ETV Bharat / state

প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকনৰ সকলো সম্পত্তি জব্দ কৰাৰ সম্ভাৱনা - Bishal Phukan Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 9:41 AM IST

Stock market investment scam : অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা বিশাল ফুকনৰ সকলো সম্পত্তি জব্দ কৰাৰ সম্ভাৱনা ৷ অভিযুক্ত বিশালে নিজ মাতৃক উপহাৰ দিয়া ব্যয়বহুল MG Hector বাহনখন ডিব্ৰুগড়ৰ চৌকিডিংগী প্ৰভাঞ্জলী এপাৰ্টমেণ্টৰ পৰা জব্দ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । কিন্তু বিশালৰ সহযোগী চুমী বৰাক লৈ নৰম স্থিতি লৈছে বুলিও ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে একাংশই প্ৰশ্ন উত্থাপন কৰিছে ৷

Online trading scam
বিশাল ফুকনৰ সকলো সম্পত্তি জব্দ কৰাৰ সম্ভাৱনা (ETV Bharat)

ডিব্ৰুগড়, ৫ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত ডিব্ৰুগড়ৰ আৰক্ষীৰ নিজা গোচৰত গ্ৰেপ্তাৰ হৈ মাৰাথান জেৰাৰ সন্মুখীন হৈছে অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা বিশাল ফুকন । বুধবাৰে ডিব্ৰুগড় আদালতত হাজিৰ কৰি বিশালক ৩ দিনৰ জিম্মাত লৈছে ডিব্ৰুগড় আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰি কেনেকৈ ক'ত খৰচ কৰিছে তাৰ তথ্য শুনি আচৰিত হৈছে ডিব্ৰুগড় আৰক্ষী ।

বিশাল ফুকনক জেৰা (ETV Bharat)
  • বিশাল ফুকনক জেৰা :

বিশালক জেৰাৰ পৰা লাভ কৰা প্ৰাথমিক তথ্য অনুসৰি, ৬০ কোটি টকা বিশাল ফুকনৰ লেনদেনৰ তথ্য লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । যিসমূহ বেংকত একাউন্ট থকাৰ তথ্য লাভ কৰিছে সকলো ছীল কৰিবলৈ বেংকসমূহলৈ পত্ৰ প্ৰদান কৰিছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে । আৰক্ষীৰ মতে কম সময়ৰ ভিতৰত ৩০ শতাংশ মুনাফা দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিল । বিনিয়োগকাৰীক আশ্বস্ত কৰিব পৰাকৈ নটাৰীৰ জৰিয়তে চুক্তি কৰে ।

১০০০ পৰা ১৫০০ লোকৰ পৰা বিশাল ফুকনে ধন সংগ্ৰহ কৰিছে । কেৱল অসমৰে নহয় বহিঃৰাজ্যৰো বহু ব্যক্তিয়ে ধন বিনিয়োগ কৰিছিল । আৰক্ষীৰ মতে, বিশাল ফুকনৰ এই লুণ্ঠন প্ৰক্ৰিয়া বহুত ডাঙৰ । ইয়াত বহু মানুহ জড়িত আছে । নিজে কিছু সম্পত্তি ক্ৰয় কৰাৰ লগতে চুমী বৰাৰ লগত বিভিন্ন ক্ষেত্ৰত ধনসমূহ খৰচ কৰিছে । আনৰ টকাৰে ক্ৰয় কৰা সকলো সম্পত্তি তদন্ত কৰিব আৰক্ষীয়ে ।

লগতে পঢ়ক : চুমীৰ 'ডেষ্টিনেশ্যন' ক’ত ? দীক্ষুৰ ঘৰত পুলিচ : নাম সাঙোৰ খাইছে বহু শিল্পীৰ - Bishal Phukan Trading Scam

  • বিশালে নিজ মাতৃক উপহাৰ দিয়া MG Hector বাহন জব্দ :

বুধবাৰে নিশাৰ পৰা বিশালে আনৰ ধনেৰে ক্ৰয় কৰা সম্পত্তিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । বিশালক আটক কৰা সময়ত বিশালৰ বাসগৃহৰ পৰা বেংক আৰু ব্যৱসায় সমন্ধীয় নথি পত্ৰ, বিলাসী (Luxury) সামগ্ৰী, বিদেশী মুদ্ৰা জব্দ কৰা হৈছে ‌।

যাৰ পাচতে নিশা বিশাল ফুকনে নিজ মাতৃক উপহাৰ দিয়া ব্যয়বহুল AS06AL 6734 নম্বৰৰ MG Hector বাহনখন ডিব্ৰুগড়ৰ চৌকিডিংগী প্ৰভাঞ্জলী এপাৰ্টমেণ্টৰ পৰা জব্দ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । আজিৰে পৰা বিশাল ফুকনে ক'ত ক'ত ধন বিনিয়োগ কৰিছে তাৰ উৎস বিচাৰি অভিযান চলাব ডিব্ৰুগড় আৰক্ষীয়ে ।

  • চুমী বৰাক সদৰ থানাত হাজিৰ হোৱাৰ চমন জাৰি :

কিন্তু লক্ষ্যণীয় বিষয়টো হ'ল বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত যি কোটি কোটি টকা সংগ্ৰহ কৰিলে তাৰ লগত অভিনেত্ৰী চুমী বৰা জড়িত থকাৰ কথা বিভিন্ন মাধ্যমত প্ৰকাশ হৈছে । লগতে বিশাল ফুকনে সংগ্ৰহ কৰা অধিক ধন চুমীৰ সৈতে খৰচ কৰিছে । কিন্তু চুমি বৰাক লৈ নৰম স্থিতি ডিব্ৰুগড় আৰক্ষী । বিশালৰ পৰা সকলো তথ্য পোৱাৰ পিছতো চুমী বৰাক লৈ ডিব্ৰুগড় আৰক্ষীয়ে নিশা দিয়া সংবাদমেলত বিশেষ তথ্য ৰাজহুৱা নকৰিলে ।

লগতে পঢ়ক : চুমী বৰা আৰু তাৰ্কিক বৰাৰ আত্মগোপন : কি ক'লে শিল্পী গীতালি দেৱীয়ে - Bishal Phukan Trading Scam

কেৱল চুমী বৰাক সদৰ থানাত হাজিৰ হ'বলৈ জাননী দিয়া হৈছে ৷ কিন্তু জাননী দিবলৈ চুমী বৰাৰ লগত যোগাযোগ কৰিব পৰা নাই বুলি উল্লেখ কৰাত আৰক্ষীৰ ভূমিকাক লৈ ৰহস্য সৃষ্টি হৈছে । বুধবাৰে আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত চুমী বৰা ভাতৃ ৰাজীৱ বৰাক হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল যদিও নাহিল ৰাজীৱ বৰা ।

  • ৰঞ্জিত কাকতিক জেৰা :

বিশাল ফুকনৰ সমান্তৰালভাৱে ৩১৬/৩১৮ সংলগ্ন ২১/২৩ Banning of unregulated deposit scheme actৰ জৰিয়তে ডিব্ৰুগড়ৰ সদৰ আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাক লৈ ৰঞ্জিত কাকতিক জেৰা চলাই আছে । গ্ৰেপ্তাৰ হোৱা ৰঞ্জিত কাকতিক বুধবাৰে নিশা পুনৰ স্বাস্থ্য পৰীক্ষা কৰি ডিব্ৰুগড়ৰ সদৰ থানালৈ অহা হৈছে ।

Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ নামত বহুলোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰঞ্জিত কাকতিৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰা পাচতে আৰক্ষীয়ে আটক কৰি সদৰ থানাত জেৰা চলাইছে ।

Online trading scam
ৰঞ্জিত কাকতি (CMO Assam)

ৰঞ্জিত কাকতিৰ Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰা ভুক্তভোগীৰ মতে অসমৰ লগত বহিঃ ৰাজ্যৰ বহু লোকে Trading FXত ধন বিনিয়োগ কৰিছিল । এই ৰঞ্জিত কাকতি আছিল অসমৰ দায়িত্বত । এই ঘটনাৰ লগত এজন চৰকাৰী স্বাস্থ্য বিভাগক কৰ্মচাৰীৰ নাম সাঙোৰ খাইছে ।

লগতে পঢ়ক : বহু ধনৰ লোভত পৰি মূলো গ’ল: অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ জাল অসমত, ৩৬ জনক গ্ৰেপ্তাৰ - Online trading scam

  • প্ৰফুল্ল বৰা :

ডিব্ৰুগড়ৰ টেঙাখাটত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগত কৰ্মৰত প্ৰফুল্ল বৰা বৰ্তমান স্বাস্থ্যজনিত কাৰণত ছুটিত আছে । এইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে বহু লোকক যোগদান কৰাইছিল Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত । আন এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল Trading FX অসমৰ দায়িত্ব থকা ৰঞ্জিত কাকতি আৰু আন বিষয়াই মুখ্যমন্ত্ৰীৰ পুঁজিলৈ ৫ লাখ টকা সাহাৰ্য প্ৰদান কৰিছিল কেইটামান মাহৰ পূৰ্বে । এই বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ।

উল্লেখ্য বিষয়টো হ'ল সোমবাৰৰ পৰা ডিব্ৰুগড়ৰ সদৰ থানাত বিশাল ফুকন গ্ৰেপ্তাৰ হৈ আছে, কিন্তু বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ ধন বিনিয়োগ কৰা কোনো লোক আহি উপস্থিত হোৱা নাই ৷ অৱশ্যে বুধবাৰে আটক হোৱা ৰঞ্জিত কাকতিক বিচাৰি সদৰ থানাত ভিৰ কৰিছে বহু ভুক্তভোগীয়ে ।

লগতে পঢ়ক : আৰক্ষীৰ আগত বিশালে দিলে বায়েকৰ 'ডেষ্টিনেশ্যন ৱেডিঙ'ৰ খৰচৰ হিচাপ - Online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.