ETV Bharat / state

পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে লাখ লাখ ধন আত্মসাতৰ অভিযোগ - panchayat employee fraud - PANCHAYAT EMPLOYEE FRAUD

Scheme of 15th Finance Commission :পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি ৷ পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ, দণ্ডাদীশ পৰ্যায়ৰ তদন্তৰ দাবী স্থানীয় লোক ৷

Scheme of 15th Finance Commission
পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে লাখ লাখ ধন আত্মসাতৰ অভিযোগ (Etv Bharat ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 1:46 PM IST

পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে লাখ লাখ ধন আত্মসাতৰ অভিযোগ (Etv Bharat ASSAM)

জোনাই, ২১ মে’ : চিমেন চাপৰি গাঁও পঞ্চায়তত ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জোনাই বিধানসভা সমষ্টিৰ মূৰ্কংচেলেক (জনজাতি) উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ পৰা আৰম্ভ কৰি চিমেন চাপৰি গাঁও পঞ্চায়তৰ কৰ্মচাৰীলৈকে পঞ্চায়তখনত ৰূপায়িত হৈ থকা পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়ণত বিত্তীয় অনিয়মৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা অনুসৰি, তিনি লাখ টকা পুঁজিৰে মাছখোৱা চাৰিআলিত চি এম এছ চি (কমিউনিটি মেনেজ চেনিটাৰী কমপ্লেক্স) নিৰ্মাণ, তিনি লাখ টকাৰ পুঁজিৰে যোৰহটীয়া প্ৰাথমিক বিদ্যালয়ত চি এম এছ চি নিৰ্মাণ, তিনি লাখ টকা পুঁজিৰে বাঘগাঁও বৰনামঘৰত চি এম এছ চি নিৰ্মাণ, চিমেন চাপৰি আঞ্চলিক আটাছুৰ কাৰ্যালয়ত তিনি লাখ টকা পুঁজিৰে চি এম এছ চি নিৰ্মাণ, তিনি লাখ টকা পুঁজিৰে জেউতি প্ৰাথমিক বিদ্যালয়ৰ উন্নীতকৰণ, তিনি লাখ টকা পুঁজিৰে অঞ্জলী বড়ো প্ৰাথমিক বিদ্যালয়ৰ উন্নীতকৰণ আৰু এক লাখ ন হাজাৰ টকা পুঁজিৰে সন্দিকৈ মিলন অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতিৰ নামত ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

এই আঁচনিকেইখনৰ সভাপতি আৰু সভানেত্ৰীসকল কয় যে চিমেন চাপৰি গাঁও পঞ্চায়তত ৰূপায়ণ হৈ থকা আঁচনি কেইখনৰ বিপৰীতে ৯০,০০০ হাজাৰ টকাৰ পৰা ৭৫,০০০ হাজাৰ টকালৈ ধন মোকলাই দিয়াৰ নামত খণ্ড উন্নয়ন বিষয়াই ৫ শতাংশ, পঞ্চায়তৰ সচিব আৰু এ ইয়ে ৬ শতাংশ ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

ইয়াৰোপৰি কৰ, জিএছটিৰ নামত ৪০ শতাংশ ধন কৰ্তন কৰাত নিৰ্মাণ সমিতিসমূহ বিপাঙত পৰিছে বুলি উল্লেখ কৰে ৷ আনহাতে নিৰ্বাচিত জনপ্ৰতিনিধি নথকাৰ সুযোগ গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণ সমিতিক অন্ধকাৰত ৰাখি ভুৱা ভেণ্ডৰলৈ আঁচনিৰ ধন হস্তান্তৰ কৰি ভুৱা কৰ সংযোজিত চালানৰ দ্বাৰা বৃহৎ দ্বাৰা পৰিমাণৰ কৰ ফাকি দিয়া হৈছে বুলি নিৰ্মাণ সমিতিৰ সভাপতি-সভানেত্ৰীসকলে অভিযোগ উত্থাপিত কৰিছে ।

এই ঘটনাৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ বিপৰীতে দণ্ডাদীশ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে সভাপতি-সভানেত্ৰীসকলে ৷ অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে নিৰ্মাণ সমিতিসমূহৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: দলৰ মজিয়াত ন-পুৰণি ধাৰণাৰ সৃষ্টি হ’ব নালাগে; অসমত বিজেপি উত্থানৰ ইতিহাস সুঁৱৰি দুখ প্ৰকাশ জয়ন্ত দাসৰ - Assam BJP internal clash

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.