ETV Bharat / state

ৰাজ্যৰ ৫০ হাজাৰ থলুৱা স্বৰ্ণশিল্পীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ - All Assam Swarna Silpi Samiti

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:19 PM IST

Jewellery Industry : ভাৰতৰ প্ৰতিখন ৰাজ্যতে সোণৰ মূল্য বেলেগ বেলেগ ৷ কেতবোৰ কাৰণ যেনে কৰ, পৰিবহণ ব্যয়, স্থানীয় চাহিদা আৰু চৰকাৰৰ নিয়মৰ বাবে এই মূল্য বেলেগ বেলেগ । পিছে এতিয়া সকলো ৰাজ্য়তেই এক দাম হ'ব ।

All Assam Swarna Silpi Samiti
নিখিল অসম স্বৰ্ণশিল্পী সমিতি (ETV Bharat Assam)

গুৱাহাটী, ৯ আগষ্ট: সোণৰ দামৰ ক্ষেত্ৰত চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্য়ৰ স্বৰ্ণশিল্পীসকল । অসমৰ স্বৰ্ণশিল্পী সকলে 'এক দেশ এক দাম'ৰ বিৰোধিতা কৰি 'এক ৰাজ্য় এক দাম' কৰাৰ দাবী উত্থাপন কৰিছে । শুকুৰবাৰে নিখিল অসম স্বৰ্ণশিল্পী সমিতিয়ে উদযাপন কৰা ৬২ সংখ্যক সংহতি দিৱসত এইদৰে দাবী উত্থাপন কৰিছে স্বৰ্ণশিল্পীসকলে ।

থলুৱা স্বৰ্ণশিল্পীৰ ব্যৱসায় ৪০ % হ্ৰাস:

কেন্দ্ৰীয় চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে সৰৱ হৈ অখিল ভাৰত স্বৰ্ণকাৰ সংঘৰ সাধাৰণ সম্পাদক তগৰ পোদ্দাৰে কয় ,"পুঁজিপতিৰ আগ্ৰাসনত বঞ্চিত হৈছে থলুৱা স্বৰ্ণশিল্পীসকল । সোণৰ ব্যৱসায়ত পুঁজিপতিৰ আগ্ৰাসন হোৱাৰ ফলত থলুৱা স্বৰ্ণশিল্পীসকলৰ ব্যৱসায় দেশজুৰি ৪০ % হ্ৰাস পাইছে ।" তেওঁ পুনৰ কয়," সমগ্ৰ দেশতে ডাঙৰ ডাঙৰ শ্বৰূম স্থাপনৰ ফলত পৰম্পৰাগতভাৱে থলুৱা সোণৰ ব্যৱসায় কৰি অহা স্বৰ্ণশিল্পীসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে । থলুৱা স্বৰ্ণশিল্পীসকলক নিঃশেষ কৰিছে । এই সকলৰ বিৰুদ্ধে আমাৰ যুঁজ । বজাৰ মূল্যতকৈ কম মূল্যত সোণ দি মজুৰি অধিক লৈ গ্ৰাহকক ঠগি আহিছে । সমগ্ৰ দেশতে সোণৰ ব্যৱসায়ীত পুঁজিপতিৰ আগ্ৰাসন হোৱাৰ ফলত থলুৱা স্বৰ্ণশিল্পীৰ ৪০% ব্যৱসায়ী হ্ৰাস পাইছে ।"

ৰাজ্যত আছে ৫০ হাজাৰ থলুৱা স্বৰ্ণশিল্পী :

আনহাতে, নিখিল অসম স্বৰ্ণশিল্পী সমিতিৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক নয়ন চন্দ্ৰ ধৰ কয়," সোণৰ ব্যৱসায়ত পুঁজিপতিৰ আগ্ৰাসনত ৰাজ্যৰ ৫০ হাজাৰ থলুৱা স্বৰ্ণশিল্পীৰ ভাতেমৰা অৱস্থা হৈছে । এইক্ষেত্ৰত চৰকাৰে দৃষ্টি দিব লাগে । তদুপৰি ৰাজ্যখনত সকলোতে একে দামত সোণ বিক্ৰী হ'ব লাগে । "

বিত্তমন্ত্ৰীলৈ প্ৰেৰণ কৰিব স্মাৰক পত্ৰ :

নিখিল ভাৰত স্বৰ্ণশিল্পী সমিতিৰ সাংগঠনিক সম্পাদক আশীষ মজুমদাৰে কয়," চৰকাৰে যি ধৰণে সমগ্ৰ দেশতে এক দেশ এক দাম নীতি গ্ৰহণ কৰিব বিচাৰিছে । তাৰ আমি বিৰোধিতা কৰিছো । প্ৰতিখন ৰাজ্যতহে এক দাম কৰিব লাগে । অতি শীঘ্ৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিম ।"

উল্লেখ্য যে শুকুৰবাৰে নিখিল অসম স্বৰ্ণশিল্পী সমিতিয়ে ৬২ সংখ্যক সংহতি দিৱস উদযাপন কৰে । পাণবজাৰৰ হৰিসভাত অনুষ্ঠিত উক্ত সভাত চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে স্বৰ্ণশিল্পীসকল ।

লগতে পঢ়ক:কেন্দ্ৰীয় বাজেটত ডাঙৰ ঘোষণা: হ্ৰাস পাব সোণ-ৰূপৰ মূল্য ! - India Budget 2024

এক ৰাষ্ট্ৰ-এক সোণৰ মূল্য নীতি : সমগ্ৰ ভাৰতত একে হ’ব সোণৰ দাম ! - ONE NATION ONE RATE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.