ETV Bharat / state

বিধানসভালৈ বনোৱা বেনাৰ লৈ হাস্পতালৰ পৰাই অখিল গগৈৰ প্ৰতিবাদ - Miya row - MIYA ROW

Assam CM over Miya row: ‘‘মিয়া অ’ মিয়া ২০২৬ৰ বৈতৰণীটো পাৰ কৰি দিয়া’’—শীৰ্ষক শ্ল’গান লিখা বেনাৰ লৈ হাস্পতালৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে শুকুৰবাৰে অখিল গগৈৰ প্ৰতিবাদ ৷

Assam CM over Miya row
Miya row (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 10:09 PM IST

গুৱাহাটী, ৩০ আগষ্ট: আজি সামৰণি পৰা অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ শেষৰ দিনা হাস্পতালৰ বিচনাৰ পৰাই মিঞা বিতৰ্কক লৈ সৰৱ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷ বিধানসভাত প্ৰতিবাদ কৰিবৰ বাবে অখিল গগৈয়ে সাজু কৰা এখন বেনাৰক লৈ চৰ্চা তুংগত উঠিছে । মিঞা প্ৰসংগক লৈ চলিত বিধানসভাৰ প্ৰায় আটাইকেইদিনেই উত্তাল হৈ পৰে । স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই দিনকেইটাত মিঞা প্ৰসংগ লৈ আক্ৰমণাত্মক হৈ পৰে ৷ ইয়াৰ বিৰোধিতাৰে হাস্পতালৰ বিচনাৰ পৰাই অখিল গগৈয়ে আজি এখন বেনাৰ লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

হাস্পতালৰ পৰাই অখিল গগৈৰ প্ৰতিবাদ (ETV Bharat)

শাৰীৰিক অসুস্থতাৰ বাবে বিধায়ক অখিল গগৈ বুধবাৰৰ নিশাৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থাকিবলগীয়া হৈছে ৷ বৃহস্পতিবাৰে বিধানসভাৰ অধিৱেশনত যোগদান কৰাৰ পৰা বিৰত থাকিবলগীয়া হয় বিধায়ক গগৈ । সেয়ে অধিৱেশনৰ শেষৰ দিনা তেওঁ বিধানসভাত এখন বেনাৰেৰে প্ৰতিবাদ কৰাৰ বাবে প্ৰস্তুতি চলিইছিল । বেনাৰত থকা কাৰ্টুনত লিখা আছিল— "মিয়া অ’ মিয়া ২০২৬ৰ বৈতৰণীটো পাৰ কৰি দিয়া ৷" লগতে বেনাৰখনত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিঞা বেশভূষাৰে এজন ব্যক্তি ৷ এই বেনাৰখন লৈ জি এম চি এইচৰ পৰাই অখিল গগৈয়ে দিলে এক ভিডিঅ’ বাৰ্তা ৷ চিকিৎসকৰ অনুমতি নোপোৱাৰ বাবে আজি বিধানসভালৈ যাব নোৱাৰিলে বিধায়ক অখিল গগৈ ।

বিধানসভাৰ অধিৱেশনৰ প্ৰতিটো দিনতেই মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে মিঞা আৰু হিন্দু প্ৰসংগৰে ৰাজনীতি কৰাৰ অভিযোগ অখিল গগৈৰ ৷ অখিলৰ মন্তব্য “অসম বিধানসভাত এইবাৰ কেৱল এটা বিষয়েই কেন্দ্ৰবিন্দু হৈ থাকিল । সেয়া হ’ল মিঞা ৷ সেয়ে আমি প্ৰতিবাদৰ বাবে এখন বেনাৰ প্ৰস্তুত কৰিছিলো এইদৰে—“'মিয়া অ’ মিয়া ২০২৬ৰ বৈতৰণীটো পাৰ কৰি দিয়া’। এয়াই যেন আজিৰ দিনটোত বিজেপি আৰু চৰকাৰখনৰ একমাত্ৰ ধ্যান-ধাৰণা ৷ ৰাজ্যখন জলন্ত সমস্যাৰাজিৰ পৰা ধ্যান আঁতৰাই ৰাখি কেৱল ২৪ ঘণ্টাই মিঞা মিঞা কৰি থাকে । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এক সংঘৰ্ষময় আৰু সাম্প্ৰদায়িক নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে চৰকাৰখনে আমি তাৰ প্ৰতিবাদ কৰিবলৈ এই বেনাৰখন প্ৰস্তুত কৰিছিলো ৷” লগতে বেনাৰখন প্ৰস্তুত কৰি প্ৰিণ্ট কৰা ব্যৱসায়ী প্ৰতিষ্ঠানৰ ওপৰতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক: মিঞাৰ পিঠিত উঠি ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বুলি ভাবিছে কংগ্ৰেছে: ভুবন পেগু - Miya Row

বিভাজন নীতিত ব্ৰিটিছতকৈ ওস্তাদ মুখ্যমন্ত্ৰী হিমন্ত: গৌৰৱ গগৈ - Gaurav Gogoi slams Assam CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.