যোৰহাট,২৬ মাৰ্চ: "ৰাইজৰ প্ৰতি মোৰ বিশ্বাস আছে । মই নথকাকৈ ৰাইজে মোক বিপুল ভোটত জয়ী কৰাইছে আৰু সেই বিধানসভা সমষ্টিত মোক ভোট দিয়া ৰাইজে অধিক ভোটত গৌৰৱ গগৈক জিকাব । মোৰ বিধানসভা সমষ্টিত মোক যিমান ভোটত ৰাইজে জয়ী কৰাইছে তাতকৈ অধিক ভোটত গৌৰৱ গগৈক জয়ী কৰাব । এই আশা মই অন্তৰত পুহি ৰাখিছো আৰু সেইদৰেই মই ৰাইজক কৈ আছো ।" যোৰহাটত উপস্থিত হৈ গৌৰৱ গগৈ প্ৰসংগত এই মন্তব্য বিধায়ক অখিল গগৈৰ ।
লগতে তেওঁ কয় যে, বৰ্তমান সময়ত গৌৰৱ গগৈৰ পক্ষত এক সাংঘাতিক জোৱাৰ আহিছে । সকলো ঠাইতে শিক্ষিত, সচেতন মানুহবোৰে কৈছে, "গৌৰৱ গগৈক ভোট নিদি আমি কাক ভোট দিম । গৌৰৱ গগৈ আমাৰ ভৱিষ্যৎ ।" দিল্লীত অসমৰ কণ্ঠ হৈছে গৌৰৱ গগৈ আৰু সেই কণ্ঠক ভোট নিদি ৰাইজে কাক ভোট দিব বুলি উল্লেখ কৰে বিধায়ক গগৈয়ে ।
লগতে তপন কুমাৰ গগৈক সমালোচনা কৰি অখিল গগৈয়ে কয় যে, যিজন মানুহে অসমতে কথা কব নোৱাৰে, অসমতে নিষ্ক্ৰিয়, সেইজন মানুহক ভোট দি অসমৰ কোনো উন্নয়ন সম্ভৱ নহয় । শিক্ষিত মানুহ এশ শতাংশই গৌৰৱ গগৈক ভোট দিব আৰু যিসমূহ লোক ভিতৰুৱা অঞ্চলত আছে, যি সকলে হয়তো গৌৰৱ গগৈৰ খবৰ পোৱা নাই, সেই সকলক একত্ৰিত কৰি আগবঢ়াই লৈ আহিব লাগিব বুলি তেওঁ উল্লেখ কৰে ।
বৰ্তমান সময়ত যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ সাংগঠনিক স্থিতি দুৰ্বল বুলি কয় অখিল গগৈয়ে । শিক্ষিত অঞ্চল, চহৰ অঞ্চলৰ বাবে কোনো অসুবিধা নাই আৰু ভিতৰুৱা অঞ্চলত বাস কৰা শিক্ষিত ৰাইজ, বাতৰি চোৱা বা পঢ়া ৰাইজৰ বাবে অসুবিধা নাই । কিন্তু বহু লোক আছে যি নিজৰ জীৱন যাত্ৰা, খেতি আদিৰ লগত জড়িত হৈ থাকে । সেইসমূহক বিৰোধী ঐক্য মঞ্চই সংগঠিত কৰিব লাগিব আৰু ইয়াৰ বাবে কংগ্ৰেছ দলে আৰু সক্ৰিয় ভাবে কাম কৰিব লাগিব বুলি মন্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে ।
"আমি আৰু অধিক কাম কৰিব লাগিব গৌৰৱ গগৈৰ বাবে আৰু ইয়াৰ বাবে জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান যে সকলো আহক দিল্লীত অসমৰ কণ্ঠ শক্তিশালী কৰিবৰ বাবে গৌৰৱ গগৈক জয়ী কৰাও । কিয়নো গৌৰৱ গগৈ এক বলিষ্ঠ কণ্ঠ । কংগ্ৰেছ দলৰ বুলি নহয় গৌৰৱ গগৈ বুলি জয়ী কৰাওক গৌৰৱ গগৈক ।" এই আহ্বান অখিল গগৈৰ ।
লগতে তেওঁ কয় যে, দিল্লীত যদি আমি এগৰাকী কণ্ঠ শক্তিশালী মানুহক পঠিয়াব নোৱাৰো তেন্তে অসমবাসীৰ কোনো লাভ নাই । নৰেন্দ্ৰ মোদীৰ চকুত চকু থৈ অসমৰ সমস্যাৰ কথা ক'ব পৰা এজন ব্যক্তিক যোৰহাট, চৰাইদেউ, মাজুলী, শিৱসাগৰবাসী ৰাইজে আগবঢ়াই দিব লাগিব বুলি আহ্বান জনাই বিধায়ক গগৈয়ে ।
ইফালে পীযুষ হাজৰীকাই অজস্ৰ ধন লৈ যোৰহাটত বহি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ধনবলৰ দিশৰ পৰা বিৰোধী ঐক্যমঞ্চ দুখীয়া । সেইবাবে তেওঁ সকলোকে নিজৰ সামৰ্থ অনুসৰি আগবাঢ়ি আহিবলৈ আহ্বান জনায় । লগতে এক আন্দোলন হিচাপে লৈ গৌৰৱ গগৈৰ জয় নিশ্চিত কৰিব লাগিব তেওঁ দাবী জনায় । আনহাতে বিধায়কগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তেওঁ কয়, "মুখ্যমন্ত্ৰীয়ে নকয় কি, ছাগলীয়ে নাখাই কি ? হিমন্ত বিশ্ব শৰ্মাক আৰু তাতকৈ ভাল উদাহৰণ দিব নোৱাৰি । তেওঁ মূল্যবোধৰ ৰাজনীতি পাহৰি পেলাইছে । "
লগতে পঢ়ক: পিতৃ-মাতৃক সেৱা কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে লুৰীণজ্যোতি গগৈয়ে - LOK SABHA ELECTION 2024