ETV Bharat / state

আকৌ এখন টেক্স গেট: কাৰ্বি আংলঙৰ জনতাৰ মূৰত ৰাম টাঙোন - KARBI ANGLONG NEW Tax GATE

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 12:44 PM IST

New Tax gate in Karbi Anglong: কাৰ্বি আংলং জিলাত অতিৰিক্ত কৰ সংগ্ৰহ কৰাৰ উদ্দেশ্যে স্বায়ত্তশাসিত পৰিষদে স্থাপন কৰিছে নতুনকৈ আৰু এখন টেক্স গেট ৷ এই গেটখনেৰে বাণিজ্যিক বাহনে পাৰা পাৰ হ’লেই দিব লাগিব কৰ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে APHLC ৰ সভাপতি জেআই কাথাৰে ৷

New Tax gate in Karbi Anglong
কাৰ্বি আংলং জিলাত টেক্স গেট (ETV Bharat Assam)

ডিফু, ১ আগষ্ট : আকৌ টেক্স গেটৰ প্ৰসংগ ৷ এইবাৰ কাৰ্বি আংলং জিলাত টেক্স গেট ৷ তথ্য মতে, পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাত আছে ছয়খনকৈ টেক্স গেট ৷ এইবোৰৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে নকৈ স্থাপন কৰা হৈছে আৰু এখন টেক্স গেট ৷ এই গেটখনেৰে সামগ্ৰী কঢ়িওৱা বাহনে অতিক্ৰম কৰিলেই দিব লাগিব অতিৰিক্ত কৰ ৷

মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলোৱা জনতাৰ মূৰত এইবাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে সোধাইছে ৰাম টাঙোন ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এনে সিদ্ধান্তক লৈ সম্প্ৰতি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অতিৰিক্ত কৰ সংগ্ৰহ কৰাকলৈ অল পাৰ্টী হিলছ লীডাৰ্চ চমুকৈ এপিএইছএলচি (APHLC)ৰ সভাপতি জেআই কাথাৰে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৷

এই টেক্স গেটখনৰ ফলত নগাঁও আৰু কাৰ্বি আংলং জিলা দুখনৰ বজাৰত এতিয়া হোৰাহোৰে বৃদ্ধি পাব ধৰিছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য ৷ খাদ্য সামগ্ৰীয়েই নহয়, মাছ মাংসৰ পৰা আৰম্ভ কৰি গৃহ নিৰ্মাণৰ সামগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে মূল্য ৷

লগতে পঢ়ক : অসমলৈ আলু কঢ়িওৱা ট্ৰাক পূৰ্বৰ দৰেই প্ৰৱেশ কৰিছে : ৰণজিৎ কুমাৰ দাস - Price hike in Assam

জেআই কাথাৰে কয়, ‘‘পাৰখোৱাত ইতিমধ্যে এখন টেক্স গেট আছে ৷ আইনত লিখা আছে, আমাৰ আইনৰ ক’ড ভলিউম ওৱানতে লিখা আছে যে গেট মাত্ৰ এখনহে হ’ব পাৰে ৷ কিন্তু এতিয়া আকৌ বেলেগ এটা গেট দিছে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বে-আইনীভাৱে কৰ সংগ্ৰহ কৰিবলৈ এই গেটটো খুলিছে ৷’’

কাথাৰে আৰু কয়, ‘‘যদিহে প্ৰত্যেকজন ব্যৱসায়ীয়ে সেই গেটেৰে পাৰ হৈ যাওঁতে কৰ দিব লাগে তেন্তে ইয়াত সামগ্ৰীৰ দাম বাঢ়িবই ৷ সেয়ে ইয়াৰ মানুহে এতিয়া মাছ-মাংস, দাইল আদি খাদ্য খাবলৈ এৰিব লাগিব ৷ ‘‘বিজেপি থকালৈকে আমি এনেকৈয়ে ভুগি থাকিব লাগিব ৷ সেয়ে সোনকালে বিজেপিক আঁতৰাব লাগে ৷’’- তেওঁ কয় ৷

লগতে পঢ়ক : আলু-পিঁয়াজেও কোবালে হাফ চেঞ্চুৰী - Vegetables Price hike in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.