ETV Bharat / state

ফেচবুকৰ প্ৰফাইলে প্ৰফাইলে এখন প্ৰশ্নকাকত, ADREৰ প্ৰশ্নকাকত বুলি অভিযোগ - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 6:59 PM IST

Allegation of ADRE 24 question paper leak : প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ ৷ পৰীক্ষা কেন্দ্ৰৰ বাহিৰলৈ প্ৰশ্নকাকত কিদৰে আহিল বুলি সকলোৰে প্ৰশ্ন ৷ পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিবলৈ দিয়া হোৱা নাছিল কোনোধৰণৰ সামগ্ৰী ৷

Allegation of ADRE 24 question paper leak
ADREৰ বুলি ভাইৰেল এখন প্ৰশ্নকাকত (ETV Bharat Assam)

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : পৰীক্ষাকেন্দ্ৰৰ ভিতৰলৈ কোনোধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিবলৈ নিদিয়াকৈ, সমগ্ৰ ৰাজ্যতে ইন্টাৰেট কৰ্তন কৰি দেওবাৰে অনুষ্ঠিত কৰা হৈছিল প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ৷ স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি পৰীক্ষাৰ্থীৰ সম্পূৰ্ণ শৰীৰো পৰীক্ষা কৰা হৈছিল ৷

পানী নসৰকা নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে উক্ত পৰীক্ষা সম্পন্ন হৈ যোৱাৰ 24 ঘণ্টাৰ পিচতে ভাইৰেল হৈ পৰিছে প্ৰশ্নকাকত ৷ উক্ত প্ৰশ্নকাকতখনক লৈ সম্প্ৰতি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ Parth Byabotir Chakrabarty নামৰ এটা ফেচবুক একাউণ্টৰ দ্বাৰা এই অভিযোগ উত্থাপন কৰা হৈছে ৷ য’ত পোষ্টৰ জৰিয়তে ভাইৰেল প্ৰশ্নকাকতখন আপলোড কৰা হৈছে ৷

1035034 বুকলেট নম্বৰৰ হিচাবে প্ৰশ্নকাকতখন দেখা গৈছে ৷ প্ৰশ্নকাকতখনৰ পি ডি এফ ফৰমেটৰ ভিডিঅ’ আপলোড হোৱাৰ পিচত স্বাভাৱিকতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কাকতখন আপলোড কৰি মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে বিশেষ একাউণ্টটোৰ গৰাকীয়ে ৷ ইউটিউবতো উপলব্ধ এটা ভিডিঅ’ৰ জৰিয়তে কালিৰ পৰীক্ষাত অহা প্ৰতিটো প্ৰশ্ন দেখুওৱা হৈছে, যিসমূহ প্ৰশ্ন ইতিমধ্যে পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অহা বুলি উল্লেখ কৰিছে ৷

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত আৰু অ’ এম আৰ শ্বীট পৰীক্ষা হলৰ বাহিৰলৈ উলিওৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল ৷ তদুপৰি একোটা পৰীক্ষা কেন্দ্ৰৰ নিৰ্দিষ্ট পৰীক্ষাৰ্থীৰ বিপৰীতেহে প্ৰশ্নকাকত আৰু অ’ এম আৰ শ্বীট যোগান ধৰা হৈছিল ৷ অনুপস্থিত পৰীক্ষাৰ নামত অহা প্ৰশ্নকাকতৰ চীল খোলাতো নিষেধাজ্ঞা আছিল ৷ আনহাতে পৰীক্ষাৰ্থীয়ে পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিচত অ’ এম আৰ শ্বীট আৰু প্ৰশ্নকাকত একলগে গাঁথি জমা দিয়াৰ পিচত সেইসমূহো ছীল কৰি দিয়া হৈছিল ৷

তেনেক্ষেত্ৰত পৰীক্ষাৰ 24 ঘণ্টাৰ পিচতে কিদৰে প্ৰশ্নকাকতৰ ফটো ভাইৰেল হ’ল, তাক লৈ সৰ্বত্ৰে চৰ্চা চলিছে ৷ অৱশ্যে উক্ত প্ৰশ্নকাকতখন আচল নে নকল সেয়া আৰক্ষীৰ তদন্তৰ পিচতহে স্পষ্ট হ’ব ৷

লগতে পঢ়ক : তালাচীৰ সময়তে কিয় কৰা নাছিল শ্লীলতা হানিৰ অভিযোগ ? ক’লে নলবাৰীৰ অভিযোগকাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.