰিবলৈ কৈছে । মই নিজৰ বিল তুলনা কৰি চাইছোঁ । স্মাৰ্ট মিটাৰ লগোৱাৰ পাচত বিল বহু বৃদ্ধি পাইছে । স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন বন্ধ কৰক ।"

লগতে পঢ়ক :স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট লুণ্ঠন: হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024
লগতে পঢ়ক :মুছলমান বিবাহ সম্পৰ্কীয় বিধেয়কত কেবিনেটৰ অনুমোদন: কি কি সিদ্ধান্ত লোৱা হ’ল অসম চৰকাৰৰ সাপ্তাহিক কেবিনেটত - DECISION OF CABINET MEETING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.