ETV Bharat / state

বিশ্ব দুগ্ধ দিৱসত শতাধিক শিশুৱে অংকন কৰিলে স্বাস্থ্যৰ মূল চাবিকাঠি - World Milk Day 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 8:08 PM IST

World Milk Day: পূৰবী ডেইৰীত বিশ্ব দুগ্ধ দিৱস পালন । মানসম্পন্ন পুষ্টি প্ৰদানৰ ক্ষেত্ৰত দুগ্ধজাত সামগ্ৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে সজাগ কৰিবলৈ এই দিৱস পালন ।

Art Competition at Purbi Dairy
পূৰবী ডেইৰীত চিত্ৰাংকন প্ৰতিযোগিতা (ETV BHARAT ASSAM)

গুৱাহাটী, ৩ জুন: প্ৰতি বছৰে ১ জুনত পালন কৰা হয় বিশ্ব দুগ্ধ দিৱস । ২০০১ চনত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই গাখীৰক বিশ্বব্যাপী খাদ্য হিচাপে গুৰুত্ব দিবলৈ আৰু দুগ্ধ খণ্ডৰ বিকাশৰ বাবে এই দিৱস আৰম্ভ কৰিছিল । প্ৰতি বছৰে বিশ্ব দুগ্ধ দিৱসত নতুন বিষয়বস্তুৰ দ্বাৰা জনসাধাৰণক এইক্ষেত্ৰত সজাগ কৰিবলৈ চেষ্টা কৰা হয় । এই দিৱসৰ সৈতে সংগতি ৰাখি পূৰবী ডেইৰীয়ে গুৱাহাটীত আয়োজন কৰে চিত্ৰাংকন প্ৰতিযোগিতা ।

বিশ্ব দুগ্ধ দিৱস উপলক্ষে অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে গুৱাহাটীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এখনি চিত্ৰাংকন প্ৰতিযোগিতা আৰু অন্তৰ্দৃষ্টিপূৰ্ণ পুষ্টি শিবিৰৰ আয়োজন কৰে । পূৰবী ডেইৰী প্ৰাংগণত শনিবাৰে অনুষ্ঠিত বিশ্ব দুগ্ধ দিৱস ২০২৪ কলা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ শতাধিক শিশুৱে নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰে । তেওঁলোকৰ নিয়মীয়া আহাৰত গাখীৰৰ গুৰুত্বৰ বিষয়ে শিকিবলৈ এই শিবিৰত চেষ্টা কৰা হয় ।

উক্ত প্ৰতিযোগিতাখনত তেওঁলোকৰ ৰঙীন আৰু অভিনৱ শিল্পকৰ্মই ‘অসমত গাখীৰ আৰু দুগ্ধউৎপাদন–শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ মূল চাবিকাঠি’ শীৰ্ষক বিষয়বস্তুক প্ৰতিফলিত কৰে । ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই বিশ্বব্যাপী খাদ্য হিচাপে গাখীৰৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে দুগ্ধ খণ্ডক উদযাপন কৰিবলৈ প্ৰতি বছৰে ১ জুনত বিশ্ব দুগ্ধ দিৱস পালন কৰে । এইবছৰ গৃহীত বিষয়বস্তুৰ দ্বাৰা বিশ্বক মানসম্পন্ন পুষ্টি প্ৰদানৰ ক্ষেত্ৰত দুগ্ধজাত সামগ্ৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা উদযাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ।

এই প্ৰসংগত ৱামুলৰ বিপণন মুৰব্বী এছ এম হুছেইনে কয়, “শিশুসকলৰ এনে উৎসাহপূৰ্ণ অংশগ্ৰহণ দেখি আমি আনন্দিত হৈছো । পূৰবী ডেইৰীত আমি সৰুৰে পৰা স্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ শিক্ষা আৰু সৃজনশীলতাৰ শক্তিত বিশ্বাস কৰো । এই অনুষ্ঠানটো হৈছে সমাজৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি আৰু গাখীৰৰ পৰা হোৱা স্বাস্থ্যজনিত লাভালাভৰ প্ৰচাৰৰ এক প্ৰমাণ । পূৰবীৰ উৎপাদিত সামগ্ৰীৰ প্ৰতি যুৱ অংশগ্ৰহণকাৰীসকলৰ আগ্ৰহ অতি উৎসাহজনক ।” ইয়াৰ পিচতেই বিজয়ীসকলক পুৰস্কাৰ প্ৰদানৰ লগতে সকলো শিশুকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হয় ।

বিশ্ব দুগ্ধ দিৱস: বিশ্বৰ খাদ্য ব্যৱস্থাত দুগ্ধজাত সামগ্ৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা - World Milk Day 2024

World Milk Day: কিয় পালন কৰা হয় বিশ্ব দুগ্ধ দিৱস ইয়াৰ ইতিহাস তথা তাৎপৰ্য জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.