ETV Bharat / state

তিনিচুকীয়াত হ’ব ২৫ খন গ্ৰাম্য অৰণ্য: কমেও ১০০ দিনৰ কাম পাব একোজন জবকাৰ্ডধাৰীয়ে - Amrit Brikshya Andolan 2024 - AMRIT BRIKSHYA ANDOLAN 2024

Amrit forest project: তিনিচুকীয়া জিলাত অচিৰেই গঢ়ি উঠিব ২৫ খন গ্ৰাম্য অৰণ্য ৷ এই অৰণ্য চোৱাচিতাৰ দায়িত্ব দিয়া হ’ব এম জি এনৰেগাৰ শ্ৰমিকক ৷ একোজন শ্ৰমিকে অন্ততঃ এশদিনৰ বাবে কাম লাভ কৰিব এই গ্ৰাম্য অৰণ্য স্থাপনৰ প্ৰকল্পত ৷

Amrit Brikshya Andolan 2024
অমৃত বৃক্ষ আন্দোলন-২ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 4:15 PM IST

তিনিচুকীয়া, ৯ আগষ্ট: চলিত অমৃত বৃক্ষ আন্দোলন-২ ৰ সময়তে তিনিচুকীয়া জিলাত ২৫ খন গ্ৰাম্য অৰণ্য নিৰ্মাণ কৰা হ'ব। জিলাখনৰ সকলো প্ৰান্তকে সামৰি অন্ততঃ এক হেক্টৰ পৰিসৰত একোখনকৈ অমৃত অৰণ্য নিৰ্মাণ কৰা হ'ব । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিছে এই কথা ৷

তিনিচুকীয়াত অতিকমেও ২৫ খন গ্ৰাম্য অৰণ্য স্থাপনৰ পৰিকল্পনা (ETV Bharat Assam)

শুকুৰবাৰে তিনিচুকীয়াৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই পৰিকল্পনাত সঁহাৰি জনাই মূলতঃ এম জি এনৰেগা আঁচনিৰ অধীনত এই অভিনৱ কাৰ্যসূচী ৰূপায়নৰ নিৰ্দেশ দিয়ে ।

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত থকা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনীল সিঙক কয় যে, যিসকল জবকাৰ্ডৰ অধিকাৰীয়ে ইচ্ছা কৰে তেওঁলোকক সম্পূৰ্ণ এশদিনৰ কাম দি এই প্ৰকল্পটো সম্পূৰ্ণ কৰিব লাগে ।

এই গ্ৰাম্য হাবিবোৰত কাঁটা তাঁৰৰ বেৰা দিয়াৰ বাবে বিভাগৰ পৰা ধন ব্যয়তো তেওঁ অনুমোদন জনায় । মন্ত্ৰীগৰাকীয়ে এনে সুন্দৰ আৰু অভিনৱ উদ্ভাৱনীমূলক পৰিকল্পনা হাতত লোৱাৰ বাবে জিলা আয়ুক্ত স্বপ্নীল পালসহ প্ৰশাসনীয় বিষয়াসকলক ধন্যবাদ জনায় । তেওঁ কয় যে, এই বনাঞ্চলসমূহে ৰাজ্যত সেউজ পৰিবেশ গঢ়ি তোলাৰ লগতে পৰিবেশ আৰু ভূমিৰ সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । ৰাজ্যৰ ভিতৰতে এয়া প্ৰথম আভিনৱ পদক্ষেপ বুলি উল্লেখ কৰে মন্ত্ৰী দাসে ।

উল্লেখ্য যে, চলিত অমৃত বৃক্ষ আন্দোলন-২ ৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডকে সামৰি যিবোৰ ঠাইত অন্ততঃ এক হেক্টৰ চৰকাৰী বিবাদহীন খালী ঠাই আছে সেইবোৰ ঠাইত মূল্যৱান গছপুলি ৰোপণ কৰি একো একোখন বনাঞ্চল গঢ়ি তোলাৰ পৰিকল্পনা যুগুত কৰা হৈছে ।

ইয়াৰ বাবে কাকপথাৰ উন্নয়ন খণ্ডত এখন, ইটাখুলি উন্নয়ন খণ্ডত ২ খন, শদিয়া উন্নয়ন খণ্ডত ৯ খন, গুইজান উন্নয়ন খণ্ডত ১ খন, হাপজান উন্নয়ন খণ্ডত ১ খন, ছৈখোৱা উন্নয়ন খণ্ডত ৪ খন আৰু মাৰ্ঘেৰিটা উন্নয়ন খণ্ডত ৭ খন গ্ৰাম্য হাবিৰ বাবে স্থান চিনাক্ত কৰা হৈছে ।

শুকুৰবাৰে পুৱাৰ ভাগত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে অন্যান্য বিভাগীয় আঁচনিসমূহ ৰূপায়নৰ অগ্ৰগতিৰো বুজ লয় আৰু বিষয়াসকলক যাৱতীয় পৰামৰ্শ আগবঢ়ায় ।

সভাত জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা কেবাটাও আন্তঃৰাজ্যিক বিষয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা মৰ্মে সমাধান কৰাৰ বাবেও ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান, আইন আদি বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে । সভাত জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাসৰ উপৰিও বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: জাগীৰোডত গছপুলি ৰোপণ পীযুষ হাজৰীকাৰ - Ek Ped Maa Ke Naam

তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্য : জিলাই জিলাই আৰম্ভ হ’ল অমৃত বৃক্ষ আন্দোলন 2 - Amrit Brikshya Andolan 2024

কলিয়াবৰত অমৃত বৃক্ষ আন্দোলনৰ বাবে চাৰি লাখ গছপুলিৰে সাজু বন বিভাগ - Amrit Brikshya Andolan 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.