ETV Bharat / state

বেজেৰাত খাদ‍্যত বিষক্ৰিয়া ঘটি চিকিৎসাধীন 40 গৰাকী লোক - Food poisoning in Bezara

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 1:53 PM IST

Updated : Aug 7, 2024, 2:20 PM IST

Food poisoning: কামৰূপ জিলাৰ বেজেৰাত খাদ‍্যত বিষক্ৰিয়া ঘটি আক্ৰান্ত প্ৰায় 40 গৰাকী লোক ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, এইমছ, বেজেৰা আৰু ৰঙিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আক্ৰান্তসকলক ৷

approx 40 people sick of poisoning after consuming food in Bezara
বেজেৰাত খাদ‍্যত বিষক্ৰিয়া (ETV Bharat)

ৰঙিয়া, 7 আগষ্ট: কামৰূপ জিলাৰ বেজেৰাত খাদ‍্যত বিষক্ৰিয়া হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ এই বিষক্ৰিয়াৰ ফলত প্ৰায় 40 গৰাকীকৈ লোক চিকিৎসাধীন হ’বলগীয়া হৈছে বুলি জানিব পৰা গৈছে । আক্ৰান্ত লোকসকলৰ 12 গৰাকীক ৰঙিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

বেজেৰাত খাদ‍্যত বিষক্ৰিয়া ঘটি চিকিৎসাধীন 40 গৰাকী লোক (ETV Bharat)

জানিব পৰা অনুসৰি, কামৰূপ জিলাৰ বেজেৰা নিবাসী দীনবন্ধু নাথৰ ঘৰত দেওবাৰে গৃহপ্ৰৱেশ উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । এই অনুষ্ঠানটোত গৃহস্থই প্ৰসাদ হিচাপে বুট আৰু মগু আগবঢ়াইছিল ৷ সেয়া অনুষ্ঠানটোত উপস্থিত থকা লোকসকলে গ্ৰহণ কৰিছিল ।

দেওবাৰৰ দিনটোত কোনো লোকৰে একো হোৱা নাছিল যদিও সোমবাৰৰ দিনাখন শিশু-মহিলাসহ প্ৰায় 40 গৰাকী লোকৰ গাত খাদ‍্যৰ বিষক্ৰিয়া হোৱাৰ লক্ষণসমূহে দেখা দিয়ে । তাৰপিছত আক্ৰান্ত লোকসকলৰ অৱস্থাৰ অধিক অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, এইমছ, বেজেৰা আৰু ৰঙিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ৰঙিয়া আদৰ্শ চিকিৎসালয়ত মঙলবাৰৰ নিশা আক্ৰান্তসকলৰ 12 গৰাকী লোকক ভৰ্তি কৰোৱা হয় । চিকিৎসালয়খনত বৰ্তমান আক্ৰান্তসকলৰ চিকিৎসা অব্যাহত ৰখা হৈছে ।

এগৰাকী ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত কয়, "পৰিয়ালটোৰ অনুষ্ঠানটো 4 আগষ্টৰ দিনা আছিল ৷ অনুষ্ঠানত বুট-মাহ আদি প্ৰসাদ হিচাপে দিয়া হৈছিল ৷ উক্ত দিনা একো হোৱা নাছিল যদিও পিচদিনা অৰ্থাৎ 5 আগষ্টৰ দিনা অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিগৰাকী লোকৰে বমি-শৌচ আদি হ’বলৈ ধৰে ৷ সকলোকে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ কিছুমানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, এইমছ আদিলৈও লৈ যোৱা হৈছে ৷"

কিহৰ বাবে এই বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে, সেই বিষয়ে অৱশ্যে জানিব পৰা হোৱা নাই ৷ উপস্থিত লোকসকলে বুট-মাহৰ বিষক্ৰিয়া বুলিয়েই অনুমান কৰিছে ৷

লগতে পঢ়ক: ডিফুত মুড়ি খাই দুটি কিশোৰৰ মৃত্যু

পলু খাই বিষক্ৰিয়া হৈ ২০ গৰাকী লোক চিকিৎসাধীন - food poisoning in Tinsukia

Last Updated : Aug 7, 2024, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.