ETV Bharat / state

বকলীয়াঘাটৰ মাছমৰীয়া হত্যাকাৰীক শীঘ্ৰে কৰায়ত্তৰ দাবী এ পি এইচ এল চিৰ - Fishermen death in Bokoliaghat

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 10:31 PM IST

APHCL on fishermen death : ১৩ আগষ্টত বকলীয়াঘাটত দুই মাছমৰীয়াক হত্যাৰ ঘটনা চৰকাৰী ষড়যন্ত্ৰ আছিল বুলি আশংকা এ পি এইচ এল চি দলৰ । দুই নিৰীহ মাছমৰীয়াৰ পৰিয়াললৈ ১০ লাখকৈ ক্ষতিপূৰণ প্রদানৰ দাবী ।

APHCL on Fishermen Death
বকলীয়াঘাটৰ মাছমৰীয়াক হত্যাকাৰীক শীঘ্ৰে কৰায়ত্তৰ দাবী এ পি এইচ এল চিৰ (ETV Bharat Assam)

ডিফু, ২ ছেপ্টেম্বৰ : যোৱা ১৩ আগষ্টত বকলীয়াঘাট আৰক্ষী থানাৰ অধীনৰ কাৰ্বি আংলং-হোজাই সীমান্তৰ টকৌবাৰী নামৰ অঞ্চলত নীল বৰদলৈ আৰু বিভীষণ বৰদলৈ নামৰ দুই মাছমৰীয়াক অজ্ঞাত আততায়ীয়ে অতি নৃশংসভাবে হত্যা কৰি পেলাই থৈ গৈছিল । এই ঘটনাৰ ২০ দিন উকলি যোৱাৰ পাছতো ঘটনাটোত জড়িত এজনো ব্যক্তিক আৰক্ষীয়ে আটক কৰিব নোৱৰাত এই ঘটনা সংঘাত সৃষ্টিৰ বাবে চৰকাৰী ষড়যন্ত্রৰ আশংকা প্রকাশ কৰিছে আঞ্চলিক ৰাজনৈতিক দল এ পি এইচ এল চি দলে ।

বকলীয়াঘাটৰ মাছমৰীয়াক হত্যা সন্দৰ্ভত এ পি এইচ এল চিৰ সংবাদমেল (ETV Bharat Assam)

দলটোৰ মুৰব্বী জে আই কাথাৰে সোমবাৰে এক সংবাদমেলযোগে কয়, "অতি সাধাৰণ মাছ-কুছিয়া বিক্রী কৰি সংসাৰ চলোৱা এই দুই ব্যক্তিক হত্যা কৰি তেওঁলোকৰ মৃতদেহ সীমান্তৰ কার্বি আংলং জিলাৰ ভিতৰত পেলাই থৈ যায় । ডিঙি-মূৰ কাটি হত্যা কৰা ব্যক্তি দুজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ত তেজ পৰি থকা নাছিল । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকক আন ঠাইত হত্যা কৰি পেলাই থৈ যোৱা হৈছিল । আনকি তেওঁলোকৰ পিন্ধি থকা চোলা-চেণ্ডেলতো তেজৰ কোনো চেকুৰা নাছিল । সেয়ে এই হত্যাকাণ্ড অতি পৰিকল্পিত আছিল বুলি সকলোৱে অনুমান কৰিছে ।"

তেওঁ লগতে কয়, "জনজাতীয় এলেকাসমূহত গোষ্ঠী সংঘাত ছেপ্টেম্বৰ-অক্টোবৰ মাহত সংঘটিত হোৱাৰ নজিৰ আছে । খেতি কৰা আৰু চপোৱা সময়ত ধানকটাত বাধা দিয়া আৰু ছাত্র-ছাত্রীৰ পঢ়া-শুনাত বাধা দিয়াৰ বাবে দুর্বৃত্তই এই সময়ছোৱা নির্বাচিত কৰে । এতিয়ালৈকে আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত কোনো এজনকো আটক কৰিব নোৱাৰাটো পুলিচৰ বিফলতা আৰু ই এক ডাঙৰ কথা ।"

দোষীক শাস্তি প্ৰদানৰ দাবী জনাই তেওঁ কয়, "জিলা আয়ুক্তক এই সদর্ভত দলে এখন স্মাৰক-পত্র প্রদান কৰি গোটেই কথা অৱগত কৰাৰ লগতে দোষীক সোনকালে কৰায়ত্ত কৰাৰ লগতে উচিত শাস্তি প্রদান কৰাৰ দাবী জনাইছো । লগতে ভুক্তভোগী পৰিয়ালকেইটাক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে বুলি আমি দাবী জনাইছো । ইয়াৰ উপৰি এই টকৌবাৰী অঞ্চলত বিশেষকৈ হোজাইৰ সৈতে থকা সীমাত এটা পুলিচ আউট পোষ্ট নির্মাণৰ দাবী জনাইছো । যদি এয়া কৰা নহয় তেনেহ'লে দুর্বৃত্তই পুনৰ এনে ঘটনা সংঘটিত কৰাৰ আশংকা কৰিছো ।"

এই আশংকাৰ কাৰণ উল্লেখ কৰি তেওঁ কয়, "কাৰণ সিপাৰে মিঞা আৰু বঙালী মানুহৰ বসতি আছে । কিছু আঞ্চলত কার্বি মানুহেও বসতি কৰে । দুয়োপাৰে এনে ঘটনা সংঘটিত কৰি সংঘৰ্ষৰ চেষ্টা চলাব পাৰে ।"

আনহাতে, মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ এই ষড়যন্ত্ৰৰ আঁৰত থকা বুলি উল্লেখ কৰি তেওঁ লগতে কয়, "এই কথাত অধিক শংকা প্রকাশ কৰাৰ কাৰণ হৈছে অসমৰ মুখ্যমন্ত্রীয়ে গোষ্ঠী সংঘর্ষ লগোৱাৰ চেষ্টা চলাই আছে । শেহতীয়া অসম বিধানসভাতে ইয়াৰ উমান পোৱা গৈছে ।"

লগতে পঢ়ক :দুৰ্বৃত্তৰ নৃশংসতাৰ বলি দুজনকৈ মাছমৰীয়া: আৰক্ষীৰ তদন্ত আৰম্ভ - MURDER IN BOKOLIAGHAT
লগতে পঢ়ক :ডিফুত এ পি এইচ এল চিৰ সমদল: বিভিন্ন স্থানত আৰক্ষীৰ বাধা - APHLC Mass Rally in Diphu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.