ETV Bharat / state

পৌৰসভাৰ লাখ লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰ সংগ্ৰাহকৰ; এজাহাৰ দাখিল - Financial Scam in Jorhat Municipal - FINANCIAL SCAM IN JORHAT MUNICIPAL

Jorhat Municipal Board: ভয়ংকৰ বিত্তীয় কেলেংকাৰী যোৰহাট পৌৰসভাত ৷ লাখ লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰ সংগ্ৰাহকৰ ৷ এজাহাৰ দাখিল ৷

Jorhat Municipal Board
ভয়ংকৰ বিত্তীয় কেলেংকাৰী যোৰহাট পৌৰসভাত (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:14 AM IST

পৌৰসভাৰ লাখ লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰ সংগ্ৰাহকৰ; এজাহাৰ দাখিল (Etv bharat assam)

যোৰহাট, 10 মে’: যোৰহাট পৌৰসভাত সংঘটিত হৈছে ভয়ংকৰ বিত্তীয় কেলেংকাৰী । কৰ সংগ্ৰাহকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ নাগৰিকৰ পৰা সংগ্ৰহ কৰা লাখ লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰাৰ অভিযোগ উত্থাপন হৈছে কৰ সংগ্ৰাহকৰ বিৰুদ্ধে ।

জানিব পৰা মতে, ৰঞ্জন ৰাজখোৱা নামৰ কৰ সংগ্ৰহকজনে 2021 চনৰ পৰা নাগৰিকৰ পৰা সংগ্ৰহ কৰা বহু লক্ষাধিক টকা পৌৰসভাত জমা নিদিয়াকৈ আত্মসাৎ কৰে । নগৰৰ 15 নং ৱাৰ্ডৰ কৰ সংগ্ৰাহকজনক প্ৰায় 90 খন ৰচিদ বহি পৌৰসভাৰ পৰা ইচ্ছ্যু কৰা হৈছিল । কিন্তু এই ৰচিড বহীৰ বিপৰীতে সংগ্ৰহ কৰা কৰৰ এটকাও পৌৰসভাত জমা নিদিয়াৰ লগতে 2021 চনৰ পৰা ৰচিড বহি পৰ্যন্ত জমা দিয়া নাছিল বুলি অভিযোগ তুলিছে যোৰহাট পৌৰসভা কাৰ্যালয়ে ।

কিন্তু শেহতীয়াকৈ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে ট্ৰেড লাইচেন্স নবীকৰণ কৰিবলৈ যোৱাৰ পাচতহে এই বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে । নিয়মীয়াকৈ কৰ দি ৰচিড লৈ থকা উক্ত প্ৰতিষ্ঠানখনৰ তথ্য পৌৰসভাৰ কম্পিউটাৰত উপলব্ধ নাছিল । প্ৰাৰম্ভিক অনুসন্ধান এনুসৰি 10 লক্ষাধিক কৰ আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে যদিও কিমান লোকৰ কৰৰ তথ্য কম্পিউটাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

এই কেলেংকাৰী পোহৰলৈ অহাৰ পাচতে যোৰহাট পৌৰসভাৰ তৰফৰ পৰা কৰ সংগ্ৰাহক ৰঞ্জন ৰাজখোৱাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এখন এজাহাৰ দিছে যোৰহাট পৌৰসভা কাৰ্যালয়ে । শেহতীয়াকৈ বহু নাগৰিকৰ ৰচিড পৰীক্ষা কৰাত তেওঁলোকৰ পৰা সংগ্ৰহ কৰা কৰৰ তথ্য কম্পিউটাৰত এন্ত্ৰী নকৰাৰ কথাও পোহৰলৈ আহিছে । সেয়ে হ’লে এই আত্মসাতৰ ধনৰ পৰিমাণ কোটিৰ ঘৰত হ’ব বুলি অনুমান কৰা হৈছে ।

ইফালে, দীৰ্ঘদিনে কৰ সংগ্ৰাহকজনে ধন জমা নকৰাৰ পাচতো পৌৰসভাৰ পৌৰপতি বা কাৰ্যবাহী বিষয়া কিয় নিশ্চুপ হৈ আছিল, তাকেলৈও গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । এই কেলেংকাৰীৰ সঠিক তদন্ত হ’লে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: গুৰুজনাৰ জন্মস্থানত বিত্তীয় কেলেংকাৰী ! বটদ্ৰৱা থানৰ সম্পাদকৰ বিৰুদ্ধে অভিযোগৰ আঙুলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.