ETV Bharat / state

তিনি বিধায়কসহ পাঁচ নেতালৈ জাৰি কৰা শ্ব'কজক লৈ কংগ্ৰেছত জোকাৰণি - APCC president Bhupen Kumar Borah

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 10:28 PM IST

Show cause notice to Congress leaders: দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত কংগ্ৰেছৰ পাঁচগৰাকী নেতাক জবাবদিহি কৰি দলৰ অনুশাসন কমিটীয়ে শনিবাৰে দিছিল কাৰণ দৰ্শোৱাৰ জাননী । জাননী ৰাজহুৱা হোৱাৰ পাছতে কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে ভূমিকম্পৰ । দলৰ ভিতৰচ'ৰাৰ বিষয় ৰাজহুৱা হোৱাত দুখ প্ৰকাশ কৰিছে সভাপতি ভূপেন বৰাই ।

Show cause notice to Congress leaders
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: কংগ্ৰেছৰ তিনিগৰাকী বিধায়কসহ পাঁচগৰাকী নেতালৈ জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী । যিখন জাননীকলৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লোকসভা নিৰ্বাচনৰ সময়ত দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত পাঁচগৰাকী নেতালৈ শনিবাৰে জাৰি কৰা হৈছিল কাৰণ দৰ্শোৱাৰ জাননী । লোকসভা নির্বাচনত সংবাদ মাধ্যমৰ আগত দল বিৰোধী মন্তব্য কৰাৰ অভিযোগত বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক ভৰত নৰহ, প্ৰদেশ মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ আৰু হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ছামছুদ্দিন বৰলস্কৰলৈয়ো কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল । এই পাঁচগৰাকী নেতাই শ্ব'কজৰ উত্তৰ সাত দিনৰ ভিতৰত দিব লাগিব ।

এই সন্দৰ্ভত শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটীয়ে প্ৰেছ বিবৃতিযোগে বিষয়টো ৰাজহুৱা কৰিছিল । তাৰ পাছতে ইয়াক লৈ এতিয়া দলটোৰ আভ্যন্তৰত জোকাৰণিৰ সৃষ্টি হৈছে । অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ে নাজানে বিষয়টো ৰাজহুৱা কৰাৰ কথা ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয়, "দলৰ আভ্যন্তৰীণ বিষয় এটা ৰাজহুৱা হোৱাত দলৰ সভাপতি হিচাপে মই অত্যন্ত দুঃখিত । এনে কাৰ্য হ’ব নালাগিছিল । সকলোৰে ঘৰত অলপ খুটখাত থাকে । দলটো থাকে । দলৰ ভিতৰৰ কথা ৰাজহুৱা কৰাত মই দুঃখিত ।"

তেওঁ লগতে কয়, "মই নাছিলো, ছয়দিন মই অসমৰ বাহিৰত আছিলো । এইটো হ'ব নালাগিছিল আৰু এইটো আভ্যন্তৰীণ বিষয় । এই বিষয়টো কিয় ৰাজহুৱা হ'ল মই খবৰ ল'ম আৰু সকলোৰে লগত কথা পাতিম । ইতিমধ্যে বিষয়টোৰ লগত জড়িত কৰাসকলৰ লগত মোৰ অফিচৰ পৰা সাধাৰণ সম্পাদকে কথা পাতি জনাইছে যে এইটো এটা মিছ কমিউনিকেশ্বন হৈছে । দলৰ ভিতৰৰ কথা আমি ভিতৰতে মীমাংসা কৰিম । গতিকে সকলোৰে লগত মই কথা পাতিম । প্ৰথম কথা হৈছে যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মকাণ্ডসমূহ গাপ দিয়াৰ বাবে যদি কংগ্ৰেছৰ ভিতৰুৱা বিষয়টো ডাঙৰ কৰিব বিচাৰিছে তেতিয়া হ'লে মোৰ ক'বলগীয়া একো নাই । দলৰ আভ্যন্তৰীণ বিষয় এটা ৰাজহুৱা হোৱাটোত সভাপতি হিচাপে মোৰ সন্মতি নাই ।"

সভাপতি ভূপেন বৰাৰ এই মন্তব্যৰ পৰা এইটো কথা স্পষ্ট যে দলৰ ভিতৰচ'ৰাত অনুশাসনৰ অভাৱৰ লগতে সংঘাত আছে । কাৰণ সভাপতিক অৱগত নকৰাকৈ কিয় জাৰি কৰা হ'ল প্ৰেছ বিবৃতি । কিহৰ স্বাৰ্থত এনেদৰে তিনিগৰাকী বিধায়কসহ পাঁচগৰাকী নেতাক ৰাজহুৱাভাৱে অপমানিত কৰা হ'ল । প্ৰদেশ কংগ্ৰেছ ভিতৰচ'ৰাত এনেবোৰ প্ৰশ্নক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটিৰ অধ্যক্ষ নৃপেন্দ্ৰ ঠাকুৰীয়া, সহঃ অধ্যক্ষ ববিতা শৰ্মা আৰু সদস্য সচিব অধিবক্তা ছিৰাজুল হুছেইন শ‍ইকীয়াই স্বাক্ষৰ কৰি এখন প্ৰেছ বিবৃতি জাৰি কৰা হৈছিল । বিবৃতিখনত বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক ভৰত চন্দ্ৰ নৰহ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ আৰু হাইলাকান্দি জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ছামছুদ্দিন বৰলস্কৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ কথা উল্লেখ কৰা হৈছিল । লগতে কি কাৰণত জাননী জাৰি হৈছে সেই সম্পৰ্কে সবিশেষ কাৰণ উল্লেখ কৰা হৈছিল ।

আনহাতে সাতদিনৰ ভিতৰত তেওঁলোকক উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছিল । যাৰ পিছতেই সমগ্ৰ বিষয়টোক লৈ দলটোৰ ভিতৰত ব্যাপক জোকাৰণিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: তিনি বিধায়কসহ পাঁচ কংগ্ৰেছ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী : কোন কোন আছে তালিকাত ? - Assam Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.