ETV Bharat / state

বৰষুণ নহয় যেন সীমাহীন দুদৰ্শাহে : কৃত্ৰিম বানত মহানগৰীৰ ৰাজপথত উপঙিল বিলাসী বাহন - Guwahati Artificial Floods

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 7:31 PM IST

Artificial Floods : এজাক বৰষুণ আহিলেই এতিয়া ত্ৰস্তমান হৈ পৰে গুৱাহাটী মহানগৰীৰ বাসিন্দা ৷ কাৰণ এজাক বৰষুণতেই এতিয়া নৰকসদৃশ হৈ পৰে সাধাৰণ মানুহৰ জীৱন ৷ সোমবাৰে বিয়লি অহা এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰিল তথাকথিত মহানগৰীৰ আভিজাত্য ৷ চৰকাৰৰ বানমুক্ত গুৱাহাটী আঁচনিক পুনৰ ভেঙুচালি কৰি এজাক বৰষুণতে বুৰিল মহানগৰী ৷

GUWAHATI ARTIFICIAL FLOODS
ৰাজপথত উপঙিল বিলাসী বাহন (ETV Bharat Assam)

গুৱাহাটী, 5 আগষ্ট : পুনৰ মহানগৰীৰ আভিজাত্যক ভেঙুচালি কৰিলে এজাক বৰষুণে ৷ মহানগৰীৰ বাবে যে বৰষুণ এতিয়া সপোন নহয়, সীমাহীন দুদৰ্শাহে সেয়া পুনৰ প্ৰমাণিত হ’ল সোমবাৰৰ বিয়লিৰ এজাক বৰষুণত ৷ বিয়লি অহা মাত্ৰ এজাক বৰষুণতে উটি গ’ল মহানগৰীৰ আভিজাত্য ৷ পুনৰ এবাৰ উন্মোচন হ’ল তথাকথিত স্মাৰ্ট চিটিৰ ফোঁপোলা স্বৰূপ ৷

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ তাণ্ডৱ (ETV Bharat Assam)

সোমবাৰে বিয়লি অহা মুষলধাৰ বৰষুণত সমগ্ৰ মহানগৰী বুৰ গ’ল কৃত্ৰিম বানত ৷ মহানগৰীৰ চানমাৰি, নুনমাটি, বামুণীমৈদাম, জি এছ ৰোড, উলুবাৰী, নমাইল, যোৰাবাট, গুৱাহাটী ক্লাৱ, আমবাৰী, ৰুক্মিণী গাঁও, হাতীগাঁও, বেলতলা, গণেশগুৰি, গান্ধীবস্তি, ৰাজগড়, পূৱ শৰণীয়াকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হ’ল ৷ কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি আৰু ব্যৱস্থাক ভেঁঙুচালি কৰি ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে মহানগৰীত ৷

তদুপৰি কৃত্ৰিম বানৰ বাবে মহানগৰীৰ ঠায়ে ঠায়ে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে ৷ কৃত্ৰিম বানৰ কৱলত স্বাভাৱিক জীৱন যাত্ৰা এতিয়া ব্যাহত হৈ পৰিছে মহানগৰীৰ বাসিন্দাৰ ৷ মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা-নৰ্দমা নিষ্কাষণৰ বাবে অত্যাধুনিক যন্ত্ৰ চৰকাৰে ব্যৱহাৰ কৰিছে যদিও গুৱাহাটীৰ কৃত্ৰিম বান ৰোধত ব্যৰ্থ হৈছে ৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহলে মহানগৰীৰ বানপ্ৰৱণ এলেকা পৰিদৰ্শন কৰিছে যদিও কৃত্ৰিম বান ৰোধ কৰাৰ বাবে অত্যাধুনিক তথা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে ৷

লগতে পঢ়ক : উপামণিৰ পৰা অবিনাশলৈ : তিনিটা দশকত কিমান মহানাগৰিকৰ প্ৰাণ ল’লে কৃত্ৰিম বানে ? - Artificial flood in Guwahati

উল্লেখ্য যে, বিগত কিছু বছৰৰ পৰা কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰীত ৷ কৃত্ৰিম বানে এক প্ৰকাৰ নৰক সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ হিচাবে পৰিচিত হোৱা চহৰখনত ৷ শাসনলৈ অহাৰ পিচতে প্ৰতিখন চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দি ভাষণৰ ফুলজাৰি মাৰে যদিও সেয়া ফুটুকাৰ ফেনতহে পৰিণত হয় ৷ বিগত সময়ছোৱাত মহানগৰীখনত কৃত্ৰিম বানে ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে, কেবাজনো নিৰীহ লোকে প্ৰাণো হেৰুৱাব লগা হৈছে ৷ ইমানৰ পাচতো কিন্তু কোনো এখন চৰকাৰে ফলপ্ৰসূ ব্যৱস্থাৰে গুৱাহাটীৰ বাসিন্দাৰ জীৱন নৰকসদৃশ কৰি তোলা এই সমস্যাৰ সমাধানত ব্যৰ্থ হৈছে ৷

লগতে পঢ়ক : কৃত্ৰিম বানত ব্যাহত মহানগৰবাসীৰ জীৱন : ৰাজপথলৈ ওলাই আহিল আবাল-বৃদ্ধ-বণিতা - Protest in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.