ETV Bharat / state

বিধ্বস্ত ঘাইপথ মেৰামতিৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিলে অসমীয়া যুৱ মঞ্চই - Dilapidated National Highway

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 6:30 PM IST

Poor Road Communication : ৰঙানদীৰ দলঙৰ সমীপত ১৫ নং ঘাইপথত ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভুগিছে যমৰ যাতনা । ইয়াৰ পিচতো কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ । ৰাজপথ মেৰামতিৰ দাবীত ৰাইজ তথা সংগঠনৰ প্ৰতিবাদ ৷

Poor Road Communication
অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ (ETV Bharat Assam)

লখিমপুৰ, ২৫ আগষ্ট: লখিমপুৰত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত দেওবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসমীয়া যুৱ মঞ্চই । এই বিধ্বস্ত পথচোৱা অহা সাত দিনৰ ভিতৰত মেৰামতি কৰিবলৈ দাবী জনাইছে অসমীয়া যুৱ মঞ্চৰ লগতে স্থানীয় ৰাইজে । লখিমপুৰ নগৰৰ প্ৰৱেশদ্বাৰ স্বৰূপ ৰঙানদীৰ দলঙৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক সকীয়াই দিয়ে ।

উল্লেখ্য যে ৰঙানদীৰ দলঙৰ কাষত দীর্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথটোৰ এচোৱা বিধ্বস্ত হৈ আছে । দ' গাতেৰে ভৰা এই অংশত সঘন দুৰ্ঘটনা সংঘটিত হোৱাই নহয়, ৰাইজে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে । সেয়ে স্থানীয় ৰাইজৰ সহযোগত অসমীয়া যুৱ মঞ্চই উক্ত ঠাইতেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । তৎকালীনভাৱে পথটো মেৰামতিৰ দাবীত শ্ল’গান দি উত্তাল পৰিবেশ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । পথটোৰ এচোৱা অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে ।

সাত দিনৰ সময় বান্ধি দিলে অসমীয়া যুৱ মঞ্চই :

এই প্ৰতিবাদত অংশগ্রহণ কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়াই কয়, "পথটোৰ এই অৱস্থা দেখাৰ পাছতো সংশ্লিষ্ট বিভাগ নীৰৱ হৈ আছে । ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ এটা আছে নে নাই আমাৰ সন্দেহ হৈছে । পথটোৰ এই ভগা-ছিগা অংশত দুৰ্ঘটনা সংঘটিত হৈছে । ৰোগীয়ে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে । অহা সাত দিনৰ ভিতৰত যদি পথটো মেৰামতি নকৰে তেন্তে অসমীয়া যুৱ মঞ্চই হাতে-কামে নামিব ।"

ইপিনে, এগৰাকী স্থানীয় লোকে আকৌ বিভাগে পথটোকলৈ ধেমালি কৰাৰহে অভিযোগ উত্থাপন কৰে । তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, "কিছু দিন পূৰ্বে এই ঠাইত বিভাগে তাপলি মাৰিছিল যদিও দুদিনতে সেয়া নাইকিয়া হৈ পৰিল ।"

লগতে পঢ়ক:৩১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত মানৱ শৃংখল - Dilapidated National Highway

Poor road communication:পথৰ অভাৱত জলাকলা খাইছে বৰাচিৰা খুটাকানঘাট চাপৰিবাসীয়ে

কাণ্ডজ্ঞানহীন লোক নিৰ্মাণ বিভাগ - Poor Road Communication

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.