ETV Bharat / state

গৰাখহনীয়া ৰোধৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ; তদন্তৰ দাবী নৈপৰীয়া ৰাইজৰ - Bokakhat River erosion project - BOKAKHAT RIVER EROSION PROJECT

Dhansiri river erosion : ধনশিৰি নদীৰ গৰাখহনীয়া ৰোধৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ । বোকাখাতত মিচিং স্বায়ত্তশাসিত পৰিষদে অনুমোদন দিছিল এই কামৰ বাবে ৷ তদন্তৰ দাবী তুলিছে ক্ষোভিত লোকে ৷

allegations of embezzlement of lakhs of rupees against contractor in bokakhat
ধনশিৰি নদী গৰাখহনীয়া ৰোধৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 7:43 AM IST

ধনশিৰি নদী গৰাখহনীয়া ৰোধৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ (Etv bharat assam)

গোলাঘাট, 24 মে’: সোণৰ কণী পৰা হাঁহলৈ পৰিণত মিচিং স্বায়ত্তশাসিত পৰিষদ । ধনশিৰিৰ খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণত ব্যাপক অনিয়মৰ অভিযোগ তুলিছে স্থানীয় লোকে । মাত্র 60 টা পার্কিউপাইন পেলাই 15.64 লাখ টকা মোকলাই নিয়াৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে ।

উল্লেখ কৰা প্ৰয়োজন যে, জাতীয় সংগঠনৰ দীর্ঘদিনীয়া কঠোৰ সংগ্রাম, তিনিগৰাকীকৈ জাতীয় সংগ্রামী নেতাৰ আত্মবলিদানৰ ফলত গঠন হৈছিল মিচিং স্বায়ত্তশাসিত পৰিষদ ৷ দুৰ্ভাগ্যজনক বিষয় যে এতিয়া একাংশ ঠিকাদাৰ, বিষয়া, জনপ্রতিনিধিৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে এই পৰিষদখন ।

অভিযোগ অনুসৰি এম এম কেৰ গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি, সম্মিলিত গণশক্তি-অসমৰ গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি তথা পৰিষদৰ ঠিকাদাৰ এগৰাকীয়ে মহুৰা মৌজাৰ ধনশিৰি টেমেৰাত গেলাবিল আৰু ধনশিৰি নৈৰ সংগমস্থলত চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ নামত অহা আঁচনিৰ সিংহভাগ ধন আত্মসাৎ কৰে ।

তথ্য অনুসৰি উল্লিখিত স্থানত চলি থকা গৰাখহনীয়া পকী খুঁটা পার্কিউপাইনেৰে প্ৰতিৰোধ কৰিবলৈ এম এ চিয়ে 17 লাখ টকাৰ অনুমোদন দিয়ে আৰু ঠিকাদাৰজনে নিবিদা লাভ কৰে । ঠিকাদাৰজনে আটাইকে মেনেজ কৰি মাত্র 60 টা পার্কিউপাইন পেলাই আঁচনিৰ 92 শতাংশ অর্থাৎ 15.64 লাখ টকা মোকলাই নিয়া বুলিও ৰাইজে অভিযোগ কৰিছে ।

ইপিনে জি এম সুধীৰ চন্দ্ৰ মৰাঙৰ ছত্ৰছায়াত অবাধে দুর্নীতি চলি আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে একাংশ ৰাইজে । এক গোপন সূত্রই এই সন্দৰ্ভত কয়, "17 লাখ টকাত দুই শতাধিক পকী খুঁটাৰ পাৰ্কিউপাইন পেলাব লাগিছিল । কিন্তু মাত্র ৬০টা পার্কিউপাইন পেলাই কেনেকৈ 15.64 লাখ টকা উলিয়াই নিলে দুর্নীতিগ্রস্ত ঠিকাদাৰগৰাকীয়ে ।"

আঁচনি ৰূপায়ণৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত কৰা ঠিকাদাৰ, বিষয়া আৰু জনপ্রতিনিধিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ এম এ চিক নৈপৰীয়া ৰাইজে দাবী জনাইছে । সমান্তৰালভাৱে বিষয়টোৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্তও দাবী কৰিছে ৰাইজে ।

লগতে পঢ়ক: বাৰিষাৰ আগতেই কৰা হ'ব গৰাখহনীয়া ৰোধৰ ব্যৱস্থা; পীযুষ হাজৰীকাৰ আশ্বাস - MEASURES TO PREVENT EROSION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.