ETV Bharat / state

আমগুৰিৰ ঐতিহাসিক বৰঢাপ খান্দি তহিলং - destruction of Historical Bordhap

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 2:10 PM IST

HISTORICAL BORDHAP : বৰাহীবাৰীস্থিত বৰঢাপ খান্দি তহিলং কৰিলে একাংশ লোকে ৷ জেচিবি লগাই খহাই পেলালে আহোম ৰাজত্বৰ অন্যতম সাক্ষী বৰঢাপ ৷ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । আন্দোলনৰ ঘোষণা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৷

Historical Bordhap Destroyed
খান্দি তহিলং (ETV BHARAT ASSAM)
বিষয়ববীয়াৰ ভাষ্য (ETV BHARAT ASSAM)

আমগুৰি, ১০ মে’: কেনে আছে ঐতিহাসিক বৰঢাপ ৷ অপুনি জানি আচৰিত হ’ব যে সেই তাহানিৰ বৰঢাপ আজি নাই ৷ বৰঢাপ খান্দি তহিলং কৰিছে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে ৷ কোপদৃষ্টিৰ ফলত তাহানিৰ সেই ওখ বৰঢাপ আজি তেনেই চাপৰ হৈ পৰিছে ৷ বৰাহীবাৰীস্থিত ঐতিহাসিক বৰঢাপৰ এনে অৱস্থা দেখি চিন্তিত হৈ পৰিছে সচেতন মহল ৷ সদৌ টাই আহোম ছাত্ৰ সন্থায়ো ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

উল্লেখ্য যে, ঐতিহাসিক বৰঢাপ আহোম ৰাজত্বকালৰ এক অন্যতম সম্পদ । আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত ১৭৭৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউৰ ভনীয়েক আদাবৰীয়া সন্দিকৈক বিবাহসূত্ৰে বৰাহীবাৰী অঞ্চলত ১২০ পূৰা মাটিৰে খাট-পাম দি শাসক হিচাপে ঘোষণা কৰিছিল ।

এইগৰাকী স্বৰ্গদেউৰ ভনীয়েক আদাবৰীয়া সন্দিকৈয়ে মাত্ৰ ৩০ দিনতে বৰঢাপ নিৰ্মাণ কৰি বৰাহীবাৰীক শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু জীৱ-জন্তুক সুৰক্ষা দিবলৈ বৰঢাপ মাৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ঐতিহাসিক বৰঢাপ আলি ৷ পৰৱৰ্তী সময়ত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ভনীয়েক আদাবৰীয়া সন্দিকৈয়ে ভাগতী বৰবৰুৱা নাম লৈ বৰাহীবাৰীত শাসন কৰিছিল ।

কথিত আছে যে আহোম ৰাজত্বকালত বৰঢাপত উঠিলে শিৱসাগৰৰ শিৱদ’লৰ কলচী দেখিবলৈ পোৱা যায় । মাত্ৰ ৩০ দিনত ভাগতী বৰবৰুৱাই বৰাহীবাৰীক সুৰক্ষা দিবৰ কাৰণে ওখকৈ ঢাপ মাৰি যেনেদৰে সৌন্দৰ্যবৰ্ধন কৰিছিল, যেনেদৰে সুৰক্ষাৰ ভেঁটি গঢ়ি তুলিছিল, সেয়া বিৰল বুলি ক'ব লাগিব ।

এটা সময়ত বৰাহীবাৰীৰ ঢাপ যথেষ্ট ওখ আছিল । কথিত আছে যে ৰংপুৰৰ ৰাজকাৰেংৰ পৰা এই ঢাপ দেখা পোৱা গৈছিল । স্বৰ্গদেৱে বৰবৰুৱাৰ বাৰী আৰু ঢাপৰ বিষয়ে শুনিবলৈ পাই এদিন মন্ত্ৰীক চাবলৈ বুলি পঠাইছিল । কিন্তু মন্ত্ৰীয়ে বৰবৰুৱাক মিছাকৈ বৰাহীবাৰীৰ ঢাপ ওখ হোৱাত অসন্তোষ কৰা বুলি প্ৰকাশ কৰি ঢাপ খহাই চাপৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।

তেতিয়াৰ পৰা বৰাহীবাৰীৰ ঢাপ চাপৰ হ'ল । সম্প্ৰতি এই ঐতিহাসিক বৰঢাপ খান্দি প্ৰায় নিঃশেষ কৰিছে একাংশ দুষ্টচক্ৰই । বৰঢাপৰ মাটি খান্দি ৰাস্তা বনোৱা, বৰঢাপৰ মাটি খান্দি পৰিয়ালৰ ভেঁটি বনোৱা, ঘৰ মচা, চাহ-বাগিচা পতাৰ ফলত বৰঢাপ নিচিহ্ন হৈ উঠিছে । বৰঢাপক স্থানীয় একাংশ লোকেই এতিয়া ধ্বংসৰ ফালে গতি কৰাইছে ।

এনে সময়তে বৰঢাপৰ কিছু অৱশিষ্ট অংশ একাংশ সচেতন লোকে জেচিবি লগাই নিঃশেষ কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ঐতিহাসিক এক সম্পদক ধ্বংস কৰা এনে লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ দাবী জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাই ।

লগতে পঢ়ক : দায়িত্বজ্ঞানহীন অইল ! পুনৰ তৈলক্ষেত্ৰৰ খননত নিয়োজিত ‘জন এনাৰ্জী’ - OIL rig in Naharkatia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.