হোজাই, ৩১ মে’: বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তেই এইবাৰ স্বয়ং বিজেপি নেত্ৰীৰ পুত্ৰই গ্ৰেপ্তাৰ হৈছে ড্ৰাগছ সেৱনৰ অভিযোগত । অন কেমেৰা ড্ৰাগছ সেৱনৰ লগতে অবৈধ মাৰণাস্ত্ৰ লৈ তাণ্ডৱ চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হোজাই বিজেপি সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষৰ পুত্ৰক ।
হোজাইত বিজেপি নেতাৰ পুত্ৰৰ এই তাণ্ডৱে ইতিমধ্য়ে জিলাখনত খলকনি তুলিছে । হোজাই বিজেপি সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ নীলিমা বেগমৰ পুত্ৰ ৰিয়াজ ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ । উত্থাপিত অভিযোগ মতে, প্ৰথমে নিজকে মানৱ অধিকাৰ আয়োগৰ কৰ্মচাৰী বুলি পৰিচয় দি ড্ৰাগছ আসক্তক কৰিছিল মৰেল পুলিচিং । ড্ৰগছ আসক্তৰ পৰা সংগ্ৰহ কৰা ড্ৰাগছ অন কেমেৰা সেৱন কৰিলে ৰিয়াজ ইছলামে । ড্ৰাগছ সেৱন কৰাৰ দৃশ্যৰ লগতে হাতত মাৰণাস্ত্ৰ লৈ আতংকৰ সৃষ্টি কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।
উল্লেখ্য় যে কিছুদিন পূৰ্বে ডিমা হাছাও আৰক্ষীয়ে অবৈধ মাৰাণঅস্ত্ৰ সৰবৰাহ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৰিয়াজক। বৰ্তমান লংকা আৰক্ষীৰ জালত ৰিয়াজ । লংকা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৰিয়াজক । লংকা আৰক্ষীয়ে সমাজিক মাধ্যমত ফটো প্ৰচাৰ হোৱাৰ পাচত হোজাই বিজেপি সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ হোজাই জিলাৰ অধ্যক্ষা নীলিমা বেগমৰ পুত্ৰ ৰিয়াজ ইছলামক বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ হাতীগড়ৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
উত্থাপিত অভিযোগ মতে, ৰিয়াজ ইছলামৰ আৰক্ষীৰে সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে । সেই সুবাদতেই বহু সময়ত মানৱ অধিকাৰকৰ্মী বুলি পৰিচয় দি আহিছে । এই যুৱকজনৰ হাতত অত্যাধুনিক মৰণাস্ত্ৰ ক'ৰ পৰা আৰু কোনে যোগান ধৰিছে তাক লৈও চলিছে চৰ্চা ।