ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে : ভূপেন বৰা - Bhupen Borah on By election

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:51 PM IST

APCC president slams BJP: প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই শনিবাৰে বজালী জিলাত বান পৰিস্থিতিৰ বুজ লৈ কেইবাটাও বিষয়ত চৰকাৰৰ বিৰুদ্ধে কৰিলে বিস্ফোৰক মন্তব্য় ।

APCC president slams BJP
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি (ETV BHARAT ASSAM)

নলবাৰী, ২২ জুন: " মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন বন্ধ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে । কিন্তু উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক বাধ্য কৰাব কংগ্ৰেছে ।" এই মন্তব্য় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ । শনিবাৰে বজালী জিলাত বান পৰিস্থিতিৰ বুজ লৈ এইদৰে মন্তব্য় কৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে । বজালীৰ পৰা বান পৰিস্থিতি পৰিদৰ্শন কৰি নলবাৰী জিলাৰ টিহুত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কেইবাটাও মন্তব্য় কৰে ।

টিহুত জিৰণি লোৱাৰ উদ্দেশ্যে উপস্থিত হৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয় যে '২৬ৰ ৰাজনৈতিক সমীকৰণ সলনিৰ ইংগিত গোটেই দেশজুৰি ইতিমধ্যে বিয়পি গৈছে । মুখ্যমন্ত্ৰীয়ে অসমত কংগ্ৰেছ শূণ্য হ'ব বুলি কৈছিল । ৰাজীৱ ভৱনক লৈ তাচ্ছিল্যসূচক মন্তব্য কৰিছিল । কিন্তু ৰাইজৰ কংগ্ৰেছৰ লগতহে লানি নিচিগা সোঁত বৈছে ।

লগতে পঢ়ক:এগজিট প’লে যিয়েই নকওক ফলাফল ভাল হ’ব বুলি আশাবাদী ভূপেন বৰা - Lok Sabha Election 2024 results

আনহাতে, নীট আৰু নেট পৰীক্ষাৰ দুৰ্নীতি আৰু বিসংগতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে বিজেপিয়ে নীটক লৈ হেতালি খেলিছে বুলি মন্তব্য কৰি কয়," ৭ বছৰত ৭০ বাৰ পেপাৰ লিক হৈছে ।" গাজা আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব পৰা মোদীয়ে কিয় পেপাৰ লিক বন্ধ কৰিব নোৱাৰে তাক লৈ প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাই । লগতে ৰে'ল দুৰ্ঘটনাও কিয় বন্ধ কৰিব নোৱাৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰে ভূপেন বৰাই ।

তেওঁ পুনৰ কয়," ৰাইজৰ আচল সমস্যাক বিজেপিয়ে গুৰুত্ব নিদিয়ে । সেয়েহে ৰাইজে বিজেপিক গুৰুত্বহীন কৰিব ।" তদুপৰি বিজেপিয়ে উপ-নিৰ্বাচন বন্ধ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলিও মন্তব্য কৰি ভূপেন বৰাই উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক বাধ্য কৰাব বুলিও মন্তব্য় কৰে । সকলোতে কংগ্ৰেছৰ ভোট বাঢ়িছে, বিশ্বাস বাঢ়িছে সেই কথাটোক বিজেপিয়ে সহজভাৱে ল'ব পৰা নাই বুলি মন্তব্য কৰি তেওঁ কয়," মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ কৰাৰ চেষ্টা কৰিছে কিবা বুদ্ধি কৰি উপ-নিৰ্বাচন বন্ধ কৰিব পাৰি নেকি ।"

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন আয়োগ নেকি ? প্ৰশ্ন কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ - Bhupen Bora on By election

আমি হাৰি হাৰিও জিকিছো, বিজেপি জিকি জিকিও হাৰিছে: ভূপেন কুমাৰ বৰা - Lok sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.