ETV Bharat / state

বশিষ্ঠ আৰক্ষীৰ বৰ্বৰতা : তিনি আৰক্ষী বিষয়াই ভাঙিলে এজন যুৱকৰ দুয়োখন ভৰি - Police Official Assault Case

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 3:40 PM IST

Allegation against Basistha police : চোৰ ধৰিব নোৱৰা বশিষ্ঠ আৰক্ষী দেখুৱাইছে নিজ শক্তি ! সুৰাৰ ৰাগিত মাতাল হৈ আৰক্ষীয়ে নিৰ্দোষী যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনকি আৰক্ষীৰ প্ৰহাৰত এজন যুৱকৰ দুয়োখন ভৰি ভাঙি যোৱাৰ লগতে আন এজন যুৱকৰ আঙুলি ভাঙি দিয়াৰো অভিযোগ উঠিছে খাকী পোচাকধাৰীৰ বিৰুদ্ধে ৷

Allegation against Basistha police
তিনি আৰক্ষী বিষয়াই ভাঙিলে এজন যুৱকৰ দুয়োখন ভৰি (ETV Bharat)

গুৱাহাটী, ২৫ জুন : খাকী পোচাকত আকৌ লাগিছে দাগ ৷ ৰক্ষকেই ভক্ষক হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনাৰ স্থান গুৱাহাটী মহানগৰীৰ মাজ-মজিয়া ৷ অভিযোগ অনুসৰি, বশিষ্ঠ আৰক্ষীৰ তিনি আৰক্ষী বিষয়াই ভাঙিলে এজন যুৱকৰ দুয়োখন ভৰি ৷ অভিযুক্ত আৰক্ষী বিষয়া কেইগৰাকী হৈছে পৰাগ জ্যোতি বৰ্মন, তীৰ্থ ডেকা আৰু ধ্যানজ্যোতি তামুলী ৷

ভুক্তভোগীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, সোমবাৰে নিশা কামৰ পৰা ঘৰৰ দিশে উভতি আহি আছিল বিজয় নাথ ৷ তেনেতে বিজয়ে প্ৰত্যক্ষ কৰে যে তিনি আৰক্ষী বিষয়াই এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক প্ৰহাৰ কৰি আছে ৷ তেতিয়া বিজয়ে আৰক্ষী বিষয়াকেইগাৰাকীক বাধা দিয়ে ৷ যাৰ বাবে সুৰাৰ ৰাগিত মাতাল হৈ খঙৰ ভমকত তিনি আৰক্ষী বিষয়াই বিজয়ক মাৰপিট কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় বিজয় ৷

সুযোগ বুজি আহত বিজয়ে ভায়েক ৰাতুল নাথক ফোন কৰে ৷ তাৰ পাচতে উক্ত স্থানত ৰাতুল উপস্থিত হৈ বিজয়ক বচোৱাৰ চেষ্টা কৰে ৷ তেতিয়া আৰক্ষীয়ে ৰাতুলকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে, আৰক্ষীৰ প্ৰহাৰত বিজয় নাথৰ দুয়োখন ভৰি ভাঙি যোৱাৰ লগতে ৰাতুল নাথৰ আঙুলি ভাঙি যায় ৷ পৰৱৰ্তী সময়ত আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

ইফালে ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপিছে আৰক্ষীৰ ৷ কিন্তু বাতৰি যুগুত কৰা পৰলৈকে ভুক্তভোগী পৰিয়ালটোৱে থানাত দাখিল কৰা নাই এজাহাৰ ৷ কিন্তু কিয় ভুক্তভোগীয়ে এজাহাৰ দিয়া নাই তাক লৈয়ো বহু প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

বিজয় নাথৰ মাতৃয়ে উল্লেখ কৰা মতে, বশিষ্ঠ আৰক্ষীয়ে ৰাতুল আৰু বিজয়ৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিব ৷ আনহাতে, বশিষ্ঠ আৰক্ষীৰ তিনি SI (Probationary) ক্ৰমে পৰাগ জ্যোতি বৰ্মন, তীৰ্থ ডেকা আৰু ধ্যানজ্যোতি তামুলীক আজি বিয়লি আৰক্ষী আয়ুক্তই তলব কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰে এক সুত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : এফালে মাতৃভাষাত শপতগ্ৰহণ, আনফালে সোণোৱালৰ ঘৰৰ সমীপতে বাঙালীত ওলমিল নামফলক - Bangla banner controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.