ETV Bharat / state

জাহাংগীৰ হুছেইনৰ ন্যায়ৰ দাবীৰে জিলা আয়ুক্তক স্মাৰকপত্ৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ - Dhakuakhana murder case

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:36 AM IST

Jahangir Hussain murder case : বৰ্তমানেও পোহৰলৈ অহা নাই জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ ৰহস্যৰ ৷ বৰ্তমানেও জাহাংগীৰৰ শৰীৰৰ কোনো অৱশিষ্ট অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ জাহাংগীৰ হুছেইনৰ মুণ্ডৰ লগতে শৰীৰৰ অৱশিষ্ট অংশ শীঘ্ৰে উদ্ধাৰৰ দাবী তুলি ধুবুৰী আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ ।

All Assam Garia Maria Desi Jatiya Parishad send memorandum to recover any remains of the jahangir hussain body
জাহাংগীৰ হুছেইনক ন্যায় প্ৰদানৰ দাবী তুলি ধুবুৰী আয়ুক্তলৈ স্মাৰক পত্ৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ (ETV Bharat Assam)

ধুবুৰী, 26 জুন: ৰাজ্য কঁপোৱা জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড সন্দৰ্ভত এতিয়াও ৰাজ্যত অব্যাহত প্ৰতিবাদ-প্ৰতিক্ৰিয়াৰ ৷ মঙলবাৰে এই সন্দৰ্ভত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে ঘটনাটোৰ সুবিচাৰ তথা ন্যায় দাবী কৰি জিলা আয়ুক্তলৈ স্মাৰক পত্র প্ৰদান কৰে । স্মাৰক পত্রযোগে সমিতিয়ে জাহাংগীৰ হুছেইনৰ‍ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে জাহাংগীৰ হুছেইনৰ মুণ্ডৰ লগতে শৰীৰৰ অৱশিষ্ট অংশ পৰিয়ালক গতাই দিবলৈ লক্ষীমপুৰ আৰক্ষীক দাবী জনায় ।

All Assam Garia Maria Desi Jatiya Parishad send memorandum to recover any remains of the jahangir hussain body
ধুবুৰী আয়ুক্তলৈ স্মাৰক পত্ৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ (ETV Bharat Assam)

ইয়াৰ লগতে, ভুক্তভোগী জাহাংগীৰ হুছেইনৰ দুগৰাকীকৈ কণমানি ছোৱালীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্ভগীয়া পৰিয়ালটোক এককালীনভাবে 10 লাখ টকা সাহায্য প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱা হয় স্মাৰক পত্ৰযোগে ।

লগতে পঢ়ক: সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case

উল্লেখ কৰা প্ৰয়োজন যে, লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ শিহৰণকাৰী হত্যাকাণ্ডৰ বলি হোৱা জাহাংগীৰৰ ভাতৃ জহিদুৰে প্ৰায় এক সপ্তাহ লখিমপুৰতেই আছিল যদিও মৃতদেহৰ কোনো অৱশিষ্ট অংশ নোপোৱা বাবেই ভাতৃ জহিদুৰে সোমবাৰে ওভতি আহিবলৈ বাধ্য হয় ধুবুৰী জিলাৰ গৌৰীপুৰৰ ফলিমাৰিৰ দুই নম্বৰ গাঁৱলৈ ।

লখিমপুৰৰ ঢকুৱাখনাত জাহাংগীৰ হুছেইনৰ মৃত্যুৰ খবৰ নিশ্চিত হোৱাৰ পিচতে শোকত ভাঙি পৰে পৰিয়ালটো ৷ পৰিয়ালটোৱে আজিও জানাজা সম্পন্ন কৰাৰ বাবে জাহাংগীৰৰ মৃতদেহ বিচাৰি আছে ৷ অভিযোগ অনুসৰি বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈৰ কুৎসিত অভিসন্ধিৰ বাবে অকালতে মৃত্যু ঘটে জাহাংগীৰ হুছেইনৰ ৷ অৱশ্যে এই ঘটনাৰ কেবাদিনো পাৰ হ’ল যদিও জাহাংগীৰৰ পৰিয়ালে আজিও সম্পন্ন কৰিব পৰা নাই জাহাংগীৰৰ শেষকৃত্য । জাহাংগীৰৰ শৰীৰৰ কোনো অৱশিষ্ট অংশ নোপোৱা বাবেই জানাজা সম্পন্ন কৰিব পৰা নাই পৰিয়ালটোৱে ।

লগতে পঢ়ক: ডি এন এ ৰিপ’ৰ্টতহে ধৰা পৰিব অৱশিষ্টখিনি কাৰ ! ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যা সন্দৰ্ভত ডিজিপিৰ প্ৰতিক্ৰিয়া - DHAKUAKHANA MURDER CASE

আনহাতে, হত্যাকাণ্ডস্থলীত মৃতদেহৰ যি অৱশিষ্ট আছিল, সেয়াও আৰক্ষীয়ে উদ্ধাৰ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে । নৃশংস ঘটনাটো সংঘটিত হোৱাৰ পিচৰে পৰা লখিমপুৰতে আছিল জাহাংগীৰৰ ভাতৃ জহিদুৰ । জ্যেষ্ঠ ভাতৃৰ জীৱিত অথবা মৃত খবৰৰ অপেক্ষাত আছিল ভাতৃ জহিদুৰ । কিন্তু জ্যেষ্ঠ ভাতৃৰ শৰীৰৰ অৱশিষ্ট কোনো অংশ উদ্ধাৰ নোহোৱাত সোমবাৰে তেওঁক আৰক্ষীয়ে যাবলৈ দিয়ে ।

ইয়াৰ পাচতে বিষয়টোৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু ভুক্তভোগী-ভুক্তভোগীৰ পৰিয়ালৰ ন্যায় দাবী কৰিছে ৷

লগতে পঢ়ক: সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধান - Dhakuakhana Murder Case

জাহাংগীৰ হত্য়াকাণ্ডৰ তদন্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আমছুৰ - Dhakuakhana Murder Case

ঢকুৱাখনাৰ হত্যাকাণ্ড : মাৰাথন জেৰা অভিযুক্তৰ পৰিয়ালৰ সদস্যক - Dhakuakhana murder case

সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধান - Dhakuakhana Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.