ETV Bharat / state

শিক্ষকৰ হেমাহিৰ বাবেই বন্ধ হোৱাৰ দিশে এখন চৰকাৰী বিদ্যালয় ! - Irregular attendance of teacher

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 2:12 PM IST

Dilapidated School: গুণোৎসৱকে ধৰি চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ হকে বিভিন্ন আঁচনি যুগুত কৰি অহা চৰকাৰখনৰ দিনতে শিক্ষক নাহে কৰ্মস্থলীলৈ । চহৰত থাকিয়েই চলাইছে গাঁৱৰ বিদ্য়ালয়ৰ পাঠদান ।

Allegation against teacher
ছোটলবাং নিম্ন প্ৰাথমিক বিদ্যালয় (ETV Bharat Assam)

হাফলং, ২২ জুলাই: চৰকাৰে বিদ্য়ালয়ত শিক্ষকৰ উপস্থিতিৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাজ্য়ৰ বিভিন্ন ঠাইত এতিয়াও শিক্ষকৰ উপস্থিতি নিয়মীয়া নহয় । এইসকল শিক্ষকে নিয়মীয়াকৈ দৰমহা লাভ কৰি আছে যদিও বিদ্য়ালয়লৈ অহাত অনিয়ীয়া । মহেকত খুউব বেছি এদিন বা দুদিন আহিয়েই দায়িত্ব সামৰিছে । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশকো কেৰেপ নকৰে এইসকল শিক্ষকে ।

স্থানীয় লোকৰ মন্তব্য (ETV Bharat Assam)

ডিমা হাছাও জিলাৰ এখন বিদ্য়ালয়ৰ অৱস্থাই উদঙাইছে চৰকাৰী শিক্ষা ব্য়ৱস্থাৰ প্ৰকৃত স্বৰূপ । শিক্ষক-শিক্ষয়িত্ৰীৰ অনিয়মীয়া উপস্থিতিৰ বাবে পাঠদান বন্ধ হোৱা বিদ্য়ালয়খন হৈছে ডিমা হাছাও জিলাৰ শিল্প নগৰী হিচাপে পৰিচিত উমৰাংচুৰ এলেকাৰ ছোটলবাং নিম্ন প্ৰাথমিক বিদ্যালয় ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি শিক্ষক-শিক্ষয়িত্ৰী নিয়মীয়াকৈ বিদ্য়ালয়ত উপস্থিত নথকা বাবে পাঠদান বন্ধ হৈ আছে । এই সন্দৰ্ভত পূৰ্বৰ পৰিষদ সদস্য জয়ছিং দুৰঙক অৱগত কৰা হৈছিল যদিও উক্ত সমস্যাৰ কোনো সমাধান হোৱা নাই । বৰ্তমান পৰিষদ সদস্যয়ো ছোটলবাং নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সমস্যা সমাধানৰ বাবে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ডেমিনিক হানচেই নামৰ এজন স্থানীয় লোকে ।

ডেমিনিক হানচেই এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে বিদ্যালয়তখনত যোৱা বছৰত ১০-১৫ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল যদিও এই বছৰ দুই-তিনিগৰাকী শিক্ষাৰ্থীহে আছে । নিজৰ সন্তানৰ শিক্ষাৰ কথা চিন্তা কৰি এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ নামভৰ্তি কৰাইছে অভিভাৱকসকলে । কিয়নো যোৱা বছৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিচতো ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ ফলাফল এতিয়াও লাভ কৰা নাই ।

তেওঁ পুনৰ অভিযোগ উত্থাপন কৰি কয় যে ছোটলবাং নিম্ন প্ৰাথমিক বিদ্যালয়খনত শ্ৰেণীকোঠাত ডেক্স-বেঞ্চ আছে যদিও নাই চকী-মেজ । তদুপৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খোৱা পানীৰ ব্যৱস্থাও উপলব্ধ নহয় । যোৱা বছৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হৈছিল যদিও এই বছৰ কোনো ব্য়ৱস্থা কৰা নাই বুলি অভিযোগ কৰি ডেমিনিক হানচেই কয় যে গাঁৱৰ ৰাইজে শিক্ষা বিভাগক বিদ্যালয়খনৰ শোচনীয় অৱস্থাৰ বিষয়ে অৱগত কৰাৰ পিচত শিক্ষক-শিক্ষয়িত্ৰীৰ ব্য়ৱস্থা কৰিছে যদিও তেওঁলোকৰ উপস্থিতিও অনিয়মীয়া । এইবাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া হৈছে তিনি ।

লগতে পঢ়ক:সাপৰ ত্ৰাস: বন্ধ হৈ পৰিল বিদ্যালয়ত পাঠদান - Snake Rescue in School

একেটা কোঠাতে দুখন বিদ্যালয় ! 10 টা শ্ৰেণীত 70 গৰাকী শিক্ষাৰ্থী - School Education

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.