ETV Bharat / state

অসম বিধানসভাৰ ঐতিহাসিক সিদ্ধান্ত : অৱসান ঘটিল শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়াৰ নিয়ম - Assam Assembly autumn session

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 12:40 PM IST

Assam Assembly : অসম বিধানসভাৰ ঐতিহাসিক সিদ্ধান্ত ৷ চৈয়দ চাদুল্লাৰ দিনৰে পৰা চলি অহা এক পৰম্পৰাৰ অৱসান ঘটিছে ৷ অসম বিধানসভাৰ অধিৱেশনৰ সময়ত শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়াৰ নিয়মৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত আজি সৰ্বসন্মতি ক্ৰমে সদনত গ্ৰহণ কৰা হয় । পৰৱৰ্তী অধিৱেশনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব ।

Assam Assembly abolishes British era rule of namaz break during ongoing sessions
অৱসান ঘটিল শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়াৰ নিয়ম (ETV Bharat)

গুৱাহাটী, ৩০ আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি অন্তিমটো দিন ৷ অধিৱেশনৰ সামৰণিৰ দিনাই গ্ৰহণ কৰা হয় এক ঐতিহাসিক সিদ্ধান্ত । বৃটিছৰ দিনৰ পৰা চলি অহা এক পৰম্পৰাৰ আজি সদনত সৰ্বসন্মতিক্ৰমে বিলুপ্তি সাধন ঘটোৱা হয় ।

এতিয়াৰে পৰা আৰু শুকুৰবাৰে নামাজৰ বাবে পূৰ্বতে থকা দুঘণ্টাৰ বিৰতি নাথাকে । আন দিনাৰ দৰেই শুকুৰবাৰেও নিয়মীয়াকৈ সদন পৰিচালিত হ'ব । বিধানসভাৰ পৰৱৰ্তী অধিৱেশনৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম ।

এই সন্দৰ্ভত বিধায়ক বিশ্বজিৎ ফুকনে কয়, ‘‘চৈয়দ চাদুল্লাৰ দিনৰে পৰা চলি অহা এটা নিয়মৰ আজি সদনত বিলু্প্তি ঘটোৱা হয় । বিধানসভাৰ অনাগত অধিৱেশনৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম । সদনত বিধায়ক আমিনুল ইছলামে বিষয়টো উত্থাপন কৰিছিল । শুকুৰবাৰে ১১.৩০ বজাৰ নামাজৰ বাবে বিধানসভাৰ অধিৱেশনত বিৰতি দিয়াৰ ব্যৱস্থা বৃটিছৰ দিনৰে পৰা চলি আহিছিল । দেশৰ কোনো ৰাজ্যতে এনে ব্যৱস্থা নাই ।’’

‘‘অৱশেষত অসম বিধানসভায়ো চৈয়দ চাদুল্লাৰ দিনৰে পৰা চলি অহা এই ব্যৱস্থাৰ অৱসান ঘটায় । সদনত সৰ্বসন্মতিক্ৰমে এই ডাঙৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ বাবে মই অধ্যক্ষক ধন্যৱাদ জ্ঞাপন কৰিছো । বিধানসভাৰ নিয়মাৱলীৰ ৰুল-১১ সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি ঘটোৱা হৈছে । এই সিদ্ধান্তত কোনেও আপত্তি কৰা নাই ।’’ বিধায়ক ফুকনে কয় ৷

উল্লেখ্য যে, অসম বিধানসভাৰ অধিৱেশনৰ সময়ত শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়াৰ নিয়ম বৃটিছৰ দিনৰে পৰা চলি আহিছিল । এই নিয়মৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত আজি সৰ্বসন্মতি ক্ৰমে সদনত গ্ৰহণ কৰা হয় । পৰৱৰ্তী অধিৱেশনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব ।

লগতে পঢ়ক : বিধানসভাত গৃহীত অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪ - Assam Assembly autumn session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.