ETV Bharat / state

সৰুপথাৰত বাতৰি প্ৰকাশৰ পিছতহে গা লৰিল জল জীৱন আঁচনিৰ দায়িত্বত থকা ঠিকাদাৰৰ - Jal Jeevan Mission Assam

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 12:56 PM IST

Failure of Jal Jeevan Mission : ৰাজ্যত জল জীৱন আঁচনি একপ্ৰকাৰ প্ৰহসনত পৰিণত ৷ ভিন্ন অঞ্চলত ইয়াৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ এইবেলি স্বয়ং সৰুপথাৰৰ পৌৰপতিয়ে আনিলে জল জীৱন আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ পঢ়ক সবিশেষ ...

JAL JEEVAN MISSION ASSAM
পৰিস্থিতি পৰ্যবেক্ষণ পৌৰপতিৰ (ETV Bharat Assam)

সৰুপথাৰ, 24 জুন: এটোপাল বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা জল জীৱন আঁচনিয়ে কিমান লোকক উপকৃত কৰিব পাৰিব, সেয়া সম্প্ৰতি এক লাখটকীয়া প্ৰশ্নত পৰিণত হৈছে ৷ কিয়নো অসমত জল জীৱন আঁচনিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰাজ্যৰ ভিন্ন স্থানত এনে ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে সংবাদ মাধ্যমত ৷

ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ (ETV Bharat Assam)

এইবাৰ সৰুপথাৰত এনে কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ আনিছে খোদ পৌৰপতিয়ে ৷ সম্প্ৰতি সৰুপথাৰ পৌৰসভাৰ অন্তৰ্গত 9 নং ৱাৰ্ডত চলিছে জল জীৱন আঁচনিৰ কাম ৷ এই কামৰ তদাৰক কৰিবলৈ কাম কৰি থকা স্থানত উপস্থিত হয় পৌৰপতি ঊষা আগৰৱালা ৷ পৌৰপতিগৰাকীৰ সৈতে উপস্থিত আছিল 10 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য আৰু কেইগৰাকীমান পাৰিষদ ৷ এই দলটোৱে সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি দুৰ্নীতি সংঘটিত হৈ থকা কথাটো ধৰা পেলায় ৷

লগতে পঢ়ক: পৌৰসভাৰ অনুমতি নোলোৱাকৈয়ে ঠিকাদাৰে কৰিছে জল জীৱন আঁচনিৰ কাম - Poor Road Condition in Sarupathar

উল্লেখ্য যে, জনৈক মোস্তাফা নামৰ ঠিকাদাৰগৰাকীক দিয়া হৈছিল এই কামৰ দায়িত্ব ৷ পিছে ঠিকাদাৰগৰাকীয়ে নীতি বহিঃৰ্ভূতভাৱে নিজৰ ইচ্ছা অনুযায়ী কাম কৰি যোৱাতো পোহৰলৈ আহিছে ৷ আঁচনিখনৰ নিয়ম অনুযায়ী পানীৰ পাইপসমূহ অতি কমেও তিনি ফুট তলত স্থাপন কৰিব লাগে ৷ পিছে ঠিকাদাৰে প্ৰায় এফুট খান্দিয়েই স্থাপন কৰিছে পাইপসমূহ ৷ তদুপৰি কাম কৰি থকা স্থানত নিজৰ ইচ্ছা অনুযায়ী এক্সেভেটৰৰ সহায়ত যধে-মধে খান্দি গৈছে পথটো ৷

সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণৰ অন্তত কামটোত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি পৌৰপতি ঊষা আগৰৱালাই এই সন্দৰ্ভত সকলো কথা অৱগত কৰে জনস্বাস্থ্য বিভাগৰ অভিযন্তাক ৷

লগতে পঢ়ক: ৰঙাপৰাত পৰিত্যক্ত অৱস্থাত হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি - Jal Jeevan Mission Assam

এটা কথা উল্লেখ কৰিব লাগিব যে, ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে পূৰ্বতেও উত্থাপিত হৈছিল দুৰ্নীতিৰ অভিযোগ ৷ কাৰণ তেওঁ পৌৰসভাৰ অনুমতি অবিহনে 9 নং ৱাৰ্ডত কাম চলাই গৈছে ৷ পূৰ্বতেও একেটা ৱাৰ্ডৰে নাহৰণি গাঁৱৰ এটা পথত ঠিকাদাৰগৰাকীয়ে জেচিবিৰ সহায়ত পথটো খান্দি পানীৰ পাইপ পুতিছিল ৷ যাৰ ফলত পথটোত সৃষ্টি হৈছিল কেইবাটাও মৰণফান্দ সদৃশ গাঁত ৷

উক্ত ঘটনাৰ খবৰ লাভ কৰাৰ পিছত সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে পৰ্যবেক্ষণ কৰিছিল এই পৰিস্থিতি ৷ দলটোৱে এই সন্দৰ্ভত জনস্বাস্থ্য অভিযন্তাৰ কাৰ্যালয়তো দাখিল কৰিছিল আবেদন ৷ বিভাগৰ তৰফৰ পৰা ঠিকাদাৰসহ কৰ্মচাৰীক নিৰ্দেশ দিয়া হৈছিল পথটো মেৰামতি কৰি দিবলৈ । তথাপিও কিন্তু গা লৰা নাছিল ঠিকাদাৰৰ ৷

যি খবৰ প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত ৷ অৱশেষত সংবাদ মাধ্যমত বাতৰি খবৰ হোৱাৰ কথা জানিব পাৰি ঠিকাদাৰগৰাকীয়ে পথ মেৰামতি কৰাৰ বাবে উপস্থিত হয় 9 নং ৱাৰ্ডত ৷

লগতে পঢ়ক: জল জীৱন মিছন আঁচনিত দুৰ্নীতি, বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ হাহাকাৰ - Jal Jeevan Mission Assam

খোৱাঙত জল জীৱন মিছন আঁচনিৰ আৰম্ভণিতেই লাগিল কেনা - Jal Jeevan Mission Assam

কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ : পাইপ বহুৱালে, কিন্তু নলহে নাই - Jal Jeevan Mission Corruption

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.