ETV Bharat / state

কৃত্ৰিম বান; টীয়ক তথা সোণাৰি নগৰবাসীৰ হাহাকাৰ - Artificial flood in Teok and Sonari

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 1:46 PM IST

Artificial flood in Teok and Sonari: অপৰিকল্পিত নগৰ নিৰ্মাণে বিপদ মাতিছে ৰাজ্যৰ একাংশ নগৰবাসীলৈ । টীয়কত এপ্ৰিল মাহৰ পৰা কৃত্ৰিম বানৰ সৈতে সহবাস কৰিছে নগৰবাসীয়ে । আনফালে এজাক বৰষুণতে বুৰিল ঐতিহাসিক চৰাইদেউৰ সদৰ সোণাৰি চহৰ ।

Artificial flood in Teok and Sonari
কৃত্ৰিম বান, টীয়ক তথা সোণাৰি নগৰবাসীৰ হাহাকাৰ (ETV Bharat Assam)

টীয়ক/চৰাইদেউ, ১ জুন: বাৰিষা আহিলেই টীয়ক নগৰাঞ্চলৰ বহু অঞ্চলতে সৃষ্টি হোৱা কৃত্ৰিম বানে আজি বছৰ বছৰ ধৰি জলাকলা খুৱাইছে নগৰৰ একাংশ জনতাক । বছৰি বানপানী নিষ্কাষণৰ বাবে পৌৰসভাই মাষ্টাৰ প্লেন প্ৰস্তুত কৰি পানী নিষ্কাষণ কৰাৰ আশ্বাস দি আহিছে যদিও প্ৰকৃততে পৌৰসভাই কি মাষ্টাৰ প্লেন কৰিছে সেয়া এতিয়া চকুৰ আগত । টীয়ক নগৰৰ ৮নং ৱাৰ্ডৰ অচ্যুত মাৰ্গৰ দৃশ্য দেখিলে চকৰু কঁপালত উঠে সকলোৰে ।

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা উক্ত অঞ্চলত এইদৰে বানৰ সৈতে সহবাস কৰিছে ৰাইজে । অৱশ্যে ইয়াৰ মাজতে ৰাইজে বহুবাৰ পৌৰসভাক এনেবোৰ সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছে আৰু পৌৰসভাৰ বিষয়া কৰ্মচাৰী আহি পৰ্যবেক্ষণ কৰিছে যদিও আজি পৰ্যন্ত কোনো সমাধান কৰিব পৰা নাই ।

দৰাচলতে উক্ত অঞ্চলত পানী নিষ্কাষণৰ কোনো সু-ব্যৱস্থা নলা-নৰ্দমা আৰু নৱনিৰ্মিত গৃহসমূহৰ নিৰ্মাণৰ সময়ত পৌৰসভাই চকু নিদিয়াৰ ফলতে এইদৰে সমগ্ৰ অঞ্চলটি বানৰ কবলত পৰিছে বুলি একাংশ অভিজ্ঞ ব্যক্তিয়ে মত প্ৰকাশ কৰে ।

আনফালে এজাক বৰষুণতে বুৰ গ'ল ঐতিহাসিক চৰাইদেউৰ সদৰ সোণাৰি চহৰ । সোণাৰি নগৰৰ নলা-নৰ্দমা নিষ্কাষণ নকৰাৰ বাবেই কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । কৃত্ৰিম বানত চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান তথা ব্যৱসায়িক প্ৰতিষ্ঠান বুৰ যোৱাত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিৱেশৰ ।

আনহাতে পৌৰসভাৰ অন্তৰ্গত আটাইকেইটা ৱাৰ্ডৰ বাট-পথৰ লগতে বাসগৃহৰ ভিতৰতো পানী সোমোৱাত সমস্যাৰ সন্মুখীন হৈছে সোণাৰিৰ ৰাইজ । শীঘ্ৰে উচিত পৰিকল্পনা কৰি নলা-নৰ্দমাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই সোণাৰি পৌৰসভাক ।

লগতে পঢ়ক: ভালকৈ নাচালে ধৰিবকে নোৱাৰি, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ নে বৃহৎ পুখুৰী - Artificial Flood In Jorhat

নৈপৰীয়া নহ’লেও বানৰ কবলত সৰ্বসাধাৰণ - Artificial Flood

ৰাজপথত মাৰিছে মাছ; অভিনৱ প্ৰতিবাদেৰে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ - Artificial Flood In Kalgachia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.