ETV Bharat / state

মথাউৰিক খলনায়ক সজাই মুখ্যমন্ত্রীয়ে অৰণ্যৰোদনৰ চেষ্টা কৰিছে : ভূপেন বৰা - Assam flood 2024

Bhupen Borah on flood problem : মথাউৰি বান সমস্যাৰ স্থায়ী সমাধান নহয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰই বঞ্চনা কৰিছে ৷ বান সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ 20 শতাংশহে ক্ষমতা আছে ৷ এই ভাষ্য ভূপেন বৰাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 4:02 PM IST

Bhupen Borah on flood problem
মুখ্যমন্ত্ৰীক সমালোচনা ভূপেন বৰাৰ (ETV Bharat Assam)

গুৱাহাটী, ৬ জুলাই: ৰাজ্যজুৰি প্ৰলয়ৰ সৃষ্টি কৰা ভয়াৱহ বানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মথাউৰিকে খলনায়ক কৰিব বিচাৰিছে ৷ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । শনিবাৰে গুৱাহাটীৰ এখন হোটেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে বৰ্তমান সময়ত ৰাজ্যৰ ২৮ খন জিলাৰ ২০ লক্ষাধিক লোক বান আৰু গৰাখহনীয়াত আক্ৰান্ত হৈছে । আনহাতে বৰ্তমানলৈ ৪২ গৰাকী লোকে বানত প্ৰাণ হেৰুৱালে । ৰাজনৈতিক লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি এই বক্তব্য ৰখা নাই বুলি সদৰী কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ এটা কথাই আমাক অত্যন্ত চিন্তিত কৰি তুলিছে । মুখ্যমন্ত্ৰীয়ে মথাউৰিসমূহক খলনায়ক সজাই অৰণ্যৰোদন কৰিব বিচাৰিছে বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে মথাউৰি কেতিয়াও বানপানী নিয়ন্ত্ৰণৰ স্থায়ী সমাধান হ’ব নোৱাৰে ।

লগতে পঢ়ক: ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উৰুলি পুঙা : অখিল গগৈ

তেওঁ কয়, ‘‘ প্ৰায় ষাঠিৰ দশকৰ পৰাই অসমত মথাউৰি নিৰ্মাণৰ কাম কৰা হয় আৰু ১৯৮১ চনত ব্ৰহ্মপুত্ৰ ব’ৰ্ড গঠন কৰি কেতবোৰ চিন্তা-চৰ্চা কৰা হৈছিল । পৰৱৰ্তী সময়ত গৱেষণামূলকভাৱে প্ৰতিবেদন প্ৰস্তুত কৰি ব্ৰহ্মপুত্ৰ ব’ৰ্ডে জলসম্পদ বিভাগক দিছিল । কিন্তু কামবোৰ যিধৰণে হ’ব লাগিছিল সেইধৰণে নহ’ল ।" এইক্ষেত্ৰত বিজেপিয়ে কংগ্ৰেছ চৰকাৰে কিয় কৰা নাছিল বুলি প্ৰশ্ন কৰিব পাৰে বুলিও কয় ভূপেন বৰাই ।

এই সন্দৰ্ভত তেওঁ কয় যে ১৫ বছৰ কংগ্ৰেছ শাসনত থকা সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী সেই শাসনৰ অংশীদাৰ আছিল । কংগ্ৰেছ দলে শাসনত থকা সময়ত কিছু কাম কৰিব নোৱৰাৰ বাবেই আজি সেই কামখিনি কৰাৰ কথা আহিছে । তেওঁ কয় যে শাসনলৈ অহা বিজেপিৰ অন্যতম এটা চৰ্ত আছিল অসমক বান আৰু গৰাখহনীয়াৰ পৰা মুক্ত কৰা । কিন্তু কাৰ্যতঃ একো নহ’ল ।

লগতে পঢ়ক: বিলাসীপাৰাত বান সাহায্য লাভৰ পৰা বঞ্চিত গৰিষ্ঠসংখ্যক বন্যাৰ্ত

তেওঁ লগতে কয় যে মথাউৰি এটাৰ আয়ুস কেৱল ২০-২৫ বছৰহে । তেনেস্থলত ২০০১ চনত নিৰ্মাণ কৰা মথাউৰি এটা মেৰামতি কৰিবলগীয়া হোৱাৰ বাবে কংগ্ৰেছ চৰকাৰ দায়ী নহয় । সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীও কংগ্ৰেছ চৰকাৰতে আছিল । বিজেপি চৰকাৰে ব্ৰহ্মপুত্ৰ খনন কৰি এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰাৰ কথা আছিল যদিও বাস্তৱত কিন্তু একো নহ’ল ৷

কেন্দ্ৰই অসমক বঞ্চনা কৰি আহিছে বুলি অভিযোগ তুলি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে ২০২১-২২ চনত কেন্দ্ৰৰ পৰা বিচাৰিছিল ২৬৪০ কোটি টকা । কিন্তু কেন্দ্ৰই দিলে কেৱল ৪৪ কোটি টকা । সেইদৰে ২০২২-২৩ বিচাৰিছিল ১৩০৯ কোটি টকা আৰু কেন্দ্ৰই দিলে কেৱল ১৬০ কোটি টকা ৷ বান সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীৰ কেৱল ২০ শতাংশহে ক্ষমতা আছে বুলি ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ভূপেন বৰাই কয় যে এতিয়ালৈকে কেন্দ্ৰৰ পৰা ১০৭৮৫ কোটি টকা বিচাৰি পালে মাত্ৰ ২৫০ কোটি টকা ৷

লগতে পঢ়ক: ভৰা লুইতত সন্ধানহীন বান সাহায্য দিবলৈ যোৱা ৭ জনীয়া দলটোক উদ্ধাৰ

কেন্দ্ৰৰ পৰা টকা আনিবলৈ মুখ্যমন্ত্ৰীৰ ক্ষমতা নাই বুলি মন্তব্য কৰি তেওঁ ইয়াৰ বাবে অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত এটা সৰ্বদলীয় দল গৈ কেন্দ্ৰীয় চৰকাৰক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে । তেওঁ ৰাজ্যত মথাউৰি নিৰ্মাণ আৰু বানৰ নামত ব্যাপক কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপন কৰি মথাউৰি নিৰ্মাণ আৰু বানৰ নামত কিমান টকা আহিল আৰু কিমান টকা খৰচ কৰিলে সেই সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ বাবে চৰকাৰৰ প্ৰতি দাবী জনায় ।

আনহাতে গুৱাহাটীৰ উন্মুক্ত নলাত পৰি এটি শিশু বৰ্তমানেও নিখোঁজ হৈ থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে গুৱাহাটীৰ নলা-নৰ্দমাসমূহ ঢাকি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যদিও অমান্য কৰা হ’ল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কিয় মনা নহ’ল বুলি প্ৰশ্ন কৰি তেওঁ কয় যে হয়তো মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ গুৰুত্ব নাই ৷ নহ’লে টকা নাই । বৰ্তমানেও নিখোজ হৈ থকা বামুনীমৈদামৰ অবিনাশ সৰকাৰৰ দায়িত্ব কোনো ল’ব বুলি সদৰী কৰি তেওঁ এই সন্দৰ্ভত তদন্ত কৰাৰ দাবী জনায় ৷ গুৱাহাটীৰ বান সমস্যা সমাধান কৰিম বুলি বিজেপিয়ে ৭ বাৰ নিৰ্বাচনত জিকিলে যদিও আজিলৈকে গুৱাহাটীৰ বান সমস্যা সমাধান নহ’ল বুলি ভূপেন বৰাই মন্তব্য কৰে ৷

লগতে পঢ়ক: উদ্ধাৰ হ’ল নিখোজ অবিনাশৰ ছেণ্ডেলযোৰ; নলাই নলাই সন্তানক বিচাৰি হাবাথুৰি দুৰ্ভগীয়া পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.