ETV Bharat / state

দলং নিৰ্মাণত অনিয়ম : দিখৌ নদীৰ ওপৰত নিৰ্মীয়মান অৱস্থাতে বহি গ’ল দলং - Allegation of Corruption - ALLEGATION OF CORRUPTION

দিখৌ নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰি থকা এখন পকী দলঙৰ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ নিৰ্মীয়মান অৱস্থাতে দলংখনৰ এটা অংশ সম্পূৰ্ণৰূপে বহি যোৱাৰ লগতে ধেনুভিৰীয়া হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ALLEGATION OF IRREGULARITIES
পকী দলং নিৰ্মাণত অনিয়মৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 5:27 PM IST

নিৰ্মীয়মান অৱস্থাতে বহি গ’ল দলং

আমগুৰি, 22 এপ্ৰিল : আসোঁৱাহপূৰ্ণভাৱে দলং নিৰ্মাণক লৈ ক্ষোভিত দল-সংগঠন তথা স্থানীয় ৰাইজ ৷ ঠিকাদাৰী প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবে নিৰ্মাণৰত অৱস্থাতে বহি গ’ল দলঙৰ এটা অংশ ৷ দুটাকৈ মৌজাৰ যোগাযোগৰ মাধ্যম দলংখনৰ নিৰ্মাণত ঠিকাদাৰী প্ৰতিষ্ঠানে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ চিৰিপুৰীয়া ঘাটত দিখৌ নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰি থকা এখন পকী দলঙৰ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ নিৰ্মীয়মান অৱস্থাতে দলংখনৰ এটা অংশ সম্পূৰ্ণৰূপে বহি যোৱাৰ লগতে ধেনুভিৰীয়া হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ ত্ৰিশূল নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে উত্তৰ পূব আন্তঃগাথঁনি উন্নয়ন আঁচনিৰ অধীনত প্ৰায় 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আছিল 160.94 মিটাৰ দৈৰ্ঘৰ পকী দলংখন ৷

নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'বলৈ আৰু মাত্ৰ অলপ বাকী থকা অৱস্থাত দলংখনৰ এটা মূৰ বহি যোৱাৰ লগতে ধেনুভিৰীয়া হৈ পৰিছে ৷ বিশেষকৈ ধাৰাসাৰ বৰযুণৰ বাবে দিখৌ নদীৰ জলস্তৰ বাঢ়ি অহাৰ লগে লগে নিৰ্মীয়মান দলংখনৰ গাৰ্ড ৱাল, কাঠৰ গাৰ্ডাৰ সমূহো নিমিষতে উটুৱাই নিয়ে বাঢ়নী পানীয়ে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠানে আগতিয়াকৈ সঠিক পদক্ষেপ নোলোৱা আৰু নিম্নমানৰ কাম কৰাৰ বাবেই এই অৱস্থা হোৱা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে এই সন্দৰ্ভত উচিত তদন্তৰ দাবী তুলিছে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

স্থানীয় আটাছুৰ বিষয়ববীয়াই অভিযোগ কৰামতে ইয়াৰ পূৰ্বেও দলংখন কেইবাবাৰো নিৰ্মীয়মান অৱস্থাতে ভাগি পৰিছে ৷ ইয়াৰ পিচতে দেওবাৰৰ দিনটোতো দিখৌ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ক্ষতিগ্ৰস্ত হয় দলংখন ৷

লগতে পঢ়ক : গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি; জ্বলাই দিলে বাহন; আৰক্ষীৰ জিম্মাত অভিযুক্ত - Cattle Smuggling In Morigaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.