ETV Bharat / state

মাত্ৰ এজাক বৰষুণ; কৃত্ৰিম বানত ককবকাইছে যোৰহাট নগৰৰ ৰাইজে - Artificial flood in Jorhat

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 1:43 PM IST

Flood in Jorhat: কৃত্ৰিম বানৰ কবলত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়, যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ লগতে বহু কেইখন শিক্ষানুষ্ঠান ৷ পৌৰসভা দায়িত্বহীনতা বাবে কৃত্ৰিম বানত ককবকাইছে যোৰহটীয়া ৰাইজে ।

Flood in Jorhat
কৃত্ৰিম বানৰ কবলত যোৰহাট (ETV Bharat Assam)

যোৰহাট, 16 জুলাই : এজাক মুষলধাৰ বৰষুণ আৰু তাৰ পাচতে এক অনাকাংক্ষিত পৰিৱেশ ৷ এই বৰষুণ জাকতে বুৰ গ’ল যোৰহাট নগৰ ৷ আজি (মঙলবাৰ) পুৱতি নিশা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত যোৰহাট নগৰত সৃষ্টি হ’ল কৃত্ৰিম বান ৷

যোৰহাট নগৰ অধিকাংশ অঞ্চল, বাটপথ আৰু ঘৰ-দুৱাৰ আদি সকলোতে এতিয়া পানী আৰু পানী । অফিচ-কাছাৰীলৈ যোৱাসকলে দুৰ্ভোগ ভুগিব লগীয়া হৈছে । এই মুষলধাৰ বৰষুণত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় আৰু ন্যায়ালয়ৰ লগতে ঐতিহ্য মণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয় চৌপাশ এতিয়া কৃত্ৰিম বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে ।

যোৰহাট পৌৰসভা অন্তৰ্গত 19 টা ৱাৰ্ডৰ ভিতৰত বহু কেইটা ৱাৰ্ডৰ বাট-পথকে আদি কৰি ঘৰ দুৱাৰ পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে । নগৰখনৰ চোলাধৰা, টি আৰ পি ৰোড, কুশল নগৰ, তৰাজান, গায়ন গাঁও, কুশল নগৰ, আটিলা গাঁও, বঙালপুখুৰী আদি অঞ্চলসমূহৰ লগতে আন বহু স্থান বৰ্তমান কৃত্ৰিম বানৰ কবলত পৰা দেখা গৈছে ৷ ফলত একপ্ৰকাৰ হাহাকাময় অৱস্থা সৃষ্টি হৈছে ৷

আনকি নগৰবাসী ৰাইজে গেলা-পচাৰে পৰিপূৰ্ণ এক দুৰ্গন্ধময় পৰিৱেশৰ মাজত সহাৱস্থান কৰিব লগা হৈছে । আনহাতে, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় উপৰিও বহু কেইখন শিক্ষানুষ্ঠান এতিয়া জলমগ্ন হৈ পৰিছে । শতবৰ্ষ গৰকা যোৰহাট পৌৰসভাৰ দায়িত্বজ্ঞান হীনতা আৰু অকৰ্মন্যতা বাবে এনেদৰে ৰাইজ কৃত্ৰিম বানত জুৰুলা হ’ব লগা হৈছে ৷ এই অভিযোগ যোৰহাটবাসীৰ ৷

আনহাতে কৃত্ৰিম বান ৰোধ কৰা ক্ষেত্ৰত স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এক দীৰ্ঘম্যাদী আঁচনি পোষকতা কৰিছিল যদিও সেয়াও সময়ৰ সোঁতত বিলীন হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক : শুকান নলা নৈৰ ভয়ংকৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ১০খন গাঁৱলৈ - Erosion in Jonai

জলকীয়া সুঁতি নদীক চেনেল কাটিং কৰি পুনৰ বোৱাই নিয়াৰ চেষ্টা - Revier revive in Jonai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.