তেজপুৰ, ৬ আগষ্ট: সোমবাৰে গুৱাহাটী মহানগৰত হোৱা অভাৱনীয় কৃত্ৰিম বানৰ সন্দৰ্ভত বানমুক্ত গুৱাহাটী অভিযানৰ মুৰব্বী তথা গুৱাহাটী মহানগৰ জিলা আয়ুক্তই কাইলৈ অৰ্থাৎ বুধবাৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু উক্ত প্ৰতিবেদনৰ ভিত্তিত অসম চৰকাৰৰ কাইলৈ অনুষ্ঠিত হ'বলগীয়া সভাত বিতং আলোচনা কৰা হ'ব ৷ অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে বিয়লি তেজপুৰত সাংবাদিকৰ আগত এই কথা সদৰী কৰে ।
তেওঁ কয় যে, "ৰাইজে যথেষ্ট অসুবিধা পাইছে, মই উপলব্ধি কৰিছো, মই নিজেও ভুগি আছিলো, এই সমস্যাসমূহ সমাধান কৰা হ’ব ৷ আয়ুক্তই প্ৰতিবেদন দাখিল কৰক তাৰ পাচত ব্যৱস্থা লোৱা হ’ব ৷"
তেজপুৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৷ আজি দ্বিতীয় দিনাৰ মূল সভাত মন্ত্ৰী সিংহলে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত গুৱাহাটীত সোমবাৰে হোৱা কৃত্ৰিম বানপানীৰ সন্দৰ্ভত ত্ৰুটি বিশ্লেষণ কৰা হ'ব বুলি ব্যক্ত কৰে । ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বিধায়ক পৃথ্বীৰাজ ৰাভা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ জ্যোতিকমল হাজৰিকা আৰু পৰিচালনা সমিতিৰ সভানেত্ৰী ড৹ স্বাধীনতা মহন্তৰ উপস্থিতিত তেজপুৰ মহাবিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীৰ পুঁজিৰে দুই কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা চাৰি মহলীয়া ভৱনটি আনুষ্ঠানিকভাৱে মুকলি কৰে ।
ইয়াৰ পাচত মূল সভাত দিয়া আদৰণি ভাষণত অধ্যক্ষ ড৹ জ্যোতিকমল হাজৰিকাই ১৯৬৫ চনৰ ৫ আগষ্টত স্থাপন হোৱা তেজপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ বাবে দুলাল চন্দ্ৰ ভট্টাচাৰ্য, হেৰম্ব শৰ্মা, পদ্মকান্ত দাস প্ৰমুখ্যে বিশিষ্ট লোকসকলে আগবঢ়োৱা অৱদানৰ কথা ব্যক্ত কৰে । হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠানত আচুৰ্য বৰপাত্ৰই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।