ETV Bharat / state

টিউচনৰ মাননি বিচৰাৰ বাবে অসমীয়া যুৱতীক অপদস্থ অনা অসমীয়া দম্পতীৰ !

শিৱসাগৰত বহিৰাগতৰ আক্ৰমণৰ বলি অসমীয়া যুৱতী । সম্প্ৰতি শিৱসাগৰ চিকিৎসালয়ত চিকিৎসাধীন যুৱতীগৰাকী ৷

author img

By ETV Bharat Assamese Team

Published : 5 hours ago

Updated : 4 hours ago

Assamese girl Assault
অসমীয়া যুৱতীক অপদস্থ অনা অসমীয়া দম্পতিৰ ! (ETV Bharat Assam)

আমগুৰি: শিৱসাগৰ জিলাত অসমীয়া আৰু অনা-অসমীয়াৰ মাজত বিভিন্ন সময়ত সংঘাট অব্যাহত থকাৰ মাজতে পুনৰ নামতি চাৰিআলিত এগৰাকী অসমীয়া যুৱতীক এহেজাৰ টকাৰ বাবেই অনা-অসমীয়া এক দম্পতীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনা পোহৰলৈ অহাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে শনিবাৰে নামতি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং অভয়াপুৰীয়া গাঁৱৰ এগৰাকী যুৱতীক নামতি চাৰিআলিস্থিত অনা-অসমীয়া ব্যৱসায়ী সুনিল ঠাকুৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হৈ পাবলগীয়া এহেজাৰ টকা বিচাৰে । ইয়াতে খড়্গহস্ত হৈ সুনিল ঠাকুৰৰ লগতে পত্নী পুনম দেৱীয়ে যুৱতীগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে ।

জানিব পৰা মতে ভুক্তভোগী শিক্ষিতা যুৱতীগৰাকী সুনিল ঠাকুৰৰ সন্তানৰ ঘৰুৱা টিউটৰ হিচাপে নিয়োজিত আছিল । শনিবাৰে য়ুৱতীগৰাকীয়ে পাবলগীয়া এহেজাৰ টকা বিচাৰি যাওতেই শাৰীৰিকভাৱে প্ৰহাৰ কৰে অনা-অসমীয়া দম্পতীদ্বয়ে । ঘটনাৰ পিছতে সমগ্ৰ বিষয়টো গাপ দিয়াৰ কাৰণে নামতি আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ এক দালালচক্ৰই উঠি-পৰি লাগি ভুক্তভোগী পৰিয়ালটোক এজাহাৰ দিয়াৰ পৰা বিৰত ৰাখে । আনহাতে নিশা ভুক্তভোগী যুৱতীগৰাকীৰ শাৰীৰিক অৱনতি ঘটাত জয়সাগৰস্থিত শিৱসাগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইয়াৰ পাছতেই আজি সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে বীৰ লাচিত সেনাৰ শৃংখল চলিহা আৰু আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোমে সমগ্ৰ ঘটনা তদন্ত কৰি নামতি আৰক্ষীক দোষীক গ্ৰেপ্তাৰৰ দাবী জনায় । শৃংখল চলিহাই নামতি আৰক্ষী থানাত উপস্থিত হৈ বিহাৰী সম্প্ৰদায়ৰ মানুহে অসমীয়া যুৱতীক আক্ৰমণ কৰিব এই কথা সহ্য কৰা নহ’ব বুলি ঘোষণা কৰে । ইয়াৰ পিছতে ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃয়ে নামতি থানাত এখন এজাহাৰ দাখিল কৰে ।

ভুক্তভোগী যুৱতীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত নামতি আৰক্ষীয়ে ১২/২৪ নম্বৰৰ গোচৰ ৰুজু কৰা লগতে ভাৰতীয় ন্যায় সংহিতাৰ ১১৭(২)/৭৪/৩(৫) ধাৰা ৰুজু কৰিছে । ভুক্তভোগী যুৱতীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত নামতি আৰক্ষীয়ে ১২/২৪ নম্বৰৰ গোচৰ ৰুজু কৰা লগতে ভাৰতীয় ন্যায় সংহিতাৰ ১১৭(২)/৭৪/৩(৫) ধাৰা ৰুজু কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সুনীল ঠাকুৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: খিলঞ্জীয়া মানুহৰ ওপৰত অখিলঞ্জীয়া লোকৰ আগ্ৰাসনৰ পক্ষপাতী নহয় বীৰ লাচিত সেনা অসম - Veer Lachit Sena Assam

Last Updated : 4 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.