গোলাঘাট,৯ এপ্ৰিল : নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ মাজৰ বাকযুদ্ধ আকৰ্ষণীয় হৈ পৰিছে । ভোটাৰক আকৰ্ষণৰ স্বাৰ্থত ইজন নেতাই আনজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে । বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ মাজৰ বাকযুদ্ধই বিশেষ চৰ্চা লাভ কৰিছে ।
দেৰগাঁৱত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীজনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । ভূপেন বৰাৰ মতে হত্যাৰ গোচৰৰ অভিযুক্ত অসমৰ মুখ্যমন্ত্ৰী । চুপাৰি ছিণ্ডিকেটৰ ধন লাভ কৰে মুখ্যমন্ত্ৰীয়ে ! ভূপেন বৰাৰ অভিযোগ- প্ৰতিকেজি চুপাৰিত অসমৰ মুখ্যমন্ত্ৰীয়ে ৩০ টকাকৈ পায় । এই কথা মুখ্যমন্ত্ৰীক সুধিবলৈ সংবাদ মাধ্যমক আহ্বান জনালে ভূপেন বৰাই ।
মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰি ভূপেন বৰাই কয় যে মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰত অভিযুক্ত মুখ্যমন্ত্ৰীগৰাকী । বিভিন্ন ছিণ্ডিকেটৰ ধন মুখ্যমন্ত্ৰীয়ে লাভ কৰে বুলিও তেওঁ অভিযোগ কৰে । দেৰগাঁৱত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ সভাপতিগৰাকী শাসকীয় দল আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।
ভূপেন বৰাৰ মতে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে । সংবাদ মাধ্যমে তেওঁৰ মন্তব্য সম্পূৰ্ণকৈ প্ৰচাৰ নকৰে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । ভূপেন বৰাৰ মতে সৰ্বসাধাৰণ ৰাইজে এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে । কাৰণ ৰাইজৰ মৌলিক সমস্যাক তল পেলাবলৈ বিভিন্ন ধৰণৰ অপ্ৰয়োজনীয় কথা বতৰা কৈ থাকে বিজেপিয়ে । তেওঁৰ মতে বিজেপিয়ে লাখপতি বাইদেউ আঁচনিৰ নামত মহিলাসকলক ঠগিব বিচাৰিছে ।
৬ জনগোষ্ঠীক জনজাতিকৰণ আৰু অসমত ৩৫ লাখ নিবনুৱা হোৱাৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকী নিমাত কিয় বুলিও তেওঁ প্ৰশ্ন কৰে । ইফালে চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা দিব পৰা নাই আৰু কৰ্মচাৰীৰ দৰমহা দিবলৈ পুনৰ বিজেপি চৰকাৰে বেংকৰ পৰা ১০০০ কোটি টকাৰ ঋণ বিচাৰিছে আছে বুলি তেওঁ অভিযোগ কৰে । যদি ঋণ লৈ কৰ্মচাৰীক দৰমহা দিব লাগে তেনেহ'লে ডাবল ইঞ্জিন চৰকাৰৰ কি প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে । ৰাইজে ১৯ এপ্ৰিলত সকলো কথা প্ৰত্যুত্তৰ দিব বুলিও তেওঁ দাবী কৰে ।
লগতে পঢ়ক :বিজেপিৰ বিৰুদ্ধে ৰাইজক আভুৱা ভৰাৰ অভিযোগ গৌৰৱ গগৈৰ - Lok Sabha Election 2024