ETV Bharat / state

এ পি এছ চি কেলেংকাৰী : চাকৰিৰ পৰা নিলম্বিত হ’ল আৰু এগৰাকী ৰাজপত্ৰিত বিষয়া - APSC scam - APSC SCAM

APSC CASH FOR JOBS SCAM : কেলেংকাৰীৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’ল আৰু এগৰাকী ৰাজপত্ৰিত বিষয়া ৷ নিলম্বিত হ’ল 2012 বৰ্ষত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ সহকাৰী নিয়োগ বিষয়া ৷

APSC CASH FOR JOBS SCAM
চাকৰিৰ পৰা নিলম্বিত আন এগৰাকী ৰাজপত্ৰিত বিষয়া (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 7:49 PM IST

গুৱাহাটী, 2 জুন : এ পি এছ চি (APSC) কেলেংকাৰীৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’ল আৰু এগৰাকী ৰাজপত্ৰিত বিষয়া ৷ নিলম্বিত হ’ল 2012 বৰ্ষত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ সহকাৰী নিয়োগ বিষয়া মৃদুল হাজৰিকা ৷ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ত কৰ্মৰত আছিল মৃদুল হাজৰিকা ৷ ৰাজ্য চৰকাৰে নিলম্বন কৰে বিষয়াগৰাকীক ৷

এ পি এছ চি পৰীক্ষা কেলেংকাৰীৰ বিৰুদ্ধে ন্যায়িক আয়োগে দিয়া প্ৰতিবেদনত বিষয়াগৰাকীৰ নাম নাছিল যদিও এছ আই টিৰ তদন্ত পোহৰলৈ আহে মৃদুল হাজৰিকাৰ পৰীক্ষাৰ বিসংগতিৰ তথ্য ৷ উল্লেখ্য যে এ পি এছ চিৰ তদানীন্তন অধ্যক্ষ দুৰ্নীতিৰ সদাগৰ ৰাকেশ কুমাৰ পালৰ কাৰ্যকালত 2013 আৰু 2014ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত কেলেংকাৰী সন্দৰ্ভত 2016 চনত ডিব্ৰুগড় থানাত ৰুজু হৈছিল গোচৰ ৷

এ পি এছ চি পৰীক্ষা কেলেংকাৰীৰ বিৰুদ্ধে ন্যায়িক তদন্ত কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া আয়োগে দিয়া প্ৰতিবেদনৰ আধাৰত দ্বিতীয় পৰ্যায়ৰ তদন্তৰ দায়িত্ব এছ আই টিক দিয়া হৈছে ৷ ৰাকেশ কুমাৰ পালৰ আমোলত সংঘটিত হোৱা অসম লোকসেৱা আয়োগৰ এই ভয়ংকৰ দুর্নীতি আৰু কেলেংকাৰীৰ গোচৰৰ তদন্তত পূৰ্বে ৰৈ যোৱা আসোঁৱাহ দূৰ কৰি তদন্ত আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ তদন্ত গোট (এছ আই টি) গঠন কৰিছিল ৷ বিগত বৰ্ষৰ অক্টোবৰত চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা এছ আই টিয়ে এই পর্যন্ত এ পি এছ চি কেলেংকাৰীৰ কেইবাগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী গোচৰৰ এছ আই টি তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন উচ্চ ন্যায়ালয়ত দাখিল - APSC Cash For Job Scam

লগতে পঢ়ক : চি আই ডি কাৰ্যালয়ত হাজিৰ এ পি এছ চিৰ ৭ গৰাকী পৰীক্ষা নিৰীক্ষক - APSC Cash For Job Scam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.