ETV Bharat / state

মন্দিয়াত বানাক্ৰান্তৰ সুবিধাৰ্থে বহুমুখী বানপানী আশ্ৰয়গৃহ - Multipurpose Flood Shelter Home

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:12 PM IST

Multipurpose flood shelter home: বৰপেটা জিলাৰ মন্দিয়াত বানাক্ৰান্তৰ সুবিধাৰ্থে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নিৰ্মাণ কৰিছে বহুমুখী বানপানী আশ্ৰয়গৃহ । অত্যাধুনিক গৃহটোত শতাধিক পৰিয়ালৰ বাবে সকলো ধৰণৰ ব্যৱস্থা আছে । স্বাস্থ্যসন্মত অনাময় ব্যৱস্থা, পাকঘৰ, শিশুৰ যতনকক্ষ, পশুধনৰ বাবে পৃথক স্থানৰ ব্যৱস্থাও আছে এই আশ্ৰয়গৃহত ।

Multipurpose Flood Shelter Home
মন্দিয়াত বানাক্ৰান্তৰ সুবিধাৰ্থে বহুমুখী বানপানী আশ্ৰয় গৃহ (ETV Bharat)

বৰপেটা,২০ জুলাই : বৰপেটা জিলাত প্ৰতিবছৰে বানে গুৰুতৰ ৰূপ ধাৰণ কৰি আহিছে । হাজাৰ হাজাৰ লোক বানৰ কৱলত পৰি আহিছে । বানৰ ফলত সাধাৰণ ৰাইজ ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ সৰ্বাধিক বানপ্ৰৱণ অঞ্চল মন্দিয়া আৰু বাঘবৰৰ ৰাইজৰ সকাহ হোৱাকৈ এক বহুমুখী বানপানী আশ্ৰয়গৃহ নিৰ্মাণ কৰিছে ।

মন্দিয়াত বানাক্ৰান্তৰ সুবিধাৰ্থে বহুমুখী বানপানী আশ্ৰয়গৃহ (ETV Bharat)

মন্দিয়াৰ কণৰা গাঁৱত নিৰ্মাণ কৰা তিনিমহলীয়া এই গৃহটো এইবাৰ বানাক্ৰান্তৰ বাবে বৃহৎ সকাহ হৈ পৰিছে । বান পৰিস্থিতি উন্নত হোৱাৰ লগে লগে বহু লোক ঘৰলৈ গৈছে যদিও এতিয়াও এই আশ্ৰয় গৃহটোতে আছে । ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰি ঘৰ মাটি হেৰুৱাই লোকসকলে ইয়াত আশ্ৰয় লৈছে ।‌

লক্ষণীয়ভাৱে এই আশ্ৰয়গৃহটোত বানপীড়িতৰ বাবে সকলো ধৰণৰ সুবিধা উপলব্ধ । প্ৰথম আৰু দ্বিতীয় মহলাত কেইবাটাও বৃহৎ পৰিসৰৰ সমূহীয়া কোঠা আছে । গৃহটোত এটা বৃহৎ পাকঘৰ আছে । সকলো সা-সুবিধা থকা অনাময় ব্যৱস্থা আছে । তদুপৰি শিশুৰ যতন ল'ব পৰাকৈ বিশেষ কোঠাও আছে । গৃহটোত স্বাস্থ্য পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা আছে । বিশুদ্ধ খোৱাপানীকে ধৰি সৌৰশক্তিৰে বিদ্যুৎ যোগানৰ ব্যৱস্থাও কৰা হৈছে ।

ইফালে মানুহৰ উপৰিও আশ্ৰয় গৃহটোত পোহনীয়া জীৱ-জন্তু ৰাখিব পৰা ব্যৱস্থা আছে ।‌ শেহতীয়া বানত এই আশ্ৰয় গৃহটোত বৰপেটা জিলা স্বাস্থ্য বিভাগৰ পৰা কেইবাটাও চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছিল । তদুপৰি বান সাহাৰ্যও নিয়মীয়াকৈ আগবঢ়োৱা হৈছিল । এই আশ্ৰয়গৃহটোক লৈ সন্তুষ্ট বানপীড়িতসকল ।

সংবাদ মাধ্যমক তেওঁলোকে অৱগত কৰা মতে আশ্ৰয়গৃহটোত তেওঁলোকৰ প্ৰয়োজন হোৱা সকলো ব্যৱস্থাই আছে । বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ড৹ নন্দিতা দত্তই জনোৱা মতে বহুমুখী বানপানী আশ্ৰয়গৃহটো বানাক্ৰান্তৰ বাবে এক ডাঙৰ সকাহ বুলি প্ৰতিপন্ন হৈছে ।

লগতে পঢ়ক :ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিস্থিতিৰ পৰ্যালোচনা সৰ্বানন্দ সোণোৱালৰ - Dibrugarh flash flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.