ETV Bharat / state

বাৰপূজীয়াত অসম সাহিত্য সভাৰ বিশেষ অধিবেশন: গ্ৰন্থৰ প্ৰতি আগ্ৰহ কমা নাই ছাত্ৰ-ছাত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 4:35 PM IST

Asom sahitya sabha 2024: মৰিগাঁৱৰ বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ অধিৱেশনৰ বৃহস্পতিবাৰে দ্বিতীয়টো দিন ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা এক বিশেষ প্ৰতিবেদন-

Asom sahitya sabha 2024
অসম সাহিত্য সভাৰ অধিৱেশন

অসম সাহিত্য সভাৰ অধিৱেশন

মৰিগাঁও, 1 ফেব্ৰুৱাৰী : অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰা হয় । পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই । মূল পতাকাকে ধৰি মুঠ ১১৭ খন পতাকা উত্তোলন কৰে বিষয়ববীয়াসকলে ।

‘‘অসম সাহিত্য সভাৰ বাৰপূজীয়াৰ বিশেষ অধিৱেশন থলীত এক আনন্দ মুখৰ পৰিৱেশত আজি পতাক উত্তোলন সম্পাদন কৰিলোঁ । আশা ৰাখিছো অসমৰ ভাষা সাহিত্যৰ শুভাকাংক্ষীসকলৰ দিহা পৰামৰ্শ গ্ৰহণ কৰা হ’ব আৰু আগন্তুক দিনত কাৰ্যকৰী কৰি অসমীয়া ভাষা সাহিত্য সকলোৱে আগুৱাই নিব । আমাৰ ক্ৰুটিবোৰো আঙুলিয়াই দিব ৷’’ বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰি এই মন্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই ।

সাহিত্য সভাৰ বিশেষ অধিবেশনৰ বাবে উদুলি-মুদুলি মৰিগাঁও বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক বাৰপূজীয়া অধিৱেশনথলী । পতাকা উত্তোলনৰ পিচতে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয় । ইয়াৰ সমান্তৰালকৈ গ্ৰন্থমেলাৰ বাকৰিত ভাষা শ্বহীদ সূৰ্য বৰা সোঁৱৰণী মঞ্চত অনুষ্ঠিত হৈছে সাহিত্য সভাৰ ভাতৃ সংগঠন কুঁহিৰ অনুষ্ঠান ।

Asom sahitya sabha 2024
অসম সাহিত্য সভাৰ অধিৱেশন

দ্বিতীয় দিনা বন্তি প্ৰজ্বলন কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক খগেন মহন্তই । শ্বহীদ তৰ্পন কৰে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাই । ইয়াৰ পিচতে অনুষ্ঠিত হয় বিশিষ্ট সাহিত্যিক বলাই ৰাম সেনাপতি সোঁৱৰণী সাহিত্য সন্মিলন ।

এই কাৰ্যসূচীত স্মৃতিগ্ৰন্থ আৰু আন বহুকেইখন গ্ৰন্থ উন্মোচন কৰা হয় । স্মৃতিগ্ৰন্থ উন্মোচনী সভাত পৌৰহিত্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই । গ্ৰন্থ উন্মোচনী সভাত আন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই ।

লগতে পঢ়ক : আজিৰে পৰা অসম সাহিত্য সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.