ETV Bharat / state

অনুদানৰ নামত ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘত লাখে লাখে ধন আত্মসাতৰ অভিযোগ - BHARATIYA RAILWAY MALL GODAM SHRAMIK SHANGH

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 1:09 PM IST

Allegation on Bharatiya Railways Mall Godam Shramik Shangh : ৰে’লৱে গুদামত শ্ৰমিকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে কোনো বিশেষ চক্ৰই লাখ লাখ টকা অনুদান লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন ৷ এই কথাক একেমুখে অস্বীকাৰ সংঘৰ বিষয়ববীয়াৰ ৷

Bhratiya Railways Mall Godam Shramik Shangh
অনুদানৰ নামত ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘত লাখে লাখে ধন আত্মসাতৰ অভিযোগ (ETV BHARAT ASSAM)

ৰঙিয়া, 10 জুন : ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘত চলিছে কি ? ৰে‘লৱে মাল গুদাম শ্ৰমিকৰ পৰা কোনো দুষ্ট চক্ৰই সংগ্ৰহ কৰিছে লাখ লাখ টকা ধন ?

ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ অন্তৰ্গত শ্ৰমিকসকল অসমৰ বিভিন্ন প্ৰান্তত থকা ৰে’লৱে গুদামত বৰ্তমানে ঠিকাদাৰৰ অধীনত কাম কৰি আছে ৷ আনহাতে বিভিন্ন সময়ত সৰ্বভাৰতীয় পৰ্যয়াৰ ৰে’লৱে মাল গুদামত কৰ্মৰত শ্ৰমিকসকলৰ চৰকাৰী সা-সুবিধাৰ লগতে চাকৰি নিয়মীয়াকৰণৰ বাবে 1998 চনৰ পৰা কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে ।

সংগঠনটো চলাই নিয়াৰ বাবদ প্ৰতিগৰাকী শ্ৰমিকে আগবঢ়াই আহিছে অনুদান । ইয়াৰ মাজতে ৰে’লৱে গুদামত শ্ৰমিকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে কোনো বিশেষ চক্ৰই লাখ লাখ টকা অনুদান লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

এতিয়া এই অভিযোগৰ পিচতে, কোনে অনুদান আগবঢ়োৱাৰ চলেৰে কোন লোকৰ পৰা কোনে লাখ লাখ টকা সংগ্ৰহ কৰিছে সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে ।

আনহাতে, লাখৰ ঘৰত অনুদান সংগ্ৰহ কৰাৰ কথা আওপকিয়াকৈ কৈ স্বীকাৰ কৰিছে ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ এগৰাকী সদস্যই । অৱশ্যে এই কথা একেমুখে অস্বীকাৰ কৰিছে ভাৰতীয় ৰে’লৱে মাল গুদাম সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ জোনেল ইনচাৰ্জ ধন কুমাৰ ডেকাই ।

সংগঠনটো চলাই নিয়াৰ বাবে দুই এশ টকাকৈ সকলোৱে অনুদান আগবঢ়োৱাৰ কথা স্বীকাৰ কৰে যদিও লাখ লাখ টকা সংগ্ৰহ কৰাৰ কথা একেমুখে নাকচ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ জোনেল ইনচাৰ্জ ধন কুমাৰ ডেকাৰ লগতে অসম ৰে’লৱে মাল গুদাম সংঘৰ সভাপতি ৰঞ্জন পেগুৱে ।

ইয়াৰ পিচতে সংগঠনটোৰ নেতাসকল এতিয়া আশাবাদী যে, নৱগঠিত কেন্দ্ৰীয় চৰকাৰে এইবাৰ এইসকল শ্ৰমিকক সকাহ প্ৰদান কৰিব । কিন্তু ইয়াৰ মাজতে লাখ লাখ টকাৰ অনুদান সংগ্ৰহ কৰি সংগঠনৰ কামত লগাইছ নে কৰোবাৰ পেট ভৰাইছে সেইটোহে কোটি টকীয়া প্ৰশ্ন !

লগতে পঢ়ক: শিক্ষামন্ত্ৰীৰ নামত মাটি বেদখলৰ চেষ্টা: ভূ-মাফিয়াক খেদিলে উত্তেজিত ৰাইজে - Tense Situation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.