গুৱাহাটী,২৬ ছেপ্টেম্বৰ: সমাজত অন্ধবিশ্বাস তথা কু-সংস্কাৰ বিয়পোৱাৰ অভিযোগত জাম্পিং স্পাইডাৰ ষ্টুডিঅ' নামৰ প'ডকাষ্ট চেনেলটোৰ বিৰুদ্ধে চানমাৰি থানাত এজাহাৰ দাখিল কৰে আসাম পাব্লিক ৱৰ্কছে । আসাম পাব্লিক ৱৰ্কছৰ হৈ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে আজি চানমাৰি থানাত দাখিল কৰে এজাহাৰ ।
এজাহাৰত আসাম পাব্লিক ৱৰ্কছে কয়,"শেহতীয়াভাৱে প'ডকাষ্টৰ নামত অসমত একাংশ লোকে হকে-বিহকে কিছুমান অন্ধবিশ্বাস সমাজত বিয়পাই থকা আমাৰ দৃষ্টিগোচৰ হৈছে । অতি শেহতীয়াকৈ চয়তানক পূজা কৰা এটা ভয়ানক সংগঠন ILLUMINATI শীৰ্ষকেৰে যোৱা ২১ ছেপ্টেম্বৰত 'JUMPING SPIDER STUDIO' নামৰ এটি Facebook page পৰা এটা ভিডিঅ' সামাজিক মাধ্যমত এৰি দিয়া হয় । উক্ত ভিডিঅ'যোগে পাশ্চাত্যৰ ILLUMINATI নামৰ কোনো সংগঠনৰ নিকৃষ্ট কিছু কাম-কাজৰ বৰ্ণনা কৰা হয় ।"
লগতে এজাহাৰখনত উল্লেখ কৰে,"হিমাশ্ৰী শইকীয়া নামৰ মহিলা এগৰাকীয়ে আঁত ধৰা উক্ত অনুষ্ঠানত নাম প্ৰকাশ নকৰা এগৰাকী অপ্রকৃতিস্থ যুৱকক মানি আনি ILLUMINATI নামৰ এই পাশ্চাত্যৰ এটি সংগঠনৰ অতি নিকৃষ্টমানৰ অন্ধবিশ্বাসৰ কু-কীৰ্তিৰ বিষয়ে তেওঁলোক আলোচনাত মিলিত হয় । এখন সুস্থ সমাজৰ সকলো পৰিসীমা অতিক্ৰম কৰি তেওঁলোকে কিদৰে পানী কেঁচুৱা এটিক ভয় খুৱাই শিশুটি উত্তেজিত হোৱাৰ লগে লগে অতি হিংসুক পদ্ধতিৰে শিশুটিৰ গলৰ পৰা তেজ সংগ্ৰহ কৰি সেই তেজ কেনেকৈ ILLUMINATI Group ৰ সদস্যসকলে পান কৰি মানৱ সমাজৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰে, তেনে বহুকথা মুকলিভাৱে সামাজিক মাধ্যমত প্ৰকাশ কৰে ।"
"যিটো সময়ত সমাজত সুফলেই হওক বা কুফলেই হওক অসমৰ ফুলকুমলীয়া শিশুসকলেও মোবাইল ফোনত ভিডিঅ'সমূহ চাই থাকে, এনে অৱস্থাত একমাত্র সমাজত অন্ধবিশ্বাস বিয়পোৱাৰ উদ্দেশ্যই এই হিংসুক নিকৃষ্ট ILLUMINATI ৰ নিচিনা পাশ্চাত্যৰ কোনো সংগঠনৰ কু-কীৰ্তি অসমীয়া মানুহৰ মাজত বিয়পাই দিয়া তথা উক্ত সংগঠনৰ সদস্য অসমতো ১১০ শতাংশ নিশ্চিতি দি থকা বুলি কোৱাৰ আঁৰত হিমাশ্ৰী শইকীয়া আৰু উক্ত যুৱকজনৰ কোনো অন্তৰ্নিহিত অসৎ উদ্দেশ্য আছে ।"
"এই ভিডিঅ'টোৱে অসমীয়া নৱ-প্ৰজন্মক বিপথে পৰিচালিত কৰিব । ড্ৰাগছ, সুৰা আদি নিচাই ইতিমধ্যেই যুৱ সমাজক বিপথে নিয়াৰ সময়তে পাশ্চাত্যৰ এনে সংগঠনৰ বিষবাষ্প অসমীয়া সমাজ জীৱনত পৰিকল্পিতভাৱে এৰি দিয়াৰ আঁৰত দুয়োগৰাকীৰে কুঃঅভিসন্ধি স্পষ্ট দেখা যায় । ইয়াৰ পূৰ্বেও হিমাশ্ৰী শইকীয়া নামৰ মহিলাগৰাকীয়ে বিভিন্ন অন্ধবিশ্বাসৰ সৈতে জড়িত ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ চলাইছে । এখন সুস্থ সমাজৰ শৃংখলিত সমাজ ব্যৱস্থাক অন্ধবিশ্বাসেৰে প্ৰৰোচিত কৰা এনে কাণ্ডৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহীত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাই এই এজাহাৰ দাখিল কৰিলো ।" এজাহাৰযোগে আসাম পাব্লিক ৱৰ্কছে সংশ্লিষ্ট পেজটোৰ সৱিশেষ উল্লেখ কৰিছে ।