ETV Bharat / state

শিলচৰত কৃত্ৰিম বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন: ক্ষোভ প্ৰকাশ জলসম্পদ বিভাগৰ বিৰুদ্ধে - Artificial flood in Silchar - ARTIFICIAL FLOOD IN SILCHAR

Protest in Silchar: শিলচৰৰ বেথুকান্দিত জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় লোকৰ ৷ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী লোকে ৷ জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই কৃত্ৰিম বানত বিপৰ্যস্ত হৈ পৰিছে স্থানীয় লোকৰ স্বাভাৱিক জীৱন যাত্ৰা ৷

Artificial flood in Silchar; local people Protest against water resource department
শিলচৰত কৃত্ৰিম বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন: ক্ষোভ প্ৰকাশ জলসম্পদ বিভাগৰ বিৰুদ্ধে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 4:02 PM IST

শিলচৰ, 12 জুন: কৃত্ৰিম বানৰ বাবে শিলচৰৰ বেথুকান্দিত উত্তপ্ত পৰিস্থিতি ৷ জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ভুক্তভোগী ৰাইজে ৷ স্থানীয় লোকে জানিব দিয়া অনুসৰি, বেথুকান্দি শ্লুইচ গেটখনৰ বাবে কৃত্ৰিম বানত ডুব গৈছে অঞ্চলটোৰ তিনি শতাধিক বাসগৃহ ৷ যিয়ে সমস্যাত পেলাইছে স্থানীয় লোকসকলক ৷

শিলচৰত কৃত্ৰিম বানত বিপৰ্যস্ত স্বাভাৱিক জনজীৱন: ক্ষোভ প্ৰকাশ জলসম্পদ বিভাগৰ বিৰুদ্ধে (ETV Bharat Assam)

স্থানীয় লোকৰ অভিযোগ অনুসৰি, শ্লুইচ গেটখন খুলি নিদিয়াৰ বাবেই কৃত্ৰিম বানৰ সম্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ লোক ৷ স্থানীয় লোকে এই সন্দৰ্ভত কয়, "বান পৰিস্থিতিৰ কথা বিবেচনা কৰি বন্ধ কৰি ৰখা হৈছিল শিলচৰ বেথুকান্দিৰ নৱনিৰ্মিত শ্লুইচ গেইটখন ৷ পিছে এতিয়া পৰিস্থিতি স্বাভাৱিক হ’ল ৷ তদুপৰি বৰাক নদীৰ পানী কমিল ৷ তাৰ পিচতো বৰ্তমান পৰ্যন্ত খুলি দিয়া হোৱা নাই শ্লুইচ গেটখন ৷ যাৰ ফলত কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে বেথুকান্দি মথাউৰিৰ ভিতৰ ভাগত থকা মহিষা বিলৰ সমীপৰ বাসিন্দাসকল ৷ অঞ্চলটোৰ প্ৰতিটো বাসগৃহত এতিয়াও আঁঠু পৰ্যন্ত পানী ৷"

শ্লুইচ গেইটটো খুলি দিয়াৰ দাবীত হাতে হাতে প্লে’ কাৰ্ড লৈ বাহিলৈ ওলাই আহিছে বেথুকান্দি গাঁৱৰ বাসিন্দাসকল ৷ প্ৰতিবাদকাৰীসকলে বেথুকান্দি মথাউৰি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীন কৰ্ম-কাণ্ডৰ বাবে কৃত্ৰিম বানত অঞ্চলটো ডুব গৈছে বুলি অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদকাৰীসকলে জলসম্পদ বিভাগৰ কৰ্ম-কৰ্তাসকল সময়মতে কাৰ্যালয়ত উপস্থিত নহয় বুলিও সংবাদ মাধ্যমৰ আগত দাবী কৰিছে ৷ বৰাক নদীৰ পানীৰ স্তৰ হ্ৰাস পোৱাৰ পাচতো শ্লুইচ গেটখন খুলি নিদিয়াৰ বাবে সৃষ্টি হোৱা বানে স্থানীয় বাসিন্দাসকলৰ প্ৰাত্যহিক জীৱন-যাত্ৰাত নেতিবাচক প্ৰভাৱ পেলাইছে ৷

লগতে পঢ়ক: ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ: চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ বানাক্ৰান্তৰ - Assam Flood

লগতে পঢ়ক: চৰকাৰলৈ বাট চাই চাই ভাগৰিল ! মথাউৰি মেৰামতিত হাতে-কামে লাগিল ৰাইজ - Assam Floodc

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.