ETV Bharat / state

৫ লাখ শিক্ষাগুৰুৰ ওচৰলৈ যাব কংগ্ৰেছৰ নেতা-কৰ্মী - Teachers Day 2024

Teachers Day 2024: সমাগত পঞ্চায়ত নিৰ্বাচন । ২০২৬ চনত হ'ব বিধানসভা নিৰ্বাচন । যাৰ বাবে কংগ্ৰেছ দলে বিভিন্ন ৰণনীতি প্ৰস্তুত কৰিছে । এনে সময়তে অহা ৫ ছেপ্টেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গ্ৰহণ কৰিছে গুৰু প্ৰণাম শীৰ্ষক কাৰ্যসূচী । কি এই কাৰ্যসূচী ?

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 3:11 PM IST

Teachers Day 2024
৫ লাখ শিক্ষাগুৰুৰ ওচৰলৈ যাব কংগ্ৰেছৰ নেতা-কৰ্মী (ANI)

গুৱাহাটী,১ ছেপ্টেম্বৰ : এইবাৰ কংগ্ৰেছ দলে শিক্ষকৰ ঘৰে ঘৰে যোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । এই কাৰ্যসূচীৰ নাম দিছে 'গুৰু প্ৰণাম'। শিক্ষাগুৰুক সন্মান জনোৱাৰ লগতে দলীয় কাৰ্যসূচী লৈ শিক্ষকৰ গৃহত উপস্থিত হ'ব কংগ্ৰেছ দলৰ নেতা-কৰ্মী । সামাজিক মাধ্যমযোগে দেওবাৰে এই কথা সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।

৫ লাখ শিক্ষাগুৰুৰ ওচৰলৈ যাব কংগ্ৰেছৰ নেতা-কৰ্মী (ETV Bharat)

কংগ্ৰেছৰ গুৰু প্ৰণাম কাৰ্যসূচী

গুৰু প্ৰণাম কাৰ্যসূচী সন্দৰ্ভত ভূপেন বৰাই কয়, "৫ ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে । এইবাৰ শিক্ষক দিৱসৰ দিনা আমি কংগ্ৰেছ দলে অসমৰ কৰ্মৰত বা অৱসৰপ্ৰাপ্ত ৫ লাখ শিক্ষাগুৰুৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । সেইকাৰণে মই আমাৰ দলৰ প্ৰতিগৰাকী সাংসদ, বিধায়ক, প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তা, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কমিটি, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এন এছ ইউ আই, সেৱা দল আৰু আমাৰ বিভিন্ন কোষ আৰু বিভাগৰ কৰ্মকৰ্তা তথা দলৰ সকলো পৰ্যায়ৰ সদস্যসকলক অনুৰোধ জনাইছো যে ৫ ছেপ্টেম্বৰৰ দিনটোত আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে আমাক শিক্ষা জীৱনত শিক্ষাদান কৰা আমাৰ ঘৰৰ ওচৰৰ যিকোনো এজন শিক্ষকৰ ঘৰত গৈ আমি তেখেতৰ পৰা আশীৰ্বাদ ল'ব লাগে আৰু সম্বৰ্ধনা জনাব লাগে । তেখেতৰ খবৰ লোৱাৰ লগতে আমাৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত আৰু আমাৰ দলটোৰ বাবে পৰামৰ্শ লোৱাৰো এটা কাৰ্যসূচী আমি ৰাখিছো । কিন্তু মূলত আমাৰ উদ্দেশ্য হৈছে শিক্ষকসকলক সম্বৰ্ধনা জনোৱা ।"

ভূপেন কুমাৰ বৰাই লগতে কয়, "আমি এই কাৰ্যসূচীৰ নাম দিছো 'গুৰু প্ৰণাম'। আমাৰ লক্ষ্য হৈছে অসমৰ কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত ৫ লাখ শিক্ষকক আমি ঘৰলৈ গৈ সম্বৰ্ধনা জনোৱা আৰু সেই কামটো আমাৰ দলৰ সকলোৱে কৰিব । ৫ ছেপ্টেম্বৰৰ পুৱাৰ পৰা আগবেলাৰ ভিতৰত সকলো কংগ্ৰেছ নেতা-কৰ্মীয়ে গুৰু প্ৰণাম কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ফটো পঠিয়াব বুলি আশা কৰিলো ।"

লক্ষণীয় বিষয় যে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে কংগ্ৰেছ দলৰ চিন্তা-চৰ্চা সম্পৰ্কে শিক্ষাগুৰুসকলৰ লগত আলোচনা কৰাৰ লক্ষ্যৰে প্ৰদেশ কংগ্ৰেছে এই কাৰ্যসূচী গ্ৰহণ কৰিছে । সমাগত পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী কংগ্ৰেছে গ্ৰহণ কৰিছে বুলিও চৰ্চা হৈছে ।

লগতে পঢ়ক :ইউৰিয়া ব্যৱহাৰ কৰা মাছৰ বাবে বৃদ্ধি পাইছে বৃক্কৰ ৰোগ : মুখ্যমন্ত্রী - CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.