ETV Bharat / state

স্মাৰ্ট মিটাৰ আৰু সৌৰশক্তিৰ নামত ৰাজ্য চৰকাৰে ব্যাপক লুণ্ঠন চলাইছে: প্ৰদেশ কংগ্ৰেছ - APCC react on smart meter - APCC REACT ON SMART METER

APCC react on smart meter: স্মাৰ্ট মিটাৰ আৰু সৌৰশক্তিৰ নামত হোৱা কেলেংকাৰী সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰ দাবী । ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল । স্মাৰ্ট মিটাৰৰ যোগেদি অসমৰ ৰাইজক লুণ্ঠন চলাই থকা এইখন চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামত ৪০০০ কোটি টকা অপব্যয় কৰাৰ ষড়যন্ত্ৰ কৰিছে । স্মাৰ্ট মিটাৰৰ নামত আদানি গ্ৰুপক আদায় দিয়া হৈছে ৮৪৪.৬৩ কোটি টকা ।

APCC react on smart meter issue and solar energy
কেলেংকাৰী সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 9:51 PM IST

গুৱাহাটী,২১ আগষ্ট: স্মাৰ্ট মিটাৰত বিদ্যুৎ মাচুল বেছিকৈ অহাৰ অভিযোগকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইফালে মুখ্যমন্ত্রীকে ধৰি চৰকাৰী পক্ষই স্মাৰ্ট মিটাৰত মাচুল বেছিকৈ অহাৰ কথাটো সম্পূৰ্ণৰূপে নসাৎ কৰিছে । স্মাৰ্ট মিটাৰৰ প্ৰসংগত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ নামত চৰকাৰে ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

কেলেংকাৰী সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰ দাবী (ETV Bharat Assam)

প্ৰদেশ কংগ্ৰেছে স্মাৰ্ট মিটাৰ আৰু সৌৰশক্তিৰ ক্ষেত্রত শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰে । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, "স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ ৰাইজৰ পৰা আগতীয়াকৈ ধন লৈ লুণ্ঠন চলোৱা অসম চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামতো ব্যাপক অনিয়ম কৰিছে । দীনদয়াল সৌৰশক্তি আঁচনিৰ নামত ৰাজ্য চৰকাৰে ৩১ খন জিলাত প্ৰায় ১৫০০ কোটি টকা ব্যয় কৰি ৰাজ সাহায্যযুক্ত আঁচনি ৰূপায়ণ কৰিছিল যদিও এতিয়া সেইবোৰৰ কোনো চিন-মোকাম নাই । গুৱাহাটীৰ জালুকবাৰীৰ পৰা হাজো আৰু ছয়গাঁও দিশলৈ সৌৰশক্তি চালিত লাইটপোষ্টৰ ব্যৱস্থা কৰিছিল যদিও তাকো এতিয়া বিচাৰি পাবলৈ নাই । স্মাৰ্ট মিটাৰৰ যোগেদি অসমৰ ৰাইজক লুণ্ঠন চলাই থকা এইখন চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামত ৪০০০ কোটি টকা অপব্যয় কৰাৰ ষড়যন্ত্ৰ কৰিছে। আমি প্ৰদেশ কংগ্ৰেছে শক্তি বিভাগৰ আয়-ব্যয়ৰ খতিয়ান ৰাজহুৱা কৰিবৰ বাবে দাবী জনাইছো ।"

বেদব্ৰত বৰাই লগতে কয়, "কাৰ্বি আংলং জিলাত ১০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবৰ বাবে চৰকাৰে ৪০০০ কোটি টকাৰ এক আঁচনি গ্ৰহণ কৰিছে আৰু এই সমগ্ৰ কাম আদানি গ্ৰুপক দিবলৈ প্ৰস্তুতি চলাইছে । ইয়াৰ পূৰ্বে অসমত চলি থকা সাতটা সৌৰশক্তি প্ৰকল্প সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । অসমৰ জলবায়ু সৌৰশক্তি আহৰণ কৰিব পৰাকৈ অনুকূল নহয় ।"

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয়,"স্মাৰ্ট মিটাৰৰ নামত আদানি গ্ৰুপক ৮৪৪.৬৩ কোটি টকা ইতিমধ্যে আদায় দিয়া হৈছে আৰু আদানি ট্ৰেন্সমিশ্যনক ৭ লাখ ৭৩ হাজাৰ ৭২ টা স্মাৰ্ট মিটাৰ সংযোগৰ ঠিকা দিছিল । ইয়াৰ বিপৰীতে জয়পুৰৰ জেনাছ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকছাৰক ১৪ লাখ ৫৯ হাজাৰ ৯০৮টা স্মাৰ্ট মিটাৰ, দিল্লীৰ ইণ্টেলস্মাৰ্ট ইনফ্ৰাষ্ট্ৰাকছাৰ ২১ লাখ ৯৯৮টা, জয়পুৰৰ হাইপ্ৰিণ্ট মিটাৰিঙক ১৪ লাখ ৯১ টা আৰু দিল্লীৰ অ’ প্ৰভা এনাৰ্জিক ৬ লাখ ৯৩ হাজাৰটা স্মাৰ্ট মিটাৰ সংযোগৰ ঠিকা দিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ খাটিখোৱা ৰাইজৰ ওপৰত অভাৰস্মাৰ্ট লুণ্ঠন চলাইছে । চহৰৰ উপকণ্ঠ অঞ্চলত ৩০০ টকা বিদ্যুতৰ মাচুল অহা এলেকাত এতিয়া ১৭০০ টকা মাচুল আহিছে । গুৱাহাটী মহানগৰত ৬০০০ টকা মাচুল অহা লোকৰ বিদ্যুৎ মাচুল বৃদ্ধি হৈ ১১ হাজাৰ টকা হৈছে । এই গোটেই বিষয়টো তদন্ত কৰা উচিত ।"

সংবাদমেলত স্মাৰ্ট মিটাৰ আৰু সৌৰশক্তিৰ নামত হোৱা কেলেংকাৰী সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰো দাবী জনাই মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই । বৰাই কয়,"২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত দীনদয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি যোজনাৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে আৰু এই অনিয়মৰ ফল ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে । 'দীনদয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি যোজনা আঁচনি'ৰ অধীনত চৰকাৰৰ পৰা হিতাধিকাৰীয়ে সৌৰ পেনেল, নিয়ন্ত্ৰক আৰু বেটাৰী ইউনিট লাভ কৰিছিল ।"

লগতে তেওঁ কয়,"তিনিমাহৰ পাচত বহু হিতাধিকাৰীয়ে লাভ কৰা কন্ট্ৰ’লাৰ বক্সত ফাট মেলে আৰু কাম কৰা বন্ধ কৰি দিয়ে । নিয়ম অনুযায়ী বেটাৰীৰ ক্ষতি হ’লে স্থাপন কৰাৰ পাঁচ বছৰৰ ভিতৰত বিনামূলীয়াকৈ সলনি কৰিব পাৰি । কিন্তু এইসকল হিতাধিকাৰীয়ে এতিয়া নিজে ধন খৰছ কৰি সেয়া মেৰামতি কৰি ল’বলগীয়া হৈছে । বহুতৰ ঘৰত আকৌ পেনেল, বেটাৰী আদি এনেই পৰি আছে । সমগ্ৰ আঁচনিখন চূড়ান্ত প্ৰহসনত পৰিণত হৈছে ।"

লগতে পঢ়ক: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে নগাঁৱত দল-সংগঠনৰ প্ৰতিবাদ - PROTEST AGAINST SMART METER

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কোনো বেআইনী কাম আমি ভাল পাব নোৱাৰো: মুখ্যমন্ত্রীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে - Congress Slams Assam CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.