ETV Bharat / state

হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাণ্ডৰ আন এক অভিযুক্তক গ্ৰেপ্তাৰ - Murder in Dudhnoi

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 5:37 PM IST

Murder in Dudhnoi: গোৱালপাৰাৰ দুধনৈৰ চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাণ্ডৰ লগত জড়িত আন এক অভিযুক্তক গ্ৰেপ্তাৰ ৷ গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ নাম ৰমজান আলী । শুকুৰবাৰে নিশা কাৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত ৰমজান আলীক । হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰায় দুমাহৰ পিচত হিৰন্ময় খাখলাৰীৰ মাতৃক সাক্ষাৎ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ।

Another accused in Hiranmoy Khaklari's murder arrested in Goalpara
হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাণ্ডৰ আন এক অভিযুক্তক গ্ৰেপ্তাৰ (ETV Bharat Assam)

গোৱালপাৰা,২৯ জুন: গোৱালপাৰা জিলাৰ দুধনৈৰ চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাণ্ডৰ লগত জড়িত আন এগৰাকী ব্যক্তিক শুকুৰবাৰে নিশাৰ ভাগত দুধনৈ আৰু মাটিয়া আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হয় ৷ ২৬ জুনত, অৰ্থাৎ হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰায় দুমাহৰ পিচত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰয়াত হিৰন্ময় খাখলাৰীৰ বাসগৃহত উপস্থিত হৈ হিৰন্ময়ৰ দুৰ্ভগীয়া মাতৃ বাসন্তী খাখলাৰীক সাক্ষাৎ কৰি সমবেদনা প্ৰকাশ কৰাৰ লগতে আৰক্ষীক তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে ৷

মন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিচতে তৎপৰ হৈ উঠে দুধনৈ আৰক্ষী ৷ মন্ত্ৰীৰ নিৰ্দেশৰ পিচতেই আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশাৰ ভাগত হিৰণ্ময় খাখলাৰীৰ হত্যাকাণ্ডৰ লগত জড়িতৰ অভিযোগত পলাতক অবস্থাত থকা আন এক অভিযুক্ত ৰমজান আলীক দুধনৈ আৰু মাটিয়া আৰক্ষী থানাৰ যৌথ অভিযানত দুধনৈৰ নিকটৱৰ্তী দুধনৈ থানাৰ অন্তৰ্গত কাৰিপাৰাৰ এখন প্ৰাথমিক বিদ্যালয়ত নিশা শুই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰি দুধনৈ থানালৈ আনে । ইতিমধ্যে দুধনৈ আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা গোচৰ নং ৩৯/২৪, ইউ,এছ ১২০/(বি)/৩০২ আইপিচি ধাৰা অনুসৰি ৰমজান আলীক গোৱালপাৰা আদালতলৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, ৰমজান আলীয়ে দুধনৈ দলবদ্ধ ধৰ্ষণকাণ্ড আৰু হিৰণ্ময় খাখলাৰীৰ হত্যাকাণ্ডৰ মুল অভিযুক্ত ধন তালুকদাৰৰ মোমায়েক আৰু আন এগৰাকী অভিযুক্ত বাহাৰ আলীৰ পিতৃ বুলি জানিব পৰা গৈছে ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে দুধনৈৰ ধৰ্ষণ আৰু হিৰণ্ময় খাখলাৰীৰ হত্যাকাণ্ডৰে জড়িত আন এক অভিযুক্ত বৰ্তমানেও পলাতক অবস্থাত আছে ৷

লগতে পঢ়ক: হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ আশ্বাস মন্ত্ৰী ব্ৰহ্মৰ - UG Brahma in Dudhnoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.