ETV Bharat / state

জয়ন্ত বৰুৱাক 'জননী গৌৰৱ' বঁটা প্ৰদান - AJYP presents Janani Gaurav award

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 10:03 PM IST

Award to Jayanta Baruah: অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ, ব্ৰেইলী সংস্কৰণৰ অধ্যক্ষ জয়ন্ত বৰুৱাক 'জননী গৌৰৱ' বঁটা প্ৰদান । ৰাজ্যৰ জাতীয়-জনগোষ্ঠীয় নেতৃত্বৰ উপস্থিতিত বৰুৱাক প্ৰদান কৰা হয় এই বঁটা ।

AJYP presents 'Janani Gaurav' award to Jayanta Baruah at Golaghat
জয়ন্ত বৰুৱাক 'জননী গৌৰৱ' বঁটা প্ৰদান (ETV Bharat Assam)

গোলাঘাট,২৫ জুলাই: গোলাঘাট নগৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত বৃহস্পতিবাৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ, ব্ৰেইলী সংস্কৰণৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ আগবঢ়োৱা হয় 'জননী গৌৰৱ বঁটা' । গোলাঘাট জিলা পুথিভঁৰালত ৰাজ্যখনৰ ৩০ টাৰো অধিক জাতীয়-জনগোষ্ঠীয় নেতৃবৃন্দৰ উপস্থিতিত সংগঠনটোৱে জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা 'জননী গৌৰৱ বঁটা' গ্ৰহণ কৰি আবেগিক হৈ পৰে বৰুৱা ।

যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বঁটা গ্ৰহণ কৰি বৰুৱাই কয়,"যি নামেৰে নামাকৰণ কৰি মোক বঁটা প্ৰদান কৰা হৈছে, সেই নামটোৱে এক বিশাল সত্ত্বাক সামৰি লয় । আমি জন্মলাভ কৰা এই অসমভূমি মোৰ বা আপোনালোকৰ বাবে জননী । সেয়েহে জননীৰ নামত উৎসৰ্গিত এনে এক পবিত্ৰ বঁটাৰ বাবে মই উপযুক্ত হওঁ নে নহও, সেই বিচাৰৰ ভাৰ অসমৰ ৰাইজৰ ওপৰত ন্যস্ত কৰিলো । জননীৰ বাবে কি সেৱা আগবঢ়াব পাৰিছো নাজানো, কিন্ত আমাৰ প্ৰ-পিতামহ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই দেখুৱাই যোৱা আদৰ্শ আৰু জাতি-মাটিৰ প্ৰতি থকা দায়বদ্ধতাৰে তেখেতে কৰি যোৱা কামখিনি আগুৱাই নিয়াৰ বাবে আন্তৰিক প্ৰচেষ্টা অব্যাহত ৰাখিছো ।"

লগতে তেওঁ কয়," এটা জাতি জীয়াই থাকে ভাষা আৰু সংস্কৃতিক লৈ । আমাৰ জাতীয় সুৰক্ষাৰ সংগ্ৰামখনৰ লগতে এইবোৰ দিশৰ প্ৰতিও সজাগ-সচেতন হৈ থাকিব লাগিব । জাতীয় জীৱনক সঠিকভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ দায়িত্ব আৰু কৰণীয় দিনকদিনে বৃদ্ধি পাইছে ।"

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে আঁত ধৰা মুকলি সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক, আদৰণী সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞাই । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বাৰ্ষিক মুখপত্ৰ 'অসমীয়া' উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই ।‌ সংগঠনটোৰ বাৰ্ষিক মুখপত্ৰ 'অসমীয়া' উন্মোচন কৰি উন্মোচনী ভাষনত হেমচন্দ্ৰ বৰুৱাৰ কৰ্মৰাজীক স্মৰণ কৰাৰ লগতে অসমীয়া জাতীয় জীৱনত বিশেষ অৰিহণা আগবঢ়োৱা জয়ন্ত বৰুৱাৰ কৰ্মৰাজিৰ শলাগ লয় ।

লগতে পঢ়ক: ড৹ নগেন্দ্র নাথ শর্মা-ইদ্রিছ আলীলৈ 'দৰং ৰত্ন' সন্মান - Darrang Sahitya Sabha

বিশিষ্ট লেখক-সাংবাদিক পবিত্ৰ বৰাক অসম সাহিত্য সভাৰ 'জয়ছিং হাঞ্চে বঁটা' প্ৰদান - Assam Sahitya Sabha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.